এইবাৰ কিতাপৰ পাতত অপাৰেচন সেন্দুৰ! এই শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা

বিদ্যালয়ৰ পাঠক্ৰমত এইবাৰ শিক্ষাৰ্থীসকলে পঢ়িবলৈ পাব অপাৰেচন সেন্দূৰৰ বিষয়ে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ শক্তিশালী অভিযান ‘অপাৰেচন সেন্দূৰ’ৰ বিষয়ে পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হ’ব।

এইবাৰ কিতাপৰ পাতত অপাৰেচন সেন্দুৰ! এই শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা

অপাৰেচন সেন্দূৰ অন্তৰ্ভুক্ত হ’ব পাঠ্যক্ৰমত

Published: 

27 Jul 2025 | 03:27 PM

ভাৰতীয় সেনাৰ অসীম সাহস আৰু বীৰত্ব গাঁথা অপাৰেচন সেন্দূৰ এইবাৰ সন্নিৱিষ্ট হ’ব কিতাপৰ পাতত। বিদ্যালয়ৰ পাঠক্ৰমত এইবাৰ শিক্ষাৰ্থীসকলে পঢ়িবলৈ পাব অপাৰেচন সেন্দূৰৰ বিষয়ে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ শক্তিশালী অভিযান ‘অপাৰেচন সেন্দূৰ’ৰ বিষয়ে পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হ’ব। অতি সোনকালেই ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, চমুকৈ NCERT- এ ‘অপাৰেচন সেন্দূৰ’ সম্পৰ্কে এক অধ্যায় সন্নিৱিষ্ট কৰাৰ পৰিকল্পনা কৰিছে। প্ৰকাশিত খবৰ অনুসৰি ‘অপাৰেচন সেন্দূৰ’ তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ’ব।

ইতিপূৰ্বে পুলৱামা আৰু উৰিৰ ঘটনাৰ বিষয়েও পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছিল। এতিয়া শিক্ষাৰ্থীসকলে পঢ়িবলৈ পাব অপাৰেচন সেন্দূৰৰ বিষয়ে। সূত্ৰ অনুসৰি প্ৰতিটো শ্ৰেণীতে অপাৰেচন সেন্দূৰ সন্দৰ্ভত আঠৰ পৰা দহ পৃষ্ঠাৰ অধ্যায় থাকিব। ভাৰতীয় সেনাৰ বীৰত্ব আৰু পাকিস্তানৰ পৰাজয়ৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক অৱগত কৰাৰ বাবে NCERT- এ এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

ইফালে অপাৰেচন সেন্দূৰৰ লগতে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ বিষয়েও পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব বুলি জানিব পৰা গৈছে। সুদীৰ্ঘ ৪১ বছৰৰ পিছত এগৰাকী ভাৰতীয় হিচাপে শুভাংশু শুক্লাই মহাকাশ যাত্ৰাৰ জৰিয়তে দেশবাসীক ঐতিহাসিক ক্ষণৰ সাক্ষী কৰি তুলিছিল।

উল্লেখ্য যে চলিত বৰ্ষৰ ২২ এপ্ৰিলত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে এক ভয়ংকৰ আক্ৰমণ চলাইছিল জম্মু-কাশ্মীৰৰ পহলগামত। এই আক্ৰমণত ২৬ গৰাকী নিৰীহ পৰ্যটকে প্ৰাণ হেৰুৱাইছিল। এই ঘটনাৰ ১৫ দিন পাছত ৭ মে’ত ভাৰতে পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী শিবিৰত বিমান আক্ৰমণ চলায়। ভাৰতীয় সেনাৰ এই নিখুঁত আক্ৰমণত বহু সন্ত্ৰাসবাদী শিবিৰ ধ্বংস হৈছিল।

এতিয়া পাঠ্যপুথিৰ জৰিয়তে ভাৰতীয় সেনাৰ সাহসিকতাৰ এই নিদৰ্শন যুগমীয়া কৰি তোলা হ’ব। ভাৰতীয় সেনাই কিদৰে সন্ত্ৰাসবাদীৰ আত্মগোপন ঘাটি ধ্বংস কৰিছিল, সেই বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক জানিবলৈ দিয়া হ’ব।  NCERT- এ এনে পদক্ষেপৰ দ্বাৰা বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত এক বিশ্লেষণাত্মক মানসিকতা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি সজাগতা গঢ়ি তোলাৰ লক্ষ্য লোৱা বুলি ক’ব পাৰি।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...