ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
বিশেষ আদালতে ২০১০ চনৰ ৬ মে’ত আজমল কাছাবক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। একেদৰে আজিৰ দিনটোতে মতিলাল নেহৰুৰ জন্ম হয়। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা ।

২০০৮ চনৰ ২৬ নৱেম্বৰৰ সেই দিনটোৱে দেশৰ প্ৰতিজন নাগৰিকৰ আতংকিত কৰি তুলিছিল । দেশৰ ব্যৱসায়িক ৰাজধানী মুম্বাইত দহজন সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰিছিল । নিৰাপত্তা বাহিনীয়ে ৯ জন সন্ত্ৰাসবাদীক হত্যা কৰাৰ বিপৰীতে আজমল কাছাবক জীৱিত অৱস্থাত বন্দী কৰা হয়। এই আক্ৰমণত ১৬৬ জন লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হয়। বিশেষ আদালতে ২০১০ চনৰ ৬ মে’ত কাছাবক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।
দেশ আৰু বিশ্বৰ ইতিহাসত ৬ মে’ৰ দিনটোত লিপিবদ্ধ হোৱা আন আন পৰিঘটনা
- ১৫২৯ চনৰ আজিৰ দিনটোতে বংগৰ আফগান শাসক নছৰত শ্বাহে গোগ্ৰা নদীৰ পাৰত হোৱা যুদ্ধত বাবৰৰ হাতত পৰাজয়ৰ সন্মুখীন হয়।
- ১৮৫৭ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগ থলুৱা পদাতিক বাহিনীৰ ৩৪ নং ৰেজিমেণ্ট ভংগ কৰে। ৰেজিমেণ্টৰ এজন সৈনিক মংগল পাণ্ডেই ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল।
- ১৮৬১ চনৰ আজিৰ দিনটোতে মতিলাল নেহৰুৰ জন্ম হয়।
- ১৯৪২ চনৰ আজিৰ দিনটোতে ফিলিপাইনছত থকা আমেৰিকান সেনাৰ শেষৰটো দলে জাপানৰ ওচৰত আত্মসমৰ্পণ কৰে।
- ১৯৬০ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনৰ ৰাণীৰ কনিষ্ঠ ভগ্নী ৰাজকুমাৰী মাৰ্গাৰেট আৰু এণ্টনি আৰ্মষ্ট্ৰং জ’নৰ বিবাহ হয়। লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ এবেত অনুষ্ঠিত এই বিবাহ অনুষ্ঠানটো প্ৰায় দুই কোটি লোকে টেলিভিছনত চাইছিল।
- ১৯৭৬ চনৰ আজিৰ দিনটোতে উত্তৰ-পূব ইটালীত হোৱা বিশাল ভূমিকম্পত কমেও ১০০০ লোকৰ মৃত্যু হয়। তিনিবাৰকৈ ভূমিকম্পৰ কম্পন অনুভূত হৈছিল। ইয়াৰ ভিতৰত আটাইতকৈ শক্তিশালী ভূমিকম্পটো আছিল ৬.৫ প্ৰাবল্যৰ। ভূমিকম্পৰ অঞ্চল ইমানেই বহল আছিল যে পোলেণ্ডলৈকে ইয়াৰ কম্পন অনুভূত হৈছিল।
- ২০১০ চনৰ আজিৰ দিনটোতে মুম্বাই আক্ৰমণৰ সন্ত্ৰাসবাদীৰ ভিতৰত জীৱিত অৱস্থাত ধৰা পৰা একমাত্ৰ সন্ত্ৰাসবাদী আজমল কাছাবক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।