ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…

আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস । এই দিনটোত সংবাদ মাধ্যমৰ স্বাধীনতাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান ঘটনা পৰিঘটনা ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা...
Published: 

03 May 2025 | 06:45 AM

৩ মে’ৰ দিনটোক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে বিশ্ব প্ৰেছ স্বাধীনতা দিৱস হিচাপে ঘোষণা কৰে । এই দিনটোত সংবাদ মাধ্যমৰ স্বাধীনতাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । লগতে এই দিনটোৱে ১৯৪৮ চনৰ মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাৰ ১৯ নং অনুচ্ছেদৰ অধীনত সন্নিৱিষ্ট মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰক সন্মান আৰু ৰক্ষা কৰাৰ কৰ্তব্যৰ বিষয়ে সোঁৱৰাই দিয়ে ।

চাওঁ আহক ইতিহাসৰ আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা

  1. ১৬৬০ চনৰ আজিৰ দিনটোতে ছুইডেন, পোলেণ্ড আৰু অষ্ট্ৰিয়াই অলিভাৰ শান্তি চুক্তিত স্বাক্ষৰ কৰে।
  2. ১৭৬৪ চনৰ আজিৰ দিনটোতে বংগৰ নবাব মিৰ কাছিম ইংৰাজৰ হাতত পৰাস্ত হয়।
  3. ১৭৬৫ চনৰ আজিৰ দিনটোতে ফিলাডেলফিয়াত প্ৰথমখন আমেৰিকান মেডিকেল কলেজ মুকলি হয়।
  4. ১৯৬১ চনৰ আজিৰ দিনটোতে কমাণ্ডাৰ এলান শ্বেপাৰ্ড মহাকাশলৈ যোৱা প্ৰথমজন আমেৰিকান মহাকাশচাৰী হিচাপে পৰিগণিত হয়।
  5. ১৯৬৫ চনৰ আজিৰ দিনটোতে কম্বোডিয়াই আমেৰিকাৰ সৈতে কূটনৈতিক সম্পৰ্কৰ অন্ত পেলায়।
  6. ১৯৬৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ তৃতীয় ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ মৃত্যু।
  7. ১৯৯৩ চনত ৰাষ্ট্ৰসংঘই আজিৰ দিনটোক বিশ্ব সংবাদ স্বাধীনতা দিৱস হিচাপে ঘোষণা কৰে।
  8. ১৯৯৮ চনৰ আজিৰ দিনটোতে ইউৰোক ইউৰোপীয় মুদ্ৰা হিচাপে গ্ৰহণ কৰা হয়।

লগতে পঢ়ক : আজি শনিবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক ৰাশিফল

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...