Job: স্নাতক উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব? জানক সকলো…

Job: স্নাতক উত্তীৰ্ণ হৈ চাকৰি বিচাৰি আছে নেকি? তেন্তে আছে এক ভাল খবৰ। ওলাইছে চাকৰি। গতিকে যদি স্নাতক শেষ হোৱাৰ পাছত চাকৰি বিচাৰি আছে তেন্তে কৰিব পাৰে আবেদন।

Job: স্নাতক উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰিঃ কত, কেনেকৈ আবেদন কৰিব? জানক সকলো...

চাকৰি

Published: 

08 Sep 2025 | 11:33 AM

স্নাতক উত্তীৰ্ণ হোৱাৰ পাছত বহুতে এটা ভাল চাকৰি বিচাৰে! আপুনি স্নাতক উত্তীৰ্ণ হৈ চাকৰি বিচাৰি আছে নেকি? যদি বিচাৰি আছে তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। কিয়নো পুনৰ ওলাইছে চাকৰি। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে কৰিব পাৰে আবেদন।

শেহতীয়াকৈ ভাৰতীয় জীৱন বীমা নিগম (LIC) য়ে স্নাতকসকলৰ চাকৰি লাভৰ বাবে এক ডাঙৰ সুযোগ কঢ়িয়াই আনিছে। LIC HFL য়ে এপ্ৰেন্টিছৰ কেইবাটাও খালী পথ মুকলি কৰিছে। ইতিমধ্যে ইয়াৰ আবেদন প্ৰক্ৰিয়া চলি আছে। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে ২২ ছেপ্টেম্বৰৰ পূৰ্বে আবেদন কৰিব পাৰে। এই আবেদন প্ৰক্ৰিয়াৰ শেষ তাৰিখ ২২ ছেপ্টেম্বৰ। গতিকে নিৰ্ধাৰিত সময়ৰ ভিতৰত অফিচিয়েল ৱেবছাইট lichousing.com ত গৈ অনলাইন আবেদন কৰিব পাৰে।

পদ

তথ্য অনুসৰি এল আই চি, এইচ এফ এলে এপ্ৰিন্টিছ পদৰ বাবে মুঠ ১৯২ টা পদ মুকলি কৰিছে। এই এপ্ৰেণ্টিছশ্বিপৰ সময়সীমা ১২ মাহ বা ১ বছৰৰ। এই পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীৰ বয়স, অৰ্হতা কিমান হ’ব লাগিব সেই বিষয়ে তলত উল্লেখ কৰা হ’ল।

যোগ্যতা

এই পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থী যিকোনো বিষয়ত স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। ইয়াৰ সময় ধৰি দিছে ২০২১ চনৰ ১ ছেপ্টেম্বৰ। ইয়াৰোপৰি যিসকলে এই পদৰ বাবে আবেদন কৰিব তেওঁলোকৰ বয়স ২০ ৰ পৰা ২৫ বছৰ হ’ব লাগিব। বয়সৰ সীমা ২০২৫ চনৰ ১ ছেপ্টেম্বৰ।

মাচুল

এই পদৰ বাবে আবেদন কৰিবলৈ কোম্পানীয়ে মাচুল নিৰ্ধাৰণ কৰিছে। সেই অনুসৰি সাধাৰণ শ্ৰেণী আৰু অ’ বি চি প্ৰাৰ্থীসকলে ৯৪৪ টকা মাচুল দিব লাগিব। ইয়াৰ বিপৰীতে অনুসূচিত জাতি, অনুসূচিত জনজাতি, মহিলা প্ৰাৰ্থীয়ে ৭৯৮ টকা মাচুল জমা কৰিব লাগিব। ইয়াৰ বিপৰীতে দিব্যাংগসকলৰ মাচুলৰ পৰিমাণ ৪৭২ টকা।

আবেদন প্ৰক্ৰিয়া

  • প্ৰথমে NATS পৰ্টেল (nats.education.gov.in) লৈ যাওক আৰু ‘Student Register/Login’ লৈ যাওক।
  • পাছত ৰেজিষ্টাৰ কৰি লওক।
  • পাছত পৰ্যায় অনুসৰি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰে।

নিৰ্বাচন প্ৰক্ৰিয়া

এই পদৰ বাবে নিৰ্বাচিত হ’বলৈ প্ৰাৰ্থীয়ে লিখিত পৰীক্ষা দিব লাগিব। এই পৰীক্ষাত বেংকিং, বিনিয়োগ আৰু বীমাৰ লগতে পৰিমাণগত/যুক্তিসংগত/ডিজিটেল/কম্পিউটাৰ সাক্ষৰতা/ইংৰাজী সম্পৰ্কীয় প্ৰশ্ন সোধা হ’ব পাৰে। পৰীক্ষাত মুঠ ১০০টা মাল্টিপল চয়ছ প্ৰশ্ন সোধা হ’ব। ইয়াৰ বাবে মুঠ সময় হ’ব ৬০ মিনিট। অনলাইনত অনুষ্ঠিত হ’ব এই পৰীক্ষা। এই পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলৰ পৰৱৰ্তী পৰ্যায়ত নথিপত্ৰ পৰীক্ষণ আৰু সাক্ষাৎকাৰ হ’ব।

অন্য তথ্য

এপ্ৰেণ্টিছশ্বিপৰ সময়সীমা ১২ মাহৰ বাবে। এই সময় ১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব।নিৰ্বাচিত প্ৰাৰ্থীয়ে প্ৰতিমাহে ১২০০০ টকাৰ ষ্টাইপেণ্ড লাভ কৰিব। ইয়াৰ বিষয়ে যদি অধিক জানিব বিচাৰে তেন্তে এল আই চিৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।

 

LIC Vacancy 2025 Notification pdf

 

অন্য খবৰ পঢ়কঃ Job: স্নাতকৰ বাবে চাকৰিঃ খালী ১৩,২১৭ টা পদ, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...