Job: স্নাতকৰ বাবে ওলাইছে চাকৰি, নালাগে অভিজ্ঞতা! জানক ক’ত, কেনেকৈ আবেদন কৰিব…

Job: আপুনি চাকৰি বিচাৰি আছে নেকি? যদি বিচাৰি আছে তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। কিয়নো শেহতীয়াকৈ পুনৰ ওলাইছে চাকৰি। ইয়াৰ বাবে অভিজ্ঞতাৰ প্ৰয়োজন নাই।

Job: স্নাতকৰ বাবে ওলাইছে চাকৰি, নালাগে অভিজ্ঞতা! জানক কত, কেনেকৈ আবেদন কৰিব...

চাকৰি

Published: 

04 Sep 2025 10:13 AM

কোনে নিবিচাৰে এটা ভাল চাকৰি! আপুনিও যদি চাকৰি বিচাৰি আছে তেন্তে এই খবৰ আপোনাৰ বাবে। কিয়নো LIC অৰ্থাৎ ভাৰতৰ জীৱন বীমা নিগমত ওলাইছে চাকৰি। ই দেশৰ সৰ্ববৃহৎ চৰকাৰী জীৱন বীমা কোম্পানী, যাৰ সৈতে দেশৰ লাখ লাখ লোক জড়িত হৈ আছে।  কোনোৱে যদি এই কোম্পানীত কাম কৰি আছে, কোনোৱে আকৌ ইয়াৰ সুবিধা লৈ আছে। যদি আপুনিও এল আই চিত কাম কৰিব বিচাৰে তেন্তে আছে এক ডাঙৰ সুযোগ।

এল আই চি হাউছিং ফাইনেন্স লিমিটেডে (LIC HFL) য়ে ইয়াৰ সকলো কাৰ্যালয়তে ১৯২টা এপ্ৰেণ্টিছ (apprentice) পদৰ বাবে আবেদন আহ্বান কৰিছে। যদি আপুনিও যোগ্য আৰু ইচ্ছুক তেন্তে অনলাইনৰ জৰিয়তে কৰিব পাৰে আবেদন। নিৰ্ধাৰিত সময়ৰ ভিতৰত আপুনি আবেদন জনাব পাৰে।

কেতিয়া আবেদন কৰিব

তথ্য অনুসৰি, এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আবেদন দাখিল কৰাৰ শেষ তাৰিখ ২২ ছেপ্টেম্বৰ। ইয়াৰ লগতে মাচুল পৰিশোধৰ শেষ তাৰিখ ২৪ ছেপ্টেম্বৰ। ইয়াৰ লগতে কোম্পানীটোৱে পৰীক্ষৰ দিনৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি, ১ অক্টোবৰত হ’ব লিখিত পৰীক্ষা। ইয়াৰোপৰি ২০২৫ চনৰ ১ নৱেম্বৰৰ পৰা এপ্ৰেণ্টিছশ্বিপ কাৰ্যসূচী আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।এপ্ৰেণ্টিছশ্বিপৰ সময়সীমা হ’ব ১২ মাহ।

যোগ্যতা

এই পদৰ বাবে প্ৰাৰ্থী যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব। এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰাৰ্থীক কোনো অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু আপুনি যদি কোনো এপ্ৰেণ্টিছশ্বিপ প্ৰগ্ৰেমৰ সৈতে জড়িত হৈ আছে তেন্তে এই পদৰ বাবে আবেদন কৰিব নোৱাৰে।

ইয়াৰোপৰি প্ৰাৰ্থীৰ বয়স কমেও ২০ বছৰ আৰু সৰ্বাধিক ২৫ বছৰ হ’ব লাগিব। ইয়াক ২০২৫ চনৰ ১ ছেপ্টেম্বৰৰ ভিত্তিত চোৱা হ’ব।

মাচুল

  • সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী- ৯৪৪ টকা,
  • অ’বিচি/এছচি/এছটি/মহিলা প্ৰাৰ্থী- ৭০৮ টকা
  • দিব্যাংগ -৪৭২ টকা।

LIC HFL Apprentice Recruitment 2025 Official Notification

আবেদন কেনেকৈ কৰিব

  • প্ৰথমে আপুনি NATS পৰ্টেল (nats.education.gov.in) লৈ যাওক আৰু ‘Student Register/Login’ লৈ যাওক।
  • পঞ্জীয়ন কৰক, পঞ্জীয়ন নম্বৰটো লগত ৰাখিব।
  • পঞ্জীয়ন নম্বৰৰ দ্বাৰা লগইন কৰক আৰু LIC হাউছিং ফাইনেন্স এপ্ৰেণ্টিছশ্বিপ অংশলৈ যাওক।
  • আবেদনৰ সকলো তথ্য পূৰ কৰক।
  • নথিসমূহ আপলোড কৰক।
  • মাচুল দিয়ক।
  • পাছত চাবমিট কৰি দিব।

নিৰ্বাচন প্ৰক্ৰিয়া কি

এই নিযুক্তিৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়াত লিখিত পৰীক্ষা, তাৰ পিছত নথিপত্ৰ পৰীক্ষণ আৰু ব্যক্তিগত সাক্ষাৎকাৰ গ্ৰহণ কৰা হ’ব।

ষ্টাইপেণ্ড কিমান

এই পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে প্ৰশিক্ষণৰ সময়ছোৱাত প্ৰতিমাহে ১২ হাজাৰ টকাৰ ষ্টাইপেণ্ড লাভ কৰিব।

 

 

অন্য খবৰ পঢ়কঃ স্নাতকৰ বাবে ওলাইছে চাকৰি! দৰমহা ৬৭,০০০ ৰো অধিক, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

ইলাচীয়ে বঢ়াব যৌন ক্ষমতা! মাত্ৰ এইদৰে কৰক ব্যৱহাৰ
গুপ্তাংগ ক'লা পৰিলে কেনেকৈ ঠিক কৰিব? জানক সহজ উপায়
পূজাৰ বতৰত জেলেপীৰ সোৱাদ লয় নে? পিছে ভাৰতলৈ ক’ৰপৰা আহিছিল জেলেপী, জানেনে?
অতিকৈ ভাগ্যৱান এই ৩ ৰাশিৰ লোক, সহজে লাভ কৰে সফলতা!