বিমানৰ ককপিট কি? সামাজিক মাধ্যমত চৰ্চা চলাৰ দৰে সঁচাকৈয়ে ককপিট হেক কৰিব পাৰে নেকি?
বিমানৰ কথা চৰ্চা হ'লে আমি ককপিট শব্দটো প্ৰায়ে শুনা পাওঁ। ককপিট এখন বিমানৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে ককপিট কি? কোনো হেকাৰে ইয়াক হেক কৰিব পাৰে নেকি?

ককপিটৰ প্ৰতীকী ছবি
এই কেইদিন সংবাদ মাধ্যমৰ পৰা সামাজিক মাধ্যমলৈকে সকলোতে বিমানক লৈ চৰ্চা চলি আছে। কাৰণ, আহমেদাবাদত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাটোৱে সকলোকে স্তম্ভিত কৰি তুলিছে। কমেও ২৬৯ গৰাকী লোকৰ মৃত্যু ঘটা এই বিমান দুৰ্ঘটনাটো ভাৰতৰ ইতিহাসৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনা। যেতিয়া এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়, তেতিয়া সেই বিমানৰ বিসংগতি কি আছিল, কিদৰে বিমানখন দুৰ্ঘটনাত পতিত হ’ল আদি বিষয়বোৰ তন্ন তন্নকৈ পৰীক্ষা কৰা হয়। এইবোৰৰ তথ্য দিয়ে বিমানখনত থকা ব্লেক বক্স আৰু ডিভিআৰে।
বিমানৰ কথা চৰ্চা হ’লে আমি ককপিট শব্দটো প্ৰায়ে শুনা পাওঁ। এখন বিমানৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে ককপিট কি? কোনো হেকাৰে ইয়াক হেক কৰিব পাৰে নেকি? আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাই সমগ্ৰ বিশ্বকে আচৰিত কৰি তুলিছে। সমগ্ৰ বিশ্বতে মানুহৰ মনত বহু প্ৰশ্ন উত্থাপিত হৈছে।
আচলতে বয়িং ড্ৰিমলাইনাৰ বিমানৰ এইটোৱেই প্ৰথম দুৰ্ঘটনা। এই দুৰ্ঘটনা সন্দৰ্ভত ছ’চিয়েল মিডিয়াত বিমানখন হেক কৰা হৈছিল নেকি, তাক লৈও চৰ্চা চলিছে। হেকাৰে বিমানখন হেক কৰি দুৰ্ঘটনাগ্ৰস্ত কৰিছিল নেকি? কিন্তু এয়া সম্ভৱনে? এই বিষয়ে কিছু কথা জানো আহক…
ককপিট কি?
প্ৰথমেই আমি ককপিটৰ সৈতে চিনাকী হওঁ আহক। ককপিট হৈছে বিমানখনৰ সেই অংশ য’ত পাইলট আৰু সহ-পাইলটে বহি বিমানখন উৰুৱাই নিয়ে। বিমানখনৰ সন্মুখৰ অংশত উন্নত সঁজুলিৰে সজ্জিত হৈ থাকে ককপিট। ইয়াত ফ্লাইট কণ্ট্ৰল চিষ্টেম, নেভিগেচন চিষ্টেম, কমিউনিকেচন চিষ্টেম, এলটিমিটাৰ, স্পীডমিটাৰ, ইঞ্জিন ডাটা, ইমাৰ্জেন্সি কণ্ট্ৰল বুটাম আদি সকলো থাকে। যিয়ে পাইলটক বিমানখন উৰুৱাবলৈ, পথ নিৰ্ধাৰণ কৰাত আৰু জৰুৰীকালীন অৱস্থাৰ সৈতে মোকাবিলা কৰাত সহায় কৰে।
কোনোবাই ককপিট হেক কৰিব পাৰে নে?
এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল বিমানৰ ককপিট হেক কৰিব পাৰি নেকি? ককপিট হেক কৰাটো অতি কঠিন। বিমানখনৰ চিষ্টেমসমূহ এয়াৰ-গেপ, অৰ্থাৎ ইণ্টাৰনেটৰ সৈতে পোনপটীয়াকৈ সংযুক্ত নহয়, যাৰ ফলত হেকিঙৰ আশংকা হ্ৰাস পায়। ককপিটৰ ছফ্টৱেৰ আৰু কম্পিউটাৰসমূহ সাধাৰণ লেপটপ বা ৱাই-ফাইৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি। সেইবোৰ চলাবলৈ বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজন।
কিছুমান তত্ত্ব আৰু উৰাবাতৰি
কিছুমানে কয় যে বিমানখন হেক কৰি দূৰৈৰ পৰা নিয়ন্ত্ৰণ কৰিব পাৰি। ২০১৫ চনত The Verge, CNN, The Guardian, Wired ৰ বাতৰি অনুসৰি এজন চাইবাৰ গৱেষক ক্ৰীছ ৰবাৰ্টছে দাবী কৰিছিল যে তেওঁ ৱাইফাই ব্যৱহাৰ কৰি বিমানখনৰ লাইট আৰু গতিবিধি সলনি কৰিব পাৰে। কিন্তু বিমান সংস্থা আৰু নিৰাপত্তা সংস্থাই এই দাবী নাকচ কৰি কয় যে কাৰিকৰীভাৱে সেয়া সম্ভৱ নহয়। ইয়াৰ পিছত এফ বি আইয়ে বিমানৰ পৰা নামি অহাৰ লগে লগে তেওঁক আটক কৰে আৰু তেওঁৰ লেপটপ জব্দ কৰে।
সুৰক্ষাৰ বাবে বিমান সংস্থাৰ ব্যৱস্থা
প্ৰতিখন বিমানৰ ককপিটৰ দুৱাৰখন বুলেটপ্ৰুফ আৰু তলা লগোৱা। ছফ্টৱেৰত নিয়মীয়াকৈ আপডেট আৰু সুৰক্ষা পৰীক্ষা কৰা হয়। চাইবাৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ কোম্পানীসমূহৰ এটা বিশেষজ্ঞ দল থাকে। বিমান পৰিবহণ নিয়ন্ত্ৰণ (এটিচি)-এ অহৰহ নিৰীক্ষণ কৰে। গতিকে এইবোৰৰ পৰা বুজা যায় যে চৰ্চা কৰাৰ দৰে বিমান এখনৰ ককপিট হেক কৰাটো সহজ নহয়।