ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…

২০১৪ চনৰ ১১ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২১ জুন তাৰিখক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে স্বীকৃতি দিয়ে। তেতিয়াৰ পৰাই প্ৰতি বছৰে ২১ জুনত আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। ইয়াৰ লগতে বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । চাওঁ আহক দিনটোৰ ইতিহাস ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…
Published: 

21 Jun 2025 | 07:39 AM

২০১৪ চনৰ ২৭ ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ (UNGA)ত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তাৱ দিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই প্ৰস্তাৱত ১৭৭ খন দেশে সমৰ্থন আগবঢ়াইছিল। ৰাষ্ট্ৰসংঘৰ ইতিহাসত যিকোনো প্ৰস্তাৱৰ বাবে এইটোৱেই আছিল আটাইতকৈ ডাঙৰ সমৰ্থন।

মাত্ৰ ৭৫ দিনতে অৰ্থাৎ ২০১৪ চনৰ ১১ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২১ জুন তাৰিখক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে স্বীকৃতি দিয়ে। তেতিয়াৰ পৰাই প্ৰতি বছৰে ২১ জুনত আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। এই বছৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু হৈছে -“এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ”।

ইয়াৰ লগতে বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । চাওঁ আহক দিনটোৰ ইতিহাস ।

দিনটোৰ ইতিহাস

  1. ১৭৬৮ চনত জন আৰ্চাৰ চিকিৎসা বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমজন আমেৰিকান হিচাপে পৰিগণিত হয়।
  2. ১৯১২ চনত বিখ্যাত হিন্দী সাহিত্যিক বিষ্ণু প্ৰভাকৰৰ জন্ম হয়।
  3. ১৯৫৩ চনৰ ২১ জুনত দুবাৰকৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী হোৱা বেনজিৰ ভুট্টোৰ জন্ম হয়।
  4. ২০০২ চনত স্পেইনত ইউৰোপীয় সংঘৰ ১৫ গৰাকী ৰাষ্ট্ৰপতিৰ বৈঠক আৰম্ভ হয়।
  5. ২০০৪ চনত চীনে ভাৰত-পাকিস্তানৰ আলোচনাত সমৰ্থন আগবঢ়ায়।
  6. ২০০৯ চনত ভাৰতৰ বেডমিণ্টন তাৰকা ছাইনা নেহৱালে ছুপাৰ ছিৰিজ বেডমিণ্টন প্ৰতিযোগিতাৰ খিতাপ দখল কৰে। তেনে কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা।
  7. ১৯৮২ চনৰ আজিৰ দিনটোত প্ৰথমবাৰৰ বাবে বিশ্ব সংগীত দিৱস পালন কৰা হয়।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...