Job: সহকাৰী অধ্যাপকৰ পদ, দৰমহা ১ লাখৰো অধিক! ক’ত, কেনেকৈ, কোনে কৰিব পাৰিব আবেদন, জানক…

আপুনিও চাকৰি বিচাৰি আছে নেকি? তেন্তে পুনৰ ওলাইছে চাকৰি। গতিকে আপুনি যদি এই পদৰ বাবে যোগ্য আৰু ইচ্ছুক তেন্তে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব পাৰে।

Job: সহকাৰী অধ্যাপকৰ পদ, দৰমহা ১ লাখৰো অধিক! কত, কেনেকৈ, কোনে কৰিব পাৰিব আবেদন, জানক...

চাকৰি

Updated On: 

02 Sep 2025 | 01:46 PM

চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। কিয়নো পুনৰ ওলাইছে চাকৰি। অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (aiims)ত চাকৰি কৰাৰ সুযোগ আপোনাৰ বাবে। শেহতীয়াকৈ এইমছ যোধপুৰে ১০৯ জন সহকাৰী অধ্যাপক (Assistant professor) পদৰ নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে। গতিকে এই পদৰ বাবে আপুনিও যদি যোগ্য আৰু ইচ্ছুক তেন্তে শীঘ্ৰেই কৰিব পাৰে আবেদন। নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত এইমছ যোধপুৰে এই আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে।

তথ্য অনুসৰি, এই পদত নিযুক্তি লাভ কৰাসকলে মাহিলী সৰ্বোচ্চ ১,২৩,১০০ টকা দৰমহা লাভ কৰিব। গতিকে প্ৰশ্ন হয়, এই পদৰ বাবে কোনে কেনেকৈ আবেদন কৰিব পাৰিব? তলত ইয়াৰ বিষয়ে সবিশেষ উল্লেখ কৰা হ’ল-

পদ

এইমছ যোধপুৰে মুঠ ১০৯ টা সহকাৰী অধ্যাপক পদৰ বাবে নিযুক্তি আৰম্ভ কৰিছে। ইয়াত বিভিন্ন বিভাগৰ বিশেষজ্ঞৰ পৰা আবেদন আহ্বান কৰা হৈছে। তথ্য অনুসৰি এনাস্থেচিয়া বিজ্ঞানৰ ১৪টা আৰু সাধাৰণ অস্ত্ৰোপচাৰৰ ২১টা, কাৰ্ডিঅ’লজীৰ ৪টা, সাধাৰণ চিকিৎসাৰ ৫টা, শিশু চিকিৎসাৰ ৫টা, স্নায়ুবিজ্ঞানৰ ৩টা আৰু পেথ’লজীৰ ৩টা পদত নিযুক্তিৰ বাবে এই আবেদন আহ্বান কৰা হৈছে।

যোগ্যতা আৰু দৰমহা

এই পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা MBBS, MD বা সমতুল্য ডিগ্ৰী থাকিব লাগিব। ইয়াৰোপৰি সংশ্লিষ্ট বিষয়ত অভিজ্ঞতা থাকিব লাগিব। প্ৰাৰ্থীৰ বয়স ৫০ বছৰৰ কম হ’ব লাগিব।সপ্তম দৰমহা আয়োগৰ মতে নিৰ্বাচিত প্ৰাৰ্থীসকলে ১,০১,৫০০ টকাৰ পৰা ১,২৩,১০০ টকাকৈ মাহিলী দৰমহা লাভ কৰিব।

মাচুল

  • জেনেৰেল, অবিচি, ই ডব্লিউ এছঃ ৩০০০ টকা
  • এছ.চি, এছ.টি, দিব্যাংগঃ ২০০ টকা
  • অনলাইনৰ জৰিয়তে মাচুল জমা দিব পাৰিব।

কেনেকৈ কৰিব আবেদন

  • প্ৰথমে আপুনি aiimsjodhpur.edu.in ৰ ৱেবচাইটত যাওক।
  • পাছত ‘Recruitment’ ত ক্লিক কৰক।
  • আবেদনত থকা তথ্য পূৰ কৰক।
  • মাচুল জমা কৰক।
  • আবেদন চাবমিট কৰক।

গুৰুত্বপূৰ্ণ

  • আবেদন প্ৰক্ৰিয়া ২৪ ছেপ্টেম্বৰলৈ চলিব।
  • তাৰ পাছত আবেদন গ্ৰহণ কৰা নহয়।
  • শৈক্ষিক আৰু অভিজ্ঞতাৰ তথ্য ৰাখক।
  • ভুল তথ্য নিদিব।
  • অধিক জানিবলৈ এইমছ যোধপুৰৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।

 

অন্য খবৰ পঢ়কঃ স্নাতকৰ বাবে ওলাইছে চাকৰি! দৰমহা ৬৭,০০০ ৰো অধিক, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব