জম্মু-কাশ্মীৰৰ এনকাউণ্টাৰ ঘটনাৰ পৰা নিক’লা টেছলাৰ মৃত্যুলৈ, চাওক ৭ জানুৱাৰীৰ দিনটোৰ ইতিহাস

আজি ৭ জানুৱাৰী। বহু ঘটনা পৰিঘটনাৰ বাবে এই দিনটো বিশেষভাৱে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। চাওঁ আহক দিনটোৰ ইতিহাস।

জম্মু-কাশ্মীৰৰ এনকাউণ্টাৰ ঘটনাৰ পৰা নিকলা টেছলাৰ মৃত্যুলৈ, চাওক ৭ জানুৱাৰীৰ দিনটোৰ ইতিহাস
Published: 

07 Jan 2026 | 07:00 AM

বছৰৰ প্ৰতিটো দিনৰ দৰেই ৭ জানুৱাৰীৰ দিনটোও ইতিহাসৰ পৃষ্ঠাত বহুতো ভাল বেয়া পৰিঘটনাৰ লিপিবদ্ধ হৈ আছে। যোৱা ৭ জানুৱাৰীতেই জম্মু-কাশ্মীৰৰ ঐতিহাসিক লাল চ’কত এখন হোটেলত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত ২২ ঘণ্টীয়া এনকাউণ্টাৰ ঘটনা সংঘটিত হয়। এই এনকাউণ্টাৰত নিৰাপত্তা বাহিনীয়ে দুজন সন্ত্ৰাসবাদীক হত্যা কৰে।

আজিৰ দিনটোতে ব্ৰিটিছ চৰকাৰে শেষ মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ শ্বাহ জাফৰৰ বিৰুদ্ধে বিচাৰ আৰম্ভ কৰে। ১৮৫৭ চনত চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহৰ উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছিল। বন্দী কৰি ৰেংগুনলৈ লৈ যোৱা হৈছিল, য’ত ১৮৬২ চনত তেওঁৰ মৃত্যু হয়।

দেশে তেওঁৰ অৱদানক সন্মান জনাই কেইবাটাও পথ তেওঁৰ নামেৰে নামাকৰণ কৰে। পাকিস্তানৰ লাহোৰতো তেওঁৰ নামেৰে এটা পথ আছে। বাংলাদেশৰ ঢাকাৰ ভিক্টোৰিয়া পাৰ্কৰ নাম সলনি কৰি বাহাদুৰ শ্বাহ জাফৰ পাৰ্ক কৰা হয়। ৭ জানুৱাৰীত দিনটোত লিপিবদ্ধ হোৱা অন্যান্য ঘটনা পৰিঘটনা চাওঁ আহক।

দিনটোৰ ইতিহাস

  1. ১৮৫১ চনত প্ৰখ্যাত ইতিহাসবিদ, ইংৰাজী লেখক, অভিযাত্ৰী জৰ্জ আব্ৰাহাম গ্ৰিয়াৰছনৰ জন্ম হয়।
  2. ১৮৫৯ চনত ব্ৰিটিছ চৰকাৰে চিপাহী বিদ্ৰোহত জড়িত থকাৰ বাবে শেষৰজন মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰৰ বিৰুদ্ধে বিচাৰ আৰম্ভ কৰে।
  3. ১৮৯৩ চনত গান্ধীবাদী জীৱনশৈলীৰ অটল সমৰ্থক জানকী দেৱী বাজাজৰ জন্ম হয়।
  4. ১৯৪৩ চনত বিখ্যাত আমেৰিকান-ছাৰ্বিয়ান উদ্ভাৱক নিক’লা টেছলাৰ মৃত্যু হয়।
  5. ১৯৬৬ চনত হিন্দী ছবিৰ কিংবদন্তি পৰিচালক বিমল ৰায়ৰ মৃত্যু হয়।
  6. ২০১০ চনত জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ ঐতিহাসিক লাল চ’কৰ এখন হোটেলত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা প্ৰায় ২২ ঘণ্টীয়া মুখামুখিৰ সংঘৰ্ষৰ অন্তত দুজন সন্ত্ৰাসবাদী নিহত হয়।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...