আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস, চাওক এই দিনটোৰ ইতিহাস…
আজি ২৫ জানুৱাৰী। বহু ঘটনা পৰিঘটনাৰ বাবে এই দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ক'ত কি ঘটিছিল? চাওঁ আহক দিনটোৰ ইতিহাস।

২৫ জানুৱাৰীত সমগ্ৰ ভাৰততে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰা হয়। আজিৰ দিনটোতে নিৰ্বাচন আয়োগে ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে সমগ্ৰ দেশতে অনুষ্ঠানৰ আয়োজন কৰে। এই দিৱস ৰাষ্ট্ৰীয়, ৰাজ্যিক, জিলা, সমষ্টি, আৰু ভোটগ্ৰহণ কেন্দ্ৰ পৰ্যায়ত উদযাপন কৰা হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধান গৃহীত কৰি ভাৰতে নিজকে গণৰাজ্য ঘোষণা কৰে।
সংবিধান গৃহীত কৰাৰ এদিন আগতে, ১৯৫০ চনৰ ২৫ জানুৱাৰীত ভাৰতৰ নিৰ্বাচন আয়োগ প্ৰতিষ্ঠা কৰা হয়। নিৰ্বাচন আয়োগ প্ৰতিষ্ঠাক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে পালন কৰা হয়। ২০১১ চনত তদানীন্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে ২৫ জানুৱাৰীক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে ঘোষণা কৰিছিল। তেতিয়াৰ পৰা প্ৰতি বছৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰি আহিছে। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।
দিনটোৰ ইতিহাস
- ১৭৫৫ চনত মস্কো বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়।
- ১৮৮১ চনত টমাছ আলভা এডিচন আৰু আলেকজেণ্ডাৰ গ্ৰেহাম বেলে “Oriental Telephone Company” প্ৰতিষ্ঠা কৰে।
- ১৯১৮ চনত বলচেভিক ৰাছিয়াৰ পৰা ইউক্ৰেইনে স্বাধীনতা ঘোষণা কৰে।
- ১৯৮০ চনত মাদাৰ টেৰেছাক “ভাৰত ৰত্ন” প্ৰদান কৰা হয়।
- ১৭৪২ চনত ইংৰাজী জ্যেতিৰ্বিদ, ভূ-পদাৰ্থবিদ, গণিতজ্ঞ, বতৰ বিজ্ঞানী আৰু পদাৰ্থ বিজ্ঞানী এডমাণ্ড হেলিৰ মৃত্যু।
- ২০০২ চনত অসমীয়া নাট্যকাৰ, চিত্ৰনাট্য লেখক, অভিনেতা আৰু প্ৰযোজক অমূল্য কাকতিৰ মৃত্যু।
- ১৯৫৮ চনত ভাৰতীয় নেপথ্য আৰু শাস্ত্ৰীয় কণ্ঠশিল্পী কবিতা কৃষ্ণমূৰ্তিৰ জন্ম।