আজিৰ দিনটোতে মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্য প্ৰতিষ্ঠা হৈছিল, চাওক দিনটোৰ ইতিহাস

আজি ২১ জানুৱাৰী। বহু ঘটনা পৰিঘটনাৰ বাবে এই দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটোত ক'ত কি ঘটিছিল ? চাওক ইতিহাস।

আজিৰ দিনটোতে মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্য প্ৰতিষ্ঠা হৈছিল, চাওক দিনটোৰ ইতিহাস
Published: 

21 Jan 2026 | 07:00 AM

২১ জানুৱাৰীৰ তাৰিখটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ভাৰতৰ ফেডাৰেল ইতিহাসতো এই দিনটো তাৎপৰ্যপূৰ্ণ। আজিৰ দিনটোতে মণিপুৰ, মেঘালয়, আৰু ত্ৰিপুৰা ৰাজ্য গঠন হয়। উত্তৰ-পূবৰ মণিপুৰ, মেঘালয়, ত্ৰিপুৰা ৰাজ্য পৃথক ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে । ১৯৭১ চনৰ উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) আইন অনুসৰি ১৯৭২ চনৰ ২১ জানুৱাৰীত মণিপুৰ, মেঘালয়, আৰু ত্ৰিপুৰাক ৰাজ্যৰ অধিকাৰ প্ৰদান কৰা হয়। ইয়াৰ লগতে আজিৰ দিনটো অন্যান্য ঘটনা পৰিঘটনা চাওঁ আহক।

দিনটোৰ ইতিহাস

  1. ১৯২৪ চনত লেবাৰ পাৰ্টিয়ে প্ৰথমবাৰৰ বাবে ব্ৰিটেইনত চৰকাৰ গঠন কৰে। দলৰ নেতা ৰামছে মেকড’নাল্ড দেশৰ প্ৰধানমন্ত্ৰী হৈছিল।
  2. ১৯২৪ চনত বলছেভিক বিপ্লৱৰ নেতা তথা ১৯১৭ চনৰ পৰা ১৯২৪ চনৰ ভিতৰত ছোভিয়েট ইউনিয়নৰ প্ৰথম মুৰব্বী ভ্লাদিমিৰ লেনিনৰ মৃত্যু হয়।
  3. ১৯৪৫ চনত জাপানৰ টকিঅ’ত মহান বিপ্লৱী ৰাস বিহাৰী বসুৰ মৃত্যু হয়।
  4. ১৯৫০ চনত যক্ষ্মা ৰোগৰ সৈতে তিনি বছৰীয়া যুদ্ধৰ অন্তত প্ৰখ্যাত ইংৰাজী সাহিত্যিক জৰ্জ অৰৱেলৰ মৃত্যু হয়।
  5. ১৯৫৮ চনত কপিৰাইট আইন কাৰ্যকৰী হয়।
  6. ১৯৬১ চনত ৰাণী এলিজাবেথ আৰু এডিনবাৰ্গৰ ড্যুক নতুন দিল্লীত উপস্থিত হয়।
  7. ১৯৬৩ চনত হিন্দী ঔপন্যাসিক, চুটিগল্প লেখক, সম্পাদক, সাংবাদিক শিৱপূজন সহায়ৰ মৃত্যু হয়।
  8. ১৯৭২ চনত মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্য প্ৰতিষ্ঠা হয়।
  9. ১৯৭৬ চনত ফ্ৰান্স আৰু ব্ৰিটেইনৰ আৰ্থিক সাহায্যত নিৰ্মিত ছুপাৰছনিক বাণিজ্যিক বিমান কনকৰ্ডে নিয়মীয়া সেৱা আৰম্ভ কৰে। ইয়াৰ ফলত তীব্ৰবেগী বিমান নিৰ্মাণৰ বিশ্বব্যাপী দৌৰৰ সূচনা হয়।
  10. ১৯৮৩ চনত প্ৰথম ভাৰতীয় এডমিৰেল আৰ ডি কাটাৰীৰ মৃত্যু হয়।
  11. ১৯৯৬ চনত স্বায়ত্তশাসিত পেলেষ্টাইনত অনুষ্ঠিত হোৱা প্ৰথমটো ঐতিহাসিক সাধাৰণ নিৰ্বাচনত পেলেষ্টাইন লিবাৰেচন অৰ্গেনাইজেশ্যনৰ নেতা ইয়াছেৰ আৰাফাত ৮৫ শতাংশ ভোট লাভ কৰি নিৰ্বাচিত হয়।
  12. ১৯৯৬ চনত ইণ্ডোনেছিয়াৰ সুমাট্ৰাৰ উপকূলত এখন যাত্ৰীবাহী নাও ডুব যোৱাৰ ফলত প্ৰায় ৩৪০ জন লোকৰ মৃত্যু হয়।
পুৰুষে নাৰীৰ কি চাই বেছি ভাল পায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
পেট বিষ আৰু কঁকাল বিষ... মাহেকীয়াত এইবোৰ সমস্যা হ'লে সাৱধান!
দিনত শোৱাৰ অভ্যাস ভাল নে বেয়া? ইয়াৰ ফলত কি কি সমস্যা হ'ব পাৰে?
ৰক্তহীনতা কিয় হয় ? শৰীৰত তেজৰ অভাৱ দূৰ কৰাৰ ঘৰুৱা উপায় জানক
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...