দেশৰ প্ৰধানমন্ত্ৰী হয় ইন্দিৰা গান্ধী, চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ১৯ জানুৱাৰীৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। এই দিনটোত ক'ত কি ঘটিছিল ? চাওঁ আহক।

দেশৰ প্ৰধানমন্ত্ৰী হয় ইন্দিৰা গান্ধী, চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা
Published: 

19 Jan 2026 | 09:41 AM

১৯৬৬ চনৰ ১৯ ​​জানুৱাৰীতেই ইন্দিৰা গান্ধীক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। তদানীন্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ পিছত ইন্দিৰা গান্ধীয়ে এই পদটো গ্ৰহণ কৰে। ১৯৬৭ চনৰ পৰা ১৯৭৭ চনলৈকে আৰু পুনৰ ১৯৮০ চনৰ পৰা ১৯৮৪ চনত মৃত্যুৰ আগলৈকে এই পদত অধিষ্ঠিত আছিল।

ইন্দিৰা গান্ধী আছিল দেশৰ প্ৰথম আৰু একমাত্ৰ মহিলা প্ৰধানমন্ত্ৰী। ইন্দিৰা গান্ধীক তেওঁৰ কিছুমান কঠিন আৰু বিতৰ্কিত সিদ্ধান্তৰ বাবেও স্মৰণ কৰা হয়। ১৯৭৫ চনত জৰুৰীকালীন ঘোষণা আৰু ১৯৮৪ চনত অমৃতসৰৰ সোণালী মন্দিৰত সেনা নিয়োগ কৰাটো তেওঁৰ বাবে আছিল আটাইতকৈ কঠিন সিদ্ধান্ত। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস

  1. ১৫৯৭ চনৰ আজিৰ দিনটোতে মেৱাৰৰ ৰজা ৰাণা প্ৰতাপ সিঙৰ মৃত্যু হয়। তেওঁৰ বীৰত্ব আৰু দৃঢ়তাৰ বাবে তেওঁৰ নাম ইতিহাসত অমৰ হৈ আছে।
  2. ১৯০৫ চনত হিন্দু দাৰ্শনিক দেবেন্দ্ৰনাথ ঠাকুৰৰ মৃত্যু হয়। ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিতৃ তথা ব্ৰহ্ম সমাজৰ অন্যতম প্ৰতিষ্ঠাপক দেবেন্দ্ৰনাথ ঠাকুৰক নোবেল বঁটা প্ৰদান কৰা হয়। তেওঁক “ৰাজকুমাৰ” উপাধিও দিয়া হৈছিল।
  3. ২০০৬ চনত প্ৰায় দুবছৰৰ পাছত আল জাজিৰাই ওছামা বিন লাডেনৰ অডিঅ’টেপ মুকলি কৰে, য’ত তেওঁ আমেৰিকাত অধিক আক্ৰমণৰ বাবে প্ৰস্তুতি চলোৱাৰ কথা কয়। লাডেনৰ পূৰ্বৰ এনে বাৰ্তা ২০০৪ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ পাইছিল।
  4. ১৯৭২ চনৰ আজিৰ দিনটোতে অসম আন্দোলন অন্যতম ফচল অসমৰ তৃতীয়টো শোধনাগাৰ বঙাইগাঁও তেল শোধনাগাৰৰ আধাৰশিলা স্থাপন কৰা হৈছিল।
  5. ১৮৮৯ চনৰ আজিৰ দিনটোতে অসমৰ সংস্কৃত ভাষাৰ পণ্ডিত আনন্দৰাম বৰুৱাৰ মৃত্যু।
  6. ২০২৩ চনৰ আজিৰ দিনটোতে অসমীয়া কবি, কলা-সমালোচক, অধ্যাপক আৰু সাহিত্যিক নীলমণি ফুকনৰ মৃত্যু।
আহিব দুখ-দুৰ্দশা! ঘৰৰ সন্মুখত নাৰাখিব এই বস্তু...
হ'ব সমস্যা! ভুলতো ব্যৱহাৰ নকৰিব মৃতকৰ এই ৫ বস্তু...
মৃত্যুৰ কিমান দিন পিছত আত্মাই নতুন শৰীৰত প্ৰৱেশ কৰে? জানক...
কেৱল সোৱাদ-সুগন্ধই নহয়, তেজপাতৰ এনে চমৎকাৰী গুণৰ বিষয়ে হয়তো আপুনিও অজ্ঞাত!
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি