ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা…
বহু ঘটনা পৰিঘটনাৰ বাবে আজি ১৮ জানুৱাৰীৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। এই দিনটোত ক'ত কি ঘটিছিল ? চাওঁ আহক।

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ১৮ জানুৱাৰীৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ১৬৭৮ চনত দি পিলগ্ৰিমছ প্ৰগ্ৰেছৰ প্ৰথম খণ্ড প্ৰকাশিত হয়। এইখনেই ১৮৫১ চনত যাত্ৰীকৰ যাত্ৰা নামেৰে অৰুণোদইত খণ্ড খণ্ডকৈ প্ৰকাশ কৰা হয়। ১৯৪০ চনত অসমীয়া সাহিত্যিক আৰু বুৰঞ্জীবিদ কনকলাল বৰুৱাৰ মৃত্যু হয়।
কনকলাল বৰুৱা জন্ম ১৮৭২ চনৰ ১৬ ডিচেম্বৰত। ১৯২৯ চনত বিধান সভালৈ নিৰ্বাচিত হৈ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল কনকলাল বৰুৱাই। তেখেতে ব্ৰিটিছ চৰকাৰৰ ৰায়বাহাদুৰ উপাধি লাভ কৰিছিল। তেখেতে এটা সময়ত জোনাকী আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সমান্তৰালভাৱে জাৰ্ণেল অব দা আছাম ৰিছাৰ্চ ছ’চাইটিৰ প্ৰকাশক আৰু সম্পাদক আছিল৷ তেখেত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয় ১৯২৪ চনত।
ইয়াৰ লগতে চাওঁ আহক অন্যান্য ঘটনা পৰিঘটনা
- ১৮৪২ চনৰ আজিৰ দিনটোতে মহাৰাষ্ট্ৰৰ মহান পণ্ডিত মহাদেৱ গোবিন্দ ৰানডেক জন্ম হয়।
- ১৭৭৮ চনত জেমছ কুক হাৱাই দ্বীপপুঞ্জ আৱিষ্কাৰ কৰি ইয়াৰ নাম “চেণ্ডউইচ দ্বীপপুঞ্জ” ৰাখে।
- ১৮৯৬ চনত প্ৰথমবাৰৰ বাবে এক্স-ৰে মেচিন প্ৰদৰ্শন কৰা হয়।
- ১৯১১ চনত আমেৰিকাৰ পাইলট ইউজিন বাৰ্টন এলিয়ে ছান ফ্ৰান্সিস্কো উপসাগৰত লংঘন কৰা যুদ্ধজাহাজ পেনচিলভেনিয়াৰ অৱতৰণ মঞ্চত প্ৰথম বিমান অৱতৰণ কৰে।
- ১৯৩০ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে মহাত্মা গান্ধীৰ সাবৰমতী আশ্ৰম ভ্ৰমণ কৰে।
- ১৯৫২ চনত মহীশূৰৰ গোপিনাথামত কুছ মুনিস্বামী বীৰাপ্পনৰ জন্ম হয়। কুখ্যাত চোৰাংচিকাৰী, হত্যাকাৰী হিচাপে পৰিচিত বীৰাপ্পনে প্ৰায় দুটা দশক ধৰি কেইবাখনো ৰাজ্যৰ আৰক্ষীৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছিল।
- ১৯৬৮ চনত আমেৰিকা আৰু ছোভিয়েট ইউনিয়নে পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণৰ বাবে এখন খচৰা চুক্তিৰ ওপৰত সহমতত উপনীত হয়।