ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰথমখন বৈঠক, চাওক দিনটোৰ ইতিহাস…

১৯৪৬ চনত অনুষ্ঠিত হয় ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰথমখন বৈঠক। ইয়াৰ লগতে বহু ঘটনা পৰিঘটনাৰ বাবে আজি ১৭ জানুৱাৰীৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। এই দিনটোত ক'ত কি ঘটিছিল ? চাওঁ আহক।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰথমখন বৈঠক, চাওক দিনটোৰ ইতিহাস...
Updated On: 

17 Jan 2026 | 10:10 AM

বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে আজি ১৭ জানুৱাৰীৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। বিশ্বৰ শান্তি আৰু নিৰাপত্তাৰ ৰক্ষক হিচাপে বিবেচিত ৰাষ্ট্ৰসংঘৰ প্ৰাথমিক সংস্থা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰথমখন বৈঠক ১৯৪৬ চনৰ ১৭ জানুৱাৰীত অনুষ্ঠিত হৈছিল আৰু এই দিনটো ইতিহাসৰ পৃষ্ঠাত খোদিত হৈছিল।

ৰাষ্ট্ৰসংঘৰ ছটা প্ৰধান অংগৰ ভিতৰত নিৰাপত্তা পৰিষদ অন্যতম। বিশ্বৰ শান্তি আৰু নিৰাপত্তা বজাই ৰাখিবলৈ নিৰাপত্তা পৰিষদৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ আৰু শাস্তি বিধান কৰাৰ কৰ্তৃত্ব আছে। ইয়াৰ উপৰিও ৰাষ্ট্ৰসংঘত নতুন সদস্যক ভৰ্তি কৰাৰ ক্ষমতাও আছে।

আজি শিল্পী দিৱস

প্ৰতি বছৰে ১৭ জানুৱাৰী তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস হিচাপে শিল্পী দিৱস উদযাপন কৰা হয়। ১৯৫১ চনৰ আজিৰ দিনটোতে মহান শিল্পীগৰাকীৰ পৰলোকপ্ৰাপ্তি ঘটিছিল। ১৯৫৩ চনৰ ১৭ জানুৱাৰী তাৰিখে প্ৰথম বাৰৰ বাবে এই দিৱস উদযাপন কৰা হৈছিল। প্ৰথমএই দিনটো ‘জ্যোতি দিৱস’ হিচাপে পালন কৰা হৈছিল। পৰৱৰ্তী সময়ত জ্যোতি দিৱসক ‘শিল্পী দিৱস’ হিচাপে নামকৰণ কৰা হয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

অন্যান্য ঘটনা পৰিঘটনা

  1. ১৬০১ চনত মোগল সম্ৰাট আকবৰে অচিৰগড়ৰ অদম্য দুৰ্গত প্ৰৱেশ কৰে।
  2. ১৯১৭ চনৰ আজিৰ দিনটোতে সক্ৰিয় ৰাজনীতিত সফলতা অৰ্জন কৰা দক্ষিণ ভাৰতীয় চিনেমা অভিনেতা এম জি ৰামচন্দ্ৰনৰ জন্ম হয়।
  3. ১৯২৩ চনত হিন্দী সাহিত্যিক ৰঙেয়া ৰাঘৱৰ জন্ম হয়।
  4. ১৯৪৫ চনত হিন্দী চলচ্চিত্ৰৰ গীতিকাৰ তথা চিত্ৰনাট্যকাৰ জাভেদ আখতাৰৰ জন্ম হয়।
  5. ১৯৪৬ চনত অনুষ্ঠিত হয় ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰথমখন বৈঠক।
  6. ১৯৪৮ চনত নেদাৰলেণ্ড আৰু ইণ্ডোনেছিয়াই যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে।
  7. ১৯৮৭ চনত টাটা ফুটবল একাডেমী আৰম্ভ হয়।
  8. ২০১০ চনত ভাৰতৰ প্ৰখ্যাত মাৰ্ক্সবাদী ৰাজনীতিবিদ জ্যোতি বসুৰ মৃত্যু।
শীতকালত ভুগিছে নেকি হাত-ভৰিৰ আঙুলিৰ বিষত? সাৱধান, আঁৰত এনে চিন্তনীয় সমস্যা!
বাগুৰুম্বা নৃত্যত কোৱা 'বগ্ৰুম বাগ্ৰুম মৌছাদে'ৰ অৰ্থ কি?
ডায়েবেটিছ ৰোগীয়ে মিঠাই খাব পাৰেনে? এই নিয়মবোৰ জানিলেই পূৰাব পাৰে জিভাৰ সোৱাদ!
কেনে আছে আপোনাৰ স্বাস্থ্য, হৈছে নেকি সমস্যা! নখৰ এনে লক্ষণে দিব পূৰ্বাভাস
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি