ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি ১৫ জানুৱাৰীৰ দিনটোত ঘটা ঘটনা পৰিঘটনা…
বহু ঘটনা পৰিঘটনাৰ বাবে আজি ১৫ জানুৱাৰীৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। এই দিনটোত ক'ত কি ঘটিছিল ? চাওঁ আহক।

১৯৩৪ চনত ভাৰত আৰু নেপালত বৃহৎ ভূমিকম্প সংঘটিত হয়। ইয়াৰ লগতে বহু ঘটনা পৰিঘটনাৰ বাবে ১৫ জানুৱাৰীৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ভাৰতৰ সীমান্ত অঞ্চল আৰু চুবুৰীয়া নেপালত হোৱা এই ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৮.৪। ভূমিকম্পৰ ফলত প্ৰায় ১১ হাজাৰ লোকৰ প্ৰাণহানি হোৱাৰ লগতে সা-সম্পত্তিৰ ব্যাপক ক্ষতিসাধন হয়। ২০১৩ চনৰ আজিৰ দিনটোতে ছিৰিয়াৰ আলেপ্পো বিশ্ববিদ্যালয়ত ৰকেট আক্ৰমণত ৮৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫০ জন আহত হৈছিল।
তদুপৰি ২০১৬ চনৰ আজিৰ দিনটোতে পশ্চিম আফ্ৰিকাৰ এখন ৰাষ্ট্ৰ বুৰ্কিনা ফাছ’ৰ অ’ৱাগাডুগ’ৰ এখন হোটেলত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়। এই আক্ৰমণত ২৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫৬ জন লোক আহত হয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।
দিনটোৰ ইতিহাস
- ১৭৫৯ চনত লণ্ডনৰ মণ্টেগ হাউচত মানৱ ইতিহাস আৰু সভ্যতাৰ প্ৰতি উৎসৰ্গিত বিশ্বৰ অন্যতম বৃহৎ সংগ্ৰহালয় ব্ৰিটিছ মিউজিয়াম প্ৰতিষ্ঠা কৰা হয়।
- ১৭৮৪ চনত উইলিয়াম জ’নে কলকাতাৰ ফ’ৰ্ট উইলিয়ামত এছিয়াটিক ছ’চাইটি প্ৰতিষ্ঠা কৰে। পিছলৈ ই এছিয়াটিক ছ’চাইটি অৱ বেংগললৈ পৰিণত হয়।
- ১৯৩৪ চনত ভাৰত আৰু নেপালৰ সীমান্তৱৰ্তী অঞ্চলত এক বৃহৎ ভূমিকম্পৰ ফলত প্ৰায় ১১,০০০ লোকৰ মৃত্যু হয়।
- ১৯৪৯ চনত কে.এম. কাৰিয়াপ্পাই ভাৰতীয় সেনাৰ প্ৰথম সেনাধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। সেইদিনাৰ পৰা ১৫ জানুৱাৰী সেনা দিৱস হিচাপে পালন কৰা হয়।
- ১৯৫৬ চনত বহুজন সমাজ পাৰ্টিৰ সভানেত্ৰী মায়াৱতীৰ জন্ম হয়।
- ১৯৬৫ চনত ভাৰতীয় খাদ্য নিগম প্ৰতিষ্ঠা হয়।
- ১৯৮৬ চনত জেনেৰেল কে.এম. কাৰিয়াপা (অৱসৰপ্ৰাপ্ত)ক আজীৱন অনাৰেৰী ফিল্ড মাৰ্শ্বাল হিচাপে নিযুক্তি দিয়া হয়।
- ১৯৯৮ চনত ভাৰতৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী গুলজাৰীলাল নন্দৰ মৃত্যু হয়।
- ২০০৯ চনত দাদাচাহেব ফাল্কে বঁটা লাভ কৰা প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা তপন সিনহাৰ মৃত্যু হয়।
- ২০১০ চনত শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ সংঘটিত হয়, যিটো তিনি ঘণ্টাৰো অধিক সময় ধৰি চলিছিল। ভাৰতত পুৱা ১১:০৬ বজাৰ পৰা আৰম্ভ হৈছিল আৰু পুৱা ৩:০৫ বজাত শেষ হৈছিল।
- ২০১৩ চনত ছিৰিয়াৰ আলেপ্পো বিশ্ববিদ্যালয়ত ৰকেট আক্ৰমণত ৮৩ জন লোক নিহত হোৱাৰ লগতে ১৫০ জন আহত হয়।