ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক ১৪ জানুৱাৰীৰ দিনটোত ঘটা ঘটনা পৰিঘটনা

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ১৪ জানুৱাৰীৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। এই দিনটোত ক'ত কি ঘটিছিল ? চাওঁ আহক।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক ১৪ জানুৱাৰীৰ দিনটোত ঘটা ঘটনা পৰিঘটনা
Published: 

14 Jan 2026 | 10:05 AM

১৪ জানুৱাৰীৰ তাৰিখটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ১৭৬১ চনৰ ১৪ জানুৱাৰীত আফগান শাসক আহমদ শ্বাহ আব্দালীৰ সৈন্য আৰু মাৰাঠাৰ মাজত পানীপথৰ তৃতীয় যুদ্ধ হয়। এই যুদ্ধখন ১৮ শতিকাৰ অন্যতম ভয়াৱহ যুদ্ধ হিচাপে স্মৰণ কৰা হয়, য’ত মাৰাঠাসকলে পৰাজয়ৰ সন্মুখীন হৈছিল। এদিনতে হাজাৰ হাজাৰ লোকৰ মৃত্যু হয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস

  1. ১৫১৪ চনত পোপ দশম লিঅ’ই দাসত্বৰ বিৰুদ্ধে আদেশ জাৰি কৰে।
  2. ১৫৫১ চনত আকবৰৰ নটা ৰত্নৰ ভিতৰত অন্যতম আবুল ফজলৰ জন্ম হয়।
  3. ১৭৬০ চনত ফৰাচী জেনেৰেল লেলিয়ে পণ্ডিচেৰী ব্ৰিটিছৰ হাতত গতাই দিয়ে।
  4. ১৭৬১ চনত মাৰাঠা আৰু আফগান শাসক আহমদ শ্বাহ আব্দলীৰ মাজত পানীপথৰ তৃতীয় যুদ্ধ।
  5. ১৮০৯ চনত ইংলেণ্ড আৰু স্পেইনে নেপোলিয়ন বোনাপাৰ্টৰ বিৰুদ্ধে মিত্ৰতা কৰে।
  6. ১৯২৬ চনত প্ৰখ্যাত লেখিকা তথা সমাজ কৰ্মী মহাস্বেতা দেৱীৰ জন্ম হয়।
  7. ১৯৬৯ চনত মাদ্ৰাজৰ নাম সলনি কৰা হয় তামিলনাডু।
  8. ১৯৩৭ চনত ছায়াবাদী কবি জয়শংকৰ প্ৰসাদৰ দেহাৱসান ঘটে।
  9. ১৯৭৪ চনত বিশ্ব ফুটবল লীগ প্ৰতিষ্ঠা হয়।
  10. ১৯৭৫ চনত ছোভিয়েট ইউনিয়নে আমেৰিকাৰ সৈতে হোৱা বাণিজ্যিক চুক্তি বন্ধ কৰে।
  11. ১৯৮২ চনত ইন্দিৰা গান্ধীয়ে ২০ দফা নতুন অৰ্থনৈতিক কাৰ্যসূচীৰ সবিশেষ দাঙি ধৰে।
  12. ২০০৭ চনত নেপালত অন্তৱৰ্তীকালীন সংবিধান অনুমোদন হয়।
  13. ২০২০ চনত নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কেৰালা চৰকাৰে আবেদন দাখিল কৰে। এনে পদক্ষেপ লোৱা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হ’ল কেৰালা।
কলপাতত খাদ্য খোৱাৰ ৫টা উপকাৰী গুণ কি কি? জানক...
ব্লাড চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে এইসমূহ খাদ্যই, জানক...
মাঘ বিহুত কিয় মেজি জ্বলোৱা হয়? জানক তাৎপৰ্য আৰু নিয়মৰ বিষয়ে
শীতকালত দিনটোত কিমান পানী খাব লাগে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি