Jobs: দশম উত্তীৰ্ণৰ বাবে ইছৰোত ওলাইছে চাকৰিঃ ক’ত,কেনেকৈ আবেদন কৰিব জানক…

Job: পুনৰ ওলাইছে চাকৰি। গতিকে আপুনি যদি নতুন চাকৰি বিচাৰি আছে তেন্তে কৰিব পাৰে আবেদন। এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত কেইবাটাও পদ পূৰ কৰা হ'ব।

Jobs: দশম উত্তীৰ্ণৰ বাবে ইছৰোত ওলাইছে চাকৰিঃ কত,কেনেকৈ আবেদন কৰিব জানক...

চাকৰি

Published: 

27 Oct 2025 | 04:56 PM

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰোই কেইবাটাও পদৰ বাবে আবেদন আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে ইছৰোই ফাৰ্মাচিষ্ট আৰু টেকনিচিয়ান বিৰ লগতে কেইবাটাো খালী পদ পূৰণ কৰিব। গতিকে যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰে। এই আবেদন প্ৰক্ৰিয়া বৰ্তমান চলি আছে আৰু ই ১৩ নৱেম্বৰলৈ চলিব। গতিকে ইছৰোৰ অফিচিয়েল ৱেবছাইট isro.gov.in ৰ জৰিয়তে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব পাৰে। এই প্ৰক্ৰিয়াৰ অধীনত ইছৰোই ৪৪ টা পদ পূৰণ কৰিব।

জানিব পৰা মতে, ইছৰোই ফিটাৰ, মেচিনিষ্ট, ইলেক্ট্ৰনিক্স মেকানিক, লেব এচিষ্টেণ্ট, ফাৰ্মাচিষ্ট, আৰু টেকনিচিয়ান বি আদিৰ খালী পদ পূৰ কৰিব। প্ৰতিটো পদৰ বাবে অৰ্হতা বেলেগ বেলেগ। এই ক্ষেত্ৰত আপুনি ইছৰোৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।

অৰ্হতা

মেচিনিষ্ট, ইলেক্ট্ৰনিক্স মেকানিক, আৰু ফিটাৰ পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকল দশম উত্তীৰ্ণ হ’ব লাগিব, লগতে সংশ্লিষ্ট ক্ষেত্ৰত আই টি আইৰ প্ৰমাণ পত্ৰ থাকিব লাগিব। ফাৰ্মাচিষ্টৰ পদৰ বাবে প্ৰাৰ্থীৰ ফাৰ্মাচীত ডিপ্লমা থাকিব লাগিব। অধিক জানিবলৈ অধিসূচনা চাব পাৰে।

বয়স

প্ৰাৰ্থীসকলৰ বয়স ১৮ ৰ পৰা ৩৫ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে চৰকাৰী নিয়ম অনুসৰি সংৰক্ষিত শ্ৰেণীৰ লোকে বয়সৰ ক্ষেত্ৰত ৰেহাই পাব।

কেনেকৈ আবেদন কৰিব

  • প্ৰথমে আপুনি ইছৰোৰ অফিচিয়েল ৱেবচাইট isro.gov.in লৈ যাওক।
  • হোমপেজৰ কেৰিয়াৰত ক্লিক কৰিব।
  • SAC Vacancy Notification ত ক্লিক কৰক।
  • পাছত আবেদন কৰক।
  • সকলো তথ্য দাখিল কৰি চাবমিট কৰক।

অধিসূচনাঃ ISRO SAC Recruitment 2025 Notification pdf

নিৰ্বাচন প্ৰক্ৰিয়া কি

জানিব পৰা মতে, লিখিত পৰীক্ষা, দক্ষতা, নথি পত্ৰ পৰীক্ষণৰ পাছত প্ৰাৰ্থীক উপযুক্ত পদৰ বাবে নিৰ্বাচন কৰা হ’ব। গতিকে আপুনি যদি যোগ্য আৰু এই পদৰ বাবে ইচ্ছুক তেন্তে আজিয়ে কৰিব পাৰে আবেদন।

 

 

অন্য খবৰ পঢ়কঃ স্নাতক উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...