ৰে’লৱেত চাকৰি কৰাৰ সুযোগ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…

চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। কিয়নো ৰে'লৱেত ওলাইছে চাকৰি। গতিকে যোগ্য আৰু ইচ্ছুকসকলে শীঘ্ৰেই এই পদৰ বাবে আবেদন কৰিব পাৰে।

ৰেলৱেত চাকৰি কৰাৰ সুযোগ! কত, কেনেকৈ আবেদন কৰিব জানক...

ৰে'লৱে

Published: 

11 Aug 2025 17:36 PM

চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। ৰে’লৱে নিযুক্তি বৰ্ড (RRB)য়ে পেৰামেডিকেল শিতানত বিভিন্ন পদৰ নিযুক্তিৰ বাবে  আবেদন আহ্বান কৰিছে। ইতিমধ্যে এই পদৰ বাবে আবেদন প্ৰক্ৰিয়া ৯ আগষ্টৰ পৰা আৰম্ভ হৈছে আৰু ই ৮ ছেপ্টেম্বৰলৈ চলিব। গতিকে নিৰ্ধাৰিত সময়ৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থীয়ে RRBৰ  rrbcdg.gov.in ৰ অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব। অনলাইনৰ জৰিয়তে প্ৰাৰ্থীসকলে আবেদন জনাব পাৰিব।

নিযুক্তি বৰ্ডে মুঠ ৪৩৪ টা পদৰ বাবে আবেদন আহ্বান কৰিছে। ইয়াৰ ভিতৰত নাৰ্চিং অধীক্ষকৰ ২৭২টা, ডায়েলাইছিছ টেকনিচিয়ানৰ ৪টা, দ্বিতীয় শ্ৰেণীৰ স্বাস্থ্য আৰু মেলেৰিয়া পৰিদৰ্শক ৩৩টা, ফাৰ্মাচিষ্ট (এণ্ট্ৰি গ্ৰেড)ৰ ১০৫টা, ৰেডিঅ’গ্ৰাফাৰ এক্স-ৰে টেকনিচিয়ানৰ ৪টা, ইচিজি টেকনিচিয়ানৰ ৪টা আৰু মুঠ ১২টা লেবৰেটৰী এচিষ্টেণ্ট দ্বিতীয় গ্ৰেড পদ আছে। অৱশ্যে প্ৰতিটো পদৰ বাবে যোগ্যতা বেলেগ বেলেগ।

যোগ্যতা

নাৰ্চিং অধীক্ষক পদৰ বাবে প্ৰাৰ্থীগৰাকীৰ বি এছ চি নাৰ্চিং বা জি এন এম ডিগ্ৰী থাকিব লাগিব। ডায়েলাইছিছ টেকনিচিয়ান পদৰ বাবে প্ৰাৰ্থীজনৰ হিমোডায়েলাইছিছত ডিপ্লমা থাকিব লাগিব। অন্য পদসমূহৰ যোগ্যতা জানিবলৈ আপুনি ৰে’লৱেৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।

মাচুল

জেনেৰেল, অবিচিঃ ৫০০ টকা
অনুসূচিত জাতি, অনুসূচিত জাতি, প্ৰাক্তন সেনাবাহিনী, দিব্যাংজান, মহিলা, হিজড়া, সংখ্যালঘু বা অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ পৰীক্ষাৰ্থীঃ ২৫০ টকা

উল্লেখ্য যে,পৰীক্ষাত হাজিৰ হোৱাৰ লগে লগে প্ৰযোজ্য বেংক চাৰ্জ কৰ্তন কৰাৰ পিছত ৪০০ টকাৰ পৰিমাণ ঘূৰাই দিয়া হ’ব।

কেনেকৈ আবেদন কৰিব

  • প্ৰথমে আপুনি rrbcdg.gov.in ৱেবচাইটলৈ যাওক।
  • তাত আপুনি পেৰামেডিকেল কেটেগৰিৰ ভৰ্তি দেখিব।
  • তাৰ তলত আবেদনৰ লিংক দেখিব।
  • তাত ক্লিক কৰক।
  • পাছত আবেদন কৰাৰ ফৰ্ম দেখিব।
  • পাছত আপুনি পৰ্যায় অনুসৰি আবেদন কৰিব পাৰিব।

 

অফিচিয়েল ৱেবচাইটঃ ক্লিক কৰক

অধিক জানিবলৈঃ ক্লিক কৰক

আবেদন লিংকঃ ক্লিক কৰক

কেনেকৈ হ’ব নিৰ্বাচন

বিভিন্ন পদৰ বাবে আৱেদনকাৰীক লিখিত পৰীক্ষাৰ জৰিয়তে নিৰ্বাচন কৰা হ’ব। দেশৰ বিভিন্ন কেন্দ্ৰত চিবিটি মোডত এই পৰীক্ষা অনুষ্ঠিত হ’ব। পৰীক্ষাত সফল প্ৰাৰ্থীসকলক পৰৱৰ্তী বাছনি প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰা হ’ব।

RRB Paramedical Vacancy 2025 Notification pdf

 

 

অন্য খবৰ পঢ়কঃ Independence day 2025 Speech: ছাত্ৰ-ছাত্ৰীৰ বাবে স্বাধীনতা দিৱসৰ চমু ভাষণ…

মুদ্ৰাস্ফীতিয়ে কোঙা কৰা পাকিস্তানত এটা ৰুটিৰ দাম কিমান জানেনে?
২১ আগষ্টৰ লক্ষ্মী-নাৰায়ণ ৰাজযোগ! কপাল ফুলিব এই ৰাশিৰ লোকৰ...
ভাৰতৰ ১ টকাৰ মূল্য পাকিস্তানত কিমান হয় জানেনে? জানক সকলো...
মদ্যপান কৰাৰ পাছত ভুলতেও নাখাব এইবোৰ খাদ্য, অন্যথা ডাঙৰ ক্ষতিৰ সন্মুখীন হব...!