ঐতিহাসিক পদক্ষেপঃ ১৪টা ভাষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব জুবিন গাৰ্গৰ জীৱনী

কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহৰ পৰাই এই ঘোষণা কৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ বিষয়ববীয়াই। ছাত্ৰ-ছাত্ৰীসকলক জুবিন গাৰ্গৰ জীৱন আৰু তেওঁৰ কৰ্মৰাজিৰ সৈতে পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত এয়া এক উল্লেখযোগ্য পদক্ষেপ হিচাপে গ্ৰহণ কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে।

ঐতিহাসিক পদক্ষেপঃ ১৪টা ভাষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব জুবিন গাৰ্গৰ জীৱনী

জুবিন গাৰ্গলৈ বিশেষ সন্মান

Published: 

27 Sep 2025 | 02:40 PM

যোৱা ১৯ ছেপ্টেম্বৰত অসমবাসীক শোকস্তব্ধ কৰি চিৰদিনৰ বাবে চকু মুদে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ। হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুৱে এতিয়াও ৰাজ্যৰ প্ৰতিজন লোককে শোকাহত কৰি ৰাখিছে। ইফালে প্ৰাণৰ শিল্পীগৰাকীৰ অকাল মৃত্যু ক্ৰমাৎ অধিক ৰহস্যঘন হৈ পৰাত উচিত তদন্তৰ দাবী জনাইছে ৰাজ্যবাসীয়ে। তাৰ মাজতে ৰাজ্যবাসীয়ে এক বিশেষ খবৰ লাভ কৰিছে। অসমীয়া সমাজ-জীৱনৰ এক কিংবদন্তিত পৰিণত হোৱা জুবিন গাৰ্গৰ প্ৰতি সন্মান প্ৰদৰ্শনেৰে গ্ৰহণ কৰা হৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

জুবিন গাৰ্গৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে অসম বিদ্যালয় শিক্ষা পৰিষদে। শিক্ষা পৰিষদে প্ৰয়াত শিল্পীগৰাকীৰ জীৱনী বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ’ব বুলি ঘোষণা কৰিছে। কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহৰ পৰাই এই ঘোষণা কৰে অসম বিদ্যালয় শিক্ষা পৰিষদৰ বিষয়ববীয়াই।

ছাত্ৰ-ছাত্ৰীসকলক জুবিন গাৰ্গৰ জীৱন আৰু তেওঁৰ কৰ্মৰাজিৰ সৈতে পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত এয়া এক উল্লেখযোগ্য পদক্ষেপ হিচাপে গ্ৰহণ কৰিছে অসম বিদ্যালয় শিক্ষা পৰিষদে। এই জীৱনীখন দেশৰ ১৪টা প্ৰধান আধুনিক ভাৰতীয় ভাষা (MIL)ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব বুলিও অসম বিদ্যালয় শিক্ষা পৰিষদে সদৰী কৰিছে।

এনে পদক্ষেপৰ জৰিয়তে অসমৰ লগতে সমগ্ৰ দেশৰ শিক্ষাৰ্থীসকলে জুবিন গাৰ্গৰ অসাধাৰণ যাত্ৰা, শৈল্পিক অৱদান আৰু মানৱতাৰ দিশত শিল্পীগৰাকীৰ চিৰস্থায়ী দৰ্শনৰ বিষয়ে জানিব পাৰিব। উল্লেখ্য যে ইতিপূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়েও শিল্পীগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শনেৰে ‘চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছ এণ্ড কালচাৰ’ৰ নাম জুবিন গাৰ্গৰ নামেৰে সলনি কৰাৰ সিদ্ধান্ত লৈছে।

এই পদক্ষেপৰ অংশ হিচাপে গুৱাহাটী বিশ্ববিদ্যায়ে চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছ এণ্ড কালচাৰৰ প্ৰৱেশদ্বাৰত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰিব। তদুপৰি জুবিন গাৰ্গৰ সংগীত যাত্ৰা আৰু কৃতিত্ব সন্দৰ্ভত এক গ্ৰন্থও প্ৰকাশ কৰা হ’ব। ইয়াৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ে আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত “জুবিনৰ গীত” শীৰ্ষক এক নতুন শিতান প্ৰৱৰ্তন কৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...