Intelligence Bureau Recruitment 2025: দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব, জানক..

Intelligence Bureau Jobs: চাকৰি বিচাৰি থকাসকলৰ বাবে আছে এক ভাল খবৰ। কিয়নো পুনৰ ওলাইছে চৰকাৰী চাকৰি। ইয়াৰ সহায়ত আপুনি ইন্টেলিজেন্স ব্যুৰোত কাম কৰাৰ সুযোগ পাব। গতিকে যোগ্য আৰু ইচ্ছুকসকলে আবেদন কৰিব পাৰে।

Intelligence Bureau Recruitment 2025: দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰিঃ কত, কেনেকৈ আবেদন কৰিব, জানক..

চাকৰি

Updated On: 

20 Nov 2025 | 10:26 AM

চৰকাৰী চাকৰি বিচাৰি থকাসকলৰ বাবে আছে এক ভাল খবৰ। আপুনি যদি চোৰাংচোৱা ব্যুৰো (IB) ত কাম কৰাৰ সপোন দেখিছে তেন্তে এয়া আপোনাৰ বাবে এক ডাঙৰ সুযোগ হ’ব পাৰে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে মাল্টি টাস্কিং ষ্টাফ (MTS) পদত নিযুক্তি প্ৰক্ৰিয়াৰ বাবে অধিসূচনা জাৰি কৰিছে। এই আবেদন প্ৰক্ৰিয়া ২২ নৱেম্বৰ,২০২৫ ৰ পৰা আৰম্ভ হ’ব আৰু এই প্ৰক্ৰিয়া ১৪ ডিচেম্বৰ, ২০২৫ লৈ চলিব। গতিকে আপুনি যদি অনলাইন আবেদন কৰিব বিচাৰে তেন্তে অফিচিয়েল ৱেবছাইট mha.gov.in ত গৈ আবেদন কৰিব পাৰিব।

দশম উত্তীৰ্ণ প্ৰাৰ্থীসকলে এই পদৰ বাবে অনলাইন আবেদন কৰিব পাৰে। চৰকাৰী চাকৰি কৰিব বিচৰাসকলৰ বাবে এয়া এক ডাঙৰ সুযোগ হ’ব পাৰে।

অৰ্হতা

এই নিযুক্তিৰ বাবে অৰ্হতা দশম উত্তীৰ্ণ। প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ পৰা ২৫ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলে চৰকাৰী নিয়ম অনুসৰি বয়সৰ ক্ষেত্ৰত শিথিলতা লাভ কৰিব। বয়স ২০২৫ চনৰ ১৪ ডিচেম্বৰলৈ ধৰা হ’ব।

মাচুল

  • নিযুক্তি প্ৰক্ৰিয়াকৰণঃ ৫৫০ টকা।
  • জেনেৰেল, অ’বিচি, আৰু ইডব্লিউএছঃ ১০০ টকা।
  • অৱশ্যে SC, ST, PwBD, মহিলা, আৰু প্ৰাক্তন সেনাবাহিনীৰ পৰা কোনো মাচুল লোৱা নহয়।
  • এক কথাক সাধাৰণ শ্ৰেণীৰ লোকে মুঠ ৬৫০ টকা দিব লাগিব,আনহাতে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৫৫০ টকা জমা কৰিব লাগিব।

কেনেকৈ আবেদন কৰিব

  • প্ৰথমে আপুনি অফিচিয়েল ৱেবচাইট mha.gov.in লৈ যাওক।
  • Recruitment লিংকত ক্লিক কৰক।
  • নতুন পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ “To Register” ত ক্লিক কৰক।
  • পাছত লগ ইন কৰক।
  • আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।
  • মাচুল জমা কৰক।
  • চাবমিট কৰক।

 

অন্য খবৰ পঢ়কঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা, কোনদিনা কি পৰীক্ষা অনুষ্ঠিত হ’ব, চাওক তালিকা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...