আজি বছৰৰ প্ৰথমটো দিন, ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক এই দিনটোত ঘটা ঘটনা পৰিঘটনা

আজি ১ জানুৱাৰী। বছৰৰ প্ৰথমটো দিন। বহু ঘটনা পৰিঘটনাৰ বাবে এই দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক।

আজি বছৰৰ প্ৰথমটো দিন, ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক এই দিনটোত ঘটা ঘটনা পৰিঘটনা
Updated On: 

01 Jan 2026 10:15 AM

আজি বছৰৰ প্ৰথমটো দিন। বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটোতে ৰাজনীতিবিদ আৰু অসমৰ পঞ্চমগৰাকী মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ জন্ম। ১৯১৪ চনত তেওঁৰ জন্ম। তেওঁ ১৯৭২চনৰ ৩১ জানুৱাৰীৰ পৰা ১৯৭৮চনৰ ১২ মাৰ্চলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৫ চনৰ ২৫ ডিচেম্বৰত তেওঁৰ মৃত্যু হয়।

ইফালে, ভাৰতীয় আইনবিদ, অসম আৰু নাগালেণ্ডৰ কাৰ্যকৰী ৰাজ্যপাল আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ পাৰ্বতী কুমাৰ গোস্বামীৰ ১৯১৩ চনৰ আজিৰ দিনটোতে জন্ম। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া ন্যায়াধীশ আছিল। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস

  1. ১৪৩৮ চনত হেবচ্‌বাৰ্গ বংশৰ দ্বিতীয় এলবাৰ্ট হাঙ্গেৰীৰ ৰজা হিচাপে অধিষ্ঠিত হয়।
  2. ১৬০০ চনত স্কটলেণ্ডত জুলিয়ান পঞ্জিকা প্ৰচলন আৰম্ভ হয়।
  3. ১৬৫১ চনত ইংলেণ্ডৰ দ্বিতীয় চাৰ্লচ স্কটলেণ্ডৰ ৰজা হিচাপে অভিষিক্ত হয়।
  4. ১৬৭৩ চনত নিউয়ৰ্ক আৰু বষ্টন চহৰৰ মাজত নিয়মিত ডাক যোগাযোগ আৰম্ভ হয়।
  5. ১৭৮৯ চনত কলকাতা-লণ্ডনৰ মাজত ডাক যোগাযোগ ব্যৱস্থা আৰম্ভ হয়।
  6. ১৯৫৯ চনত ফিডেল কাষ্ট্ৰ’ৰ নেতৃত্বত কিউবাত বিপ্লৱ আৰম্ভ হয়।
  7. ১৯৬১ চনত ভাৰতীয় সাৰ নিগম প্ৰতিষ্ঠা কৰা হয়।
  8. ১৯১৩ চনত এগৰাকী ভাৰতীয় আইনবিদ, অসম আৰু নাগালেণ্ডৰ কাৰ্যকৰী ৰাজ্যপাল আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ পাৰ্বতী কুমাৰ গোস্বামীৰ জন্ম।
  9. ১৯১৪ চনত অসমৰ পঞ্চমগৰাকী মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ জন্ম।
  10. ১৮৮৬ চনত আমেৰিকান বেপ্তিষ্ট মিছনেৰী, আমেৰিকাৰ দাসপ্ৰথা বিৰোধক আৰু অনুবাদক নাথান ব্ৰাউনৰ মৃত্যু।

Input: wikipedia

ইউৰিক এচিড বৃদ্ধি হ’লে শৰীৰে দিয়ে এইসমূহ ইংগিত? সবিশেষ জানক...
২৬ত সলনি হ’ব বিশ্ব! বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণীক লৈ চাঞ্চল্য...
Happy New Year: এই নৱবৰ্ষত আপোনজনক দিয়ক সহজ আৰু চুটি শুভেচ্ছা বাৰ্তা!
ছালত ব্রণৰ সমস্যা, ই কোনো ৰোগৰ ইংগিত নেকি?
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...