দিল্লীক দেশৰ ৰাজধানী হিচাপে ঘোষণাৰ পৰা ‘কা’ আন্দোলনলৈ, চাওঁ আহক আজি দিনটোৰ ইতিহাস…

আজি ১২ ডিচেম্বৰ, বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দিল্লীক দেশৰ ৰাজধানী হিচাপে ঘোষণাৰ পৰা 'কা' আন্দোলনলৈ, চাওঁ আহক আজি দিনটোৰ ইতিহাস।

দিল্লীক দেশৰ ৰাজধানী হিচাপে ঘোষণাৰ পৰা কা আন্দোলনলৈ, চাওঁ আহক আজি দিনটোৰ ইতিহাস...
Published: 

12 Dec 2025 10:18 AM

বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ১৯১১ চনৰ আজিৰ দিনটোতে কলিকতাৰ সলনি দিল্লীক দেশৰ ৰাজধানী হিচাপে লোৱাৰ সিদ্ধান্ত লোৱা হৈছিল। সেই সময়ত ব্ৰিটেইনৰ ৰজা-ৰাণী ভাৰত ভ্ৰমণ কৰি দিল্লী দৰবাৰত ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছিল।

অসমৰ ইতিহাসৰ বাবেও আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ। ১৯৭৯ চনত অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হয়। এই ৰাষ্ট্ৰপতি শাসন ১৯৮০ চনৰ ৫ ডিচেম্বৰ লৈকে বলৱৎ আছিল। একেদৰে ২০১৯ চনৰ আজিৰ দিনটোতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ বিৰুদ্ধে অসমত সৰ্বাত্মক প্ৰতিবাদ দেখা গৈছিল। সমগ্ৰ অসমত সান্ধ্য আইন বাহাল থকাৰ স্বত্তেও গুৱাহাটীৰ লতাশিল খেলপথাৰত অগনণ জনতাৰ প্ৰতিবাদ। অসম আন্দোলনৰ পিছত এইটো আছিল বৃহৎ গণ আন্দোলন। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ঘটনা পৰিঘটনা।

দিনটোৰ ইতিহাস

১৯৪৮ আজিৰ দিনটোতে দক্ষিণ কোৰিয়াক নৱ ৰাষ্ট্ৰৰূপে ৰাষ্ট্ৰসংঘই স্বীকৃতি প্ৰদান কৰে।

১৯৭৯ চনত অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন। এই ৰাষ্ট্ৰপতি শাসন ১৯৮০ চনৰ ৫ ডিচেম্বৰ লৈকে বলৱৎ আছিল।

১৯১১ চনত সম্ৰাট পঞ্চম জৰ্জে আৰু ৰাণী মেৰী দুয়ো একেলগে দিল্লী দৰবাৰত ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছিল।

১৯৫০ চনত দক্ষিণ ভাৰতৰ এগৰাকী প্ৰখ্যাত চিনেমা তাৰকা তথা অতি জনপ্ৰিয় অভিনেতা ৰজনীকান্তৰ জন্ম হয়। তেওঁৰ প্ৰকৃত নাম শিৱাজী ৰাও গায়েকৱাদ।

১৯৬৪ চনত ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰাৰ এবছৰৰ পাছত কেনিয়া গণৰাজ্যত পৰিণত হয়।

১৯৮৮ চনত দক্ষিণ লণ্ডনত ৰাতিপুৱাৰ ভিৰত তিনিখন ৰে’লৰ সংঘৰ্ষত ৩৫ জন লোকৰ মৃত্যু হয়। ১০০ৰো অধিক লোক আহত হয়।

২০০৯ চনত ডেম’ক্ৰেটিক দলৰ নেত্ৰী এনিছ পাৰ্কাৰৰ বিজয়ৰ লগে লগে হিউষ্টন সেই সময়ত আমেৰিকাৰ সৰ্ববৃহৎ চহৰত পৰিণত হয় য’ত সমকামী মেয়ৰ নিৰ্বাচিত হয়।

২০১৫ চনত পেৰিছত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সন্মিলনত জলবায়ু পৰিৱৰ্তনৰ ওপৰত এক ঐতিহাসিক চুক্তিত উপনীত হয়, য’ত ১৯৫ খন দেশে সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰিবলৈ সন্মত হয়। এই চুক্তিয়ে কিয়’ট’ প্ৰট’কলৰ ঠাই ল’লে।

২০১৮ চনত শক্তিকান্ত দাসে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৫ সংখ্যক গৱৰ্ণৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।

২০১৯ চনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সংশোধিত নাগৰিকত্ব আইনত অনুমোদন জনায়।

২০১৯ চনত সংসদে লোকসভা আৰু বিধানসভাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ সংৰক্ষণৰ সময়সীমা দহ বছৰ বৃদ্ধি কৰা সংবিধান সংশোধনী বিধেয়কত অনুমোদন জনায়।

টোপনিৰ সমস্যা বাঢ়িছে নেকি? কি কি কাৰণত অনিদ্ৰা সমস্যা হ'ব পাৰে? জানক
পেটত বাৰে বাৰে গেছ হোৱাৰ কাৰণ কি? জানক সকলো...
প্ৰতিদিনে নহৰু খালে কি কি ৰোগৰ আশংকা কমে? জানক...
ৰাতিপুৱা খালী পেটত চাহ খাই নেকি ? ইয়াৰ পাৰ্শ্বক্ৰিয়া জানক
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা...
শিৱসাগৰত পথাৰত ঘাঁহ কাটিবলৈ যাওঁতেই এজনক গঁড়ৰ আক্ৰমণ...
BTR ৰ বাবে আৰম্ভ হ'ব অৰুণোদয় ৩.০