ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোতে বিশ্বই বহু মহান ব্যক্তিক হেৰুৱাইছিল আৰু আজিৰ দিনটোতে বহু চিন্তাবিদ আৰু নেতাৰ জন্মও হৈছিল। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা...

ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…

ইতিহাস

Published: 

05 May 2025 | 09:26 AM

ইতিহাসৰ পৃষ্ঠাত ৫ মে’ৰ দিনটো বহুতো ডাঙৰ ডাঙৰ পৰিঘটনাৰ পৰিচিত। আজিৰ দিনটোতে বিশ্বই বহু মহান ব্যক্তিক হেৰুৱাইছিল আৰু আজিৰ দিনটোতে বহু চিন্তাবিদ আৰু নেতাৰ জন্মও হৈছিল। ইয়াৰ ভিতৰত বিখ্যাত জাৰ্মান চিন্তাবিদ আৰু অৰ্থনীতিবিদ কাৰ্ল মাৰ্ক্স আৰু তৃতীয় শিখ গুৰু অমৰদাস জীৰ দৰে নাম অন্তৰ্ভুক্ত হৈ আছে।

ইতিহাসৰ ৫ মে’ৰ দিনটোত ঘটা কেইটামান পৰিঘটনা

  1. ১৪৭৯ চনৰ আজিৰ দিনটোতে শিখ ধৰ্মৰ তৃতীয় গুৰু অমৰদাস জীৰ জন্ম হয়।
  2. ১৮১৮ চনৰ আজিৰ দিনটোতে সমাজবাদ আৰু পুঁজিবাদৰ ওপৰত গভীৰ প্ৰভাৱ পেলোৱা কাৰ্ল মাৰ্ক্সৰ জন্ম হয়।
  3. ১৮২১ চনৰ আজিৰ দিনটোতে ইউৰোপীয় ইতিহাসত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা ফ্ৰান্সৰ প্ৰাক্তন সম্ৰাট নেপোলিয়ন বোনাপাৰ্টৰ মৃত্যু হয়।
  4. ১৯১৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গিয়ানী জৈল সিঙৰ জন্ম হয়।
  5. ১৯৮০ চনৰ আজিৰ দিনটোতে লণ্ডনত থকা ইৰাণৰ দূতাবাস সন্ত্ৰাসবাদীৰ পৰা মুক্ত কৰে ব্ৰিটিছ কমাণ্ডোৱে।
  6. ১৯৮৪ চনৰ আজিৰ দিনটোতে ফু দৰ্জীয়ে অক্সিজেন অবিহনে মাউণ্ট এভাৰেষ্ট জয় কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব