ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

৬ এপ্ৰিলৰ দিনটো ভাৰতৰ ৰাজনৈতিক ইতিহাসত উল্লেখযোগ্য় দিন হিচাপে বিবেচিত হৈ আহিছে । কিয়নো আজিৰ দিনটোতে বৰ্তমানৰ দেশৰ শাসনত থকা বিজেপি দলে প্ৰতিষ্ঠা লাভ কৰিছিল । ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ কেইটামান পৰিঘটনা ।

ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

আজিৰ দিনটো ইতিহাস

Updated On: 

06 Apr 2025 | 09:38 AM

আজি ৬ এপ্ৰিল, দেওবাৰ । ভাৰতৰ ইতিহাসত আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ । বিশেষকৈ ৬ এপ্ৰিলৰ দিনটো ভাৰতৰ ৰাজনৈতিক ইতিহাসত উল্লেখযোগ্য় দিন হিচাপে বিবেচিত হৈ আহিছে । কিয়নো আজিৰ দিনটোতে বৰ্তমানৰ দেশৰ শাসনত থকা বিজেপি দলে প্ৰতিষ্ঠা লাভ কৰিছিল । ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, বিজেপিৰ প্ৰতিষ্ঠা ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ টাৰ্নিং পইণ্ট ।

ইফালে, আজিৰ দিনটো ক্ৰীড়া জগতৰ বাবেও বিশেষ । কাৰণ ১৮৯৬ চনৰ আজিৰ দিনটোতে অলিম্পিক গেমছৰ শুভাৰম্ভ হয়। এথেন্স চহৰৰ পৰা প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে অলিম্পিক গেমছৰ যাত্ৰা । ইয়াৰ বাহিৰেও মোগল ইতিহাসৰ আজিৰ দিনটোতে ৰাজকুমাৰ খুছৰোৱে চেলিমৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। ১৬০৬ চনলৈকে চেলিম মোগল সম্ৰাট হৈ জাহাংগীৰ নামেৰে পৰিচিত হৈছিল। খুছৰো আছিল জাহাংগীৰৰ জ্যেষ্ঠ পুত্ৰ। তেওঁ মোগল চুলতানীৰ বিৰুদ্ধে বিদ্ৰোহ কৰি পঞ্জাৱৰ দিশে আগবাঢ়ি যায় যদিও জাহাংগীৰৰ সৈন্যৰ হাতত পৰাস্ত হয়।

চাওঁ আহক আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ পৰিঘটনা

  1. ১৬০৬ চনৰ আজিৰ দিনটোতে ৰাজকুমাৰ খুছৰোৱে পিতৃ সম্ৰাট জাহাংগীৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰে।
  2. ১৮৯৬ চনৰ আজিৰ দিনটোতে এথেন্সত আধুনিক অলিম্পিক গেমছ আৰম্ভ হয়।
  3. ১৯৮০ চনৰ আজিৰ দিনটোতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা হয়।
  4. ১৯১৭ চনৰ আজিৰ দিনটোতে আমেৰিকাই প্ৰথম বিশ্বযুদ্ধত জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
  5. ১৯১৯ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে ৰাওলাট আইনৰ প্ৰতিবাদত প্ৰথম সৰ্বভাৰতীয় ধৰ্মঘটৰ আহ্বান জনায়।
  6. ১৯৩০ চনৰ আজিৰ দিনটোতে গান্ধীজীয়ে লোণ সত্যগ্ৰহৰ অধীনত লোণ আইন ভংগ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হয়।
  7. ১৯৫৫ চনৰ আজিৰ দিনটোতে আমেৰিকাই পাৰমাণৱিক পৰীক্ষা চলায়।
  8. ১৯৫৭ চনৰ আজিৰ দিনটোতে ছোভিয়েট ইউনিয়নেও পাৰমাণৱিক পৰীক্ষা চলায়।

লগতে জানক আজি দেওবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক ৰাশিফল…

আপোনাৰ দিনটো আৰম্ভ কৰক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে…

ইচ্ছামতে মাটি অধিগ্ৰহণ কৰিব নোৱাৰিব ৱাকফে ! ৰাষ্ট্ৰপতি স্বাক্ষৰ পাছতে আইনত পৰিণত হ’ল ৱাকফ সংশোধনী বিধেয়ক

ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
সঘনাই হয় নেকি কঁকালৰ বিষ? কি ৰোগৰ লক্ষণ হ'ব পাৰে জানক...
এই ৫ টা কাৰণত হ'ব পাৰে হৃদযন্ত্ৰৰ সমস্যা, জানক...
ওজন হ্ৰাস কৰিবলৈ খাওক এই ৫ বিধ পানীয়...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে