ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…

এখন ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। এতিয়াৰ পৰা চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানত বাধ্যমূলক হ'ব গীতাৰ শ্লোক। এই সিদ্ধান্তক বহুতে বিৰোধিতা কৰিছে যদিও বহুতে সমৰ্থনো কৰিছে।

ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক...

উত্তৰাখণ্ড

Published: 

16 Jul 2025 | 10:11 PM

বিদ্যালয়সমূহৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত এখন ৰাজ্যৰ চৰকাৰৰ। সিদ্ধান্ত অনুসৰি, এতিয়াৰ পৰা সকলো বিদ্যালয়তে প্ৰাৰ্থনা সভাৰ সময়ত গীতাৰ শ্লোক আবৃত্তি কৰা বাধ্যতামূলক হ’ব। এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰাখণ্ড চৰকাৰে। এই কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে ভাগৱতৰ জ্ঞান কেৱল ধৰ্মীয় নহয়, ই নৈতিকতা আৰু জীৱন মূল্যবোধৰ শিক্ষাও দিয়ে। এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলক উন্নত মানুহ আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাতো সহায় কৰিব।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে জাৰি কৰা এক বিবৃতিত কয় যে, এই সিদ্ধান্ত কোনো এটা ধৰ্মক প্ৰচাৰৰ বাবে লোৱা হোৱা নাই। ইয়াৰ উদ্দেশ্য হৈছে শিক্ষাৰ জৰিয়তে ভাৰতীয় দৰ্শন আৰু সংস্কৃতিক নৱপ্ৰজন্মলৈ প্ৰেৰণ কৰা। আৰু কয় যে ‘গীতাৰ শ্লোকবোৰত এনে শিক্ষা আছে যিয়ে জীৱনক সঠিক দিশ প্ৰদান কৰাত সহায় কৰে। ই ছাত্ৰ-ছাত্ৰীসকলক নৈতিকতা, আত্ম-অনুশাসন আৰু সমাজৰ প্ৰতি দায়বদ্ধতাৰ পাঠ শিকাব।

নিৰ্দেশনাত স্পষ্ট কৰি দিয়ে যে, এই সিদ্ধান্ত চৰকাৰী আৰু বেচৰকাৰী সকলো বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। শীঘ্ৰে এই সন্দৰ্ভত শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰিব। চৰকাৰে বিবৃতিত কয় যে, গীতাৰ শ্লোক উচ্ছাৰণ কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ চৰিত্ৰ গঠনত সহায় কৰাৰ লগতে ই ভাৰতীয় সংস্কৃতিৰ বিষয়েও জ্ঞান দিব।

উল্লেখ্য যে, চৰকাৰৰ এই পদক্ষেপক লৈ একাংশই সমৰ্থন কৰাৰ বিপৰীত একাংশই সমালোচনা কৰিছে। কিন্তু চৰকাৰে স্পষ্ট কৰি দিছে যে সকলো ধৰ্মক সন্মান জনাই কেৱল শিক্ষাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে।

ইউচিচি ৰূপায়ণ কৰা প্ৰথমখন ৰাজ্যও আছিল উত্তৰাখণ্ড

উল্লেখ্য যে, উত্তৰাখণ্ড হৈছে UCC কাৰ্যকৰী কৰা প্ৰথমখন ৰাজ্য। ২০২৫ চনৰ ২৭ জানুৱাৰীৰ পৰা উত্তৰাখণ্ডত ইউনিফৰ্ম চিভিল কোড (ইউচিচি) বলবৎ হৈছিল। সেই সময়চোৱাত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যদিও বহুতে ইয়াক সমৰ্থন কৰিছিল আৰু অৱশেষত এই আইন কাৰ্যকৰী কৰিছিল।

উল্লেখ কৰা প্ৰয়োজন যে, এই আইনখনে ব্যক্তিগত বিষয় যেনে বিবাহ, বিবাহ বিচ্ছেদ, দত্তক লোৱা, উত্তৰাধিকাৰ আৰু বাসস্থানৰ সম্পৰ্ক নিয়ন্ত্ৰণ কৰে, সকলো নাগৰিকৰ বাবে সম অধিকাৰ আৰু নিয়ম নিশ্চিত কৰে। এই আইনৰ অধীনত বহুবিবাহ আৰু একপক্ষীয় বিবাহ বিচ্ছেদ নিষিদ্ধ কৰা হৈছে, আৰু কন্যা আৰু পুত্ৰক সম্পত্তিৰ ক্ষেত্ৰত সমান অধিকাৰ দিয়া হৈছে। উত্তৰাখণ্ড চৰকাৰৰ মতে এই পদক্ষেপে ৰাজ্যখনত লিংগ, জাতি আৰু ধৰ্মৰ ভিত্তিত যিকোনো ধৰণৰ বৈষম্যৰ অন্ত পেলাব আৰু এখন সুসম সমাজৰ ভেটি স্থাপন কৰিব।

 

অন্য খবৰ পঢ়কঃ ৩ বছৰ ধৰি আছিল লিভ-ইনত! বেমাৰ হোৱাৰ পাছতেই হাস্পাতালত এৰি পলায়ন প্ৰেমিকৰ…

জীৱনলৈ বেয়া সময় অহাৰ পূৰ্বে মানুহে লাভ কৰে এইবোৰ সংকেত! জানক...
বাঢ়িব পাৰে এই স্বাস্থ্যজনিত সমস্যা, কোনসকল লোকে ইলাচী খাব নালাগে ?
এই খাদ্যই ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰে, জানক কি কি নাখাব ?
আপোনাৰ ক্ষতি কৰিব নেকি কেঁচা অমিতাই! এনে সমস্যা আছে যদি নোখোৱাই ভাল
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...