ছাত্ৰ-ছাত্ৰীৰ বাবে ডাঙৰ সুযোগ! লাভ কৰিব ৩০,০০০ টকা, কেনেকৈ জানক…

DRDO: ইন্টাৰ্ণশ্বিপ কৰাৰ ইচ্ছা আছে নেকি? তেন্তে আছে এক ভাল সুযোগ। শেহতীয়াকৈ DRDO ই আবেদন আহ্বান কৰিছে। গতিকে যোগ্য আৰু ইচ্ছুকসকলে শীঘ্ৰেই কৰিব পাৰে আবেদন।

ছাত্ৰ-ছাত্ৰীৰ বাবে ডাঙৰ সুযোগ! লাভ কৰিব ৩০,০০০ টকা, কেনেকৈ জানক...

প্ৰতীকি ফটো

Published: 

12 Jan 2026 | 08:37 PM

আপুনিও চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে নেকি? যদি আছে তেন্তে আছে ভাল খবৰ। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ই আনিছে ইন্টাৰ্ণশ্বিপৰ সুযোগ। গতিকে ইয়াৰ দ্বাৰা চাকৰি বিচাৰি থকা যুৱক-যুৱতীসকলে নিজৰ অৰ্হতা তথা দক্ষতা বৃদ্ধি কৰিব পাৰে। ইয়াৰ বাবে আপুনি কোনো মাচুল দিব নালাগে। কিন্তু DRDO ই ষ্টাইপেণ্ড প্ৰদান কৰিব। নিৰ্বাচিতসকলক DRDO ই ৩০,০০০ টকা প্ৰদান কৰিব।

DRDO ই বিভিন্ন পাঠ্যক্ৰমৰ স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ পৰা ইন্টাৰশ্বিপ আহ্বান কৰিছে। অভিযান্ত্ৰিক, বিজ্ঞান স্নাতক, আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। প্ৰাৰ্থীসকল যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়, ইনষ্টিটিউটৰ পৰা ইঞ্জিনিয়াৰিং ডিগ্ৰী বা এমটেক, বা এমএছচি থাকিব লাগিব।

আবেদনৰ বিষয়ে

যোৱা ৯ জানুৱাৰীত DRDO ই ইয়াৰ বাবে আবেদন জাৰি কৰিছিল। আবেদন প্ৰক্ৰিয়া বৰ্তমান চলি আছে। প্ৰাৰ্থীসকলে ১৯ জানুৱাৰীৰ ভিতৰত আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ DRDO ৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰি স্পীড ডাকযোগে সঞ্চালক, HEMRL, Sutarwadi, Pune 411021 লৈ প্ৰেৰণ কৰিব লাগিব। আবেদনৰ লগত কলেজৰ অধ্যক্ষৰ পত্ৰ আৰু ছাত্ৰৰ বায়োডাটা লাগিব।

৬ মাহৰ বাবে

এই ইন্টাৰ্ণশ্বিপ ৬ মাহৰ বাবে। এই ৬ মাহ সম্পূৰ্ণ হোৱাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে প্ৰমাণ পত্ৰ লাভ কৰিব। এই সময়চোৱাত প্ৰতিমাহে লাভ কৰিব ৫ হাজাৰ টকা। ইয়াৰ ফলত এই ইন্টাৰ্ণশ্বিপৰ বাবদ ৩০,০০০ টকা লাভ কৰিব। মাহত কমেও ১৫ দিন উপস্থিত থকা বাধ্যতামূলক।

নিৰ্বাচন প্ৰক্ৰিয়া কি?

শৈক্ষিক দিশটোৰ ওপৰত ভিত্তি কৰি প্ৰাৰ্থীক নিৰ্বাচন কৰা হ’ব। শৈক্ষিক দিশৰ বিষয়ে বায়োডাটাত উল্লেখ থাকিব লাগিব। ইয়াৰোপৰি মেধা তালিকা নিৰ্ধাৰণৰ বাবে ভিডিঅ’ কনফাৰেন্স বা টেলিফোন সাক্ষাৎকাৰ লোৱা হ’ব।

 

অন্য খবৰ পঢ়কঃ দৰমহা প্ৰতিমাহত ৭০ৰ পৰা ৮০ হাজাৰ, বয়সৰ সীমা ৩০ বছৰ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...