আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু বাৰ্ষিকী, চাওঁ আহক দিনটোৰ ইতিহাস

আজি ২৭ ডিচেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটোৰ ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটোতে প্ৰতিমা বৰুৱা পাণ্ডেয়ে ইহলীলা সম্বৰণ কৰে। চাওঁ আহক দিনটোৰ ইতিহাস।

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু বাৰ্ষিকী, চাওঁ আহক দিনটোৰ ইতিহাস
Published: 

27 Dec 2025 07:00 AM

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু বাৰ্ষিকী। ২০০২ চনৰ আজিৰ দিনটোতে অসমৰ লোক-সংগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডৰ মৃত্যু। তেখেত গোৱালপৰীয়া গীত “হস্তীৰ কন্যা” আৰু “মোৰ মাহুত বন্ধুৰে”ৰ বাবে সুপৰিচিত আছিল। গোৱালপৰীয়া লোকগীতৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেখেতক পদ্মশ্ৰী সন্মান আৰু সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰা হৈছিল। প্ৰবীণ হাজৰিকাৰ দ্বাৰা নিৰ্মিত তথ্যচিত্ৰ হস্তীৰ কন্যায়ে ১৯৯৭ চনত শ্ৰেষ্ঠ জীৱনীমূলক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।

আজি বেনজীৰ ভুট্টোৰ মৃত্যু বাৰ্ষিকী। ১৯৮৮ চনৰ পৰা ১৯৯০ চনলৈ আৰু পুনৰ ১৯৯৩ চনৰ পৰা ১৯৯৬ চনলৈ পাকিস্তানৰ একাদশ আৰু ত্ৰয়োদশ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা বেনজীৰ ভুট্টোৰ ২০০৭ চনত মৃত্যু হয়। মুছলমান সংখ্যাগৰিষ্ঠ দেশত গণতান্ত্ৰিক চৰকাৰৰ মুৰব্বী হিচাপে নিৰ্বাচিত হোৱা প্ৰথম মহিলা আছিল বেনজীৰ ভুট্টো। ইয়াৰ লগতে চাওঁ আহক দিনটো অন্যান্য পৰিঘটনা।

দিনটোৰ ইতিহাস

  1. ২০০৭ চনত ৰাৱালপিণ্ডিৰ সমীপত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজিৰ ভুট্টোক গুলীয়াই হত্যা কৰা হয়।
  2. ২০০৪ চনত তৃতীয় আৰু অন্তিম এদিনীয়াত বাংলাদেশক পৰাস্ত কৰি ভাৰতে ২-১ ত শৃংখলা জয় কৰে।
  3. ২০০২ চনত আমেৰিকাত “ইভ” নামৰ প্ৰথমটো মানৱ ক্ল’নৰ জন্ম হয়।
  4. ২০০০ চনত অষ্ট্ৰেলিয়াত বিবাহৰ পূৰ্বে সম্পৰ্ক বৈধ কৰা হয়।
  5. ১৯৯৮ চনত চীনৰ পাৰমাণৱিক কাৰ্যসূচীৰ পিতৃ ৱাংকান ডাঙৰ মৃত্যু হয়।
  6. ১৯৮৫ চনত ইউৰোপৰ ভিয়েনা আৰু ৰোম বিমানবন্দৰত সন্ত্ৰাসবাদী আক্ৰমণত ১৬ জন লোক নিহত আৰু এশৰো অধিক আহত হয়।
  7. ১৯৭২ চনত উত্তৰ কোৰিয়াত নতুন সংবিধান কাৰ্যকৰী হয়।
  8. ১৯৬১ চনত বেলজিয়াম আৰু কংগোৰ মাজত কূটনৈতিক সম্পৰ্ক পুনৰ স্থাপন হয়।
  9. ১৯৬০ চনত ফ্ৰান্সে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে।
  10. ১৯৪৫ চনৰ আজিৰ দিনটোতে বিশ্বৰ অৰ্থনীতি শক্তিশালী কৰাৰ উদ্দেশ্যে বিশ্ব বেংক প্ৰতিষ্ঠা কৰা হয়।
নিশা আহাৰ গ্ৰহণৰ পিছত কৰক এই ৪টা বিশেষ কাম, আপোনাৰ ওজন হ্ৰাসৰ চেষ্টা হ’ব সফল
গুপ্তাংগৰ সংক্ৰমণ হ'লে কি কি সমস্যাই দেখা দিয়ে? জানক কেনেকৈ দূৰ কৰিব এই সমস্যা
ছাল সতেজ আৰু উজ্জ্বল কৰে জলফাই, আপুনি জানেনে জলফাইৰ উপকাৰিতাৰ বিষয়ে?
খোৱাৰ পিছত পেটৰ সমস্যা? এই ঘৰুৱা উপায়ৰে তৎক্ষণাত উপশম পাব
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...