ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা
বছৰটো শেষ হ'বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। আজি ২০ ডিচেম্বৰ। ২০০০ চনৰ আজিৰ দিনটোতে অসমীয়া গল্পকাৰ, ঔপন্যাসিক, কবি, নাট্যকাৰ, জীৱনী লেখক, প্ৰৱন্ধকাৰ আৰু ভ্ৰমণ কাহিনী ৰাচোঁতা চৈয়দ আব্দুল মালিকৰ মৃত্যু হয়। চাওঁ আহক দিনটোৰ ইতিহাস।

বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। বছৰটো শেষ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। আজি ২০ ডিচেম্বৰ। ২০০০ চনৰ আজিৰ দিনটোতে অসমীয়া গল্পকাৰ, ঔপন্যাসিক, কবি, নাট্যকাৰ, জীৱনী লেখক, প্ৰৱন্ধকাৰ আৰু ভ্ৰমণ কাহিনী ৰাচোঁতা চৈয়দ আব্দুল মালিকৰ মৃত্যু হয়। তেখেতে ১৯৭৭ চনত বঙাইগাঁও জিলাৰ অভয়াপুৰীত বহা অসম সাহিত্য সভাত সভাপতিৰ পদ অলংকৃত কৰিছিল।
গোলাঘাটৰ নাহৰণিত জন্মগ্ৰহণ কৰা এইজন মহান ব্যক্তিক ভাৰত চৰকাৰে ১৯৮৪ চনত পদ্মশ্ৰী সন্মান আৰু ১৯৯২ চনত পদ্মভূষণ সন্মান প্ৰদান কৰে। অসম সাহিত্য সভাৰ দ্বাৰা সাহিত্যচাৰ্য উপাধি প্ৰদান কৰা হয়। ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটো ঘটা ঘটনা পৰিঘটনা।
দিনটোৰ ইতিহাস
১৭৫৭ চনত ৰবাৰ্ট ক্লাইভ বংগৰ গৱৰ্নৰ পদত অধিষ্ঠিত হয়।
১৮৭৯ চনত টমাছ আলভা এডিচন-এ প্ৰথমবাৰৰ বাবে বৈদ্যুতিক চাকিৰ নমুনা ৰাজহুৱা ভাৱে প্ৰদৰ্শন কৰে।
২০১৮ চনত সদৌ অসম ছাত্ৰ সন্থায়ে প্ৰতিবছৰে প্ৰদান কৰি অহা গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা ২০১৮ বৰ্ষৰ বাবে বিশ্বনাথ জিলাৰ গোৰ্খা লোককলা-সংস্কৃতিৰ সাধক বিনোদ খনাললৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে।
১৯০৯ চনত ভাক্কম মজিদৰ জন্ম। তেওঁ এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ। ইয়াৰ উপৰি ট্ৰাভাঙ্কোৰ-কোচিন ৰাজ্যিক বিধানসভাৰ প্ৰাক্তন সদস্য আছিল।
১৯২৮ চনত মতিলাল ভোৰা জন্ম। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। তেওঁ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে ১৩ মাৰ্চ ১৯৮৫ চনৰ পৰা ১৩ ফেব্ৰুৱাৰী ১৯৮৮ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল। পুনৰ তেওঁ ২৫ জানুৱাৰী ১৯৮৯ চনৰ পৰা ৮ ডিচেম্বৰ ১৯৮৯ চনলৈ মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰিছিল।
১৫৯০ চনত এম্বৌৰ্জ পাৰেৰ মৃত্যু হয়। আধুনিক শৈল চিকিৎসাৰ জনক ৰূপে অভিহিত তথা প্ৰখ্যাত চিকিৎসক।
Input-wikipedia