যীশুখ্ৰীষ্টৰ লগত ছান্টাক্লজক কি সম্পৰ্ক? জানক আঁৰৰ কাহিনী

সমগ্ৰ বিশ্বতে ছান্টাক্লজ নামেৰে পৰিচিত ব্যক্তিজনৰ প্ৰকৃত নাম আছিল ছেইণ্ট নিকোলাছ। তেওঁ আছিল আধুনিক তুৰস্কৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত প্ৰাচীন লাইচিয়াৰ এখন চহৰ মায়ৰাৰ। বৰ্তমান ই তুৰস্কৰ আন্টালিয়া প্ৰদেশৰ অংশ। তেওঁৰ জন্ম হৈছিল ২৮০ খ্ৰীষ্টাব্দত তুৰ্কমেনিস্তানৰ (বৰ্তমান তুৰস্ক)ৰ এই মায়ৰা চহৰত।

যীশুখ্ৰীষ্টৰ লগত ছান্টাক্লজক কি সম্পৰ্ক? জানক আঁৰৰ কাহিনী
Published: 

25 Dec 2025 17:43 PM

আজি বৰদিন। ২৫ ডিচেম্বৰত ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে বৰদিন উদযাপন কৰা হয়। কেৱল খ্ৰীষ্টান ধৰ্মৰ লোকেই নহয়, পৃথিৱীৰ আন ধৰ্মৰ লোকেও এই উৎসৱত অংশগ্ৰহণ কৰে। ভাৰততো বৰদিন অতি উৎসাহেৰে পালন কৰা হয়। বিদ্যালয়সমূহত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু শিশুসকলকো বিশেষকৈ এই উৎসৱৰ বাবে বন্ধৰ দিন দিয়া হয়। ৰাজহুৱা আৰু ব্যক্তিগত প্ৰতিষ্ঠানতো বন্ধ দিয়ে। বৰদিনৰ দিনা ছান্টাক্লজ আহি মানুহৰ ইচ্ছা পূৰণ কৰে বুলি বিশ্বাস কৰা হয়। কিন্তু ছান্টা কোন আৰু যীশুৰ সৈতে কি সম্পৰ্ক জানক।

সমগ্ৰ বিশ্বতে ছান্টাক্লজ নামেৰে পৰিচিত ব্যক্তিজনৰ প্ৰকৃত নাম আছিল ছেইণ্ট নিকোলাছ। তেওঁ আছিল আধুনিক তুৰস্কৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত প্ৰাচীন লাইচিয়াৰ এখন চহৰ মায়ৰাৰ। বৰ্তমান ই তুৰস্কৰ আন্টালিয়া প্ৰদেশৰ অংশ। তেওঁৰ জন্ম হৈছিল ২৮০ খ্ৰীষ্টাব্দত তুৰ্কমেনিস্তানৰ (বৰ্তমান তুৰস্ক)ৰ এই মায়ৰা চহৰত।

প্ৰভু যীশুৰ মৃত্যুৰ পিছত ছেইন্ট নিকোলাছৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। ৩৪৩ চনৰ ৬ ডিচেম্বৰত মায়ৰা চহৰত তেওঁৰ মৃত্যু হয়। ছান্টাক্লজ জীয়াই আছে বুলি এটা ধৰ্মীয় বিশ্বাস আছে। যিসকলে ছান্টাক বিশ্বাস কৰে, তেওঁলোকৰ হৃদয়ত তেওঁ জীয়াই আছে। কিন্তু মায়ৰাৰ ছেইন্ট নিকোলাছেই ছান্টাক্লজৰ ঐতিহাসিক চৰিত্ৰটোৰ বাবে প্ৰেৰণা হৈ পৰিছিল।

ছাণ্টাক্লজক খ্ৰিষ্টমাছ ফাডাৰ বুলিও কোৱা হয়। ইউৰোপ বা অন্য দেশৰ শিশুসকলে বিশ্বাস কৰে যে বৰদিনৰ ৰাতি ছাণ্টাক্লজ আহি তেওঁলোকৰ বাবে বিভিন্ন উপহাৰ দি থৈ যায়। সেয়েহে শিশুসকলে ছিমনি, দুৱাৰমুখ আদিত নিজৰ জোতা, মোজা, মোনা আদি ওলমাই থৈ দিয়ে, যাতে খ্ৰিষ্টমাছ ফাডাৰে সেইবোৰত তেওঁলোকৰ বাবে উপহাৰ দি থৈ যাব পাৰে। শিশুসকলৰ বিশ্বাস অটুট ৰাখিবলৈ তেওঁলোকৰ মাক-দেউতাকে সেইবোৰত তেওঁলোকৰ মনৰ পছন্দৰ বস্তুবোৰ সুমুৱাই থয়। ইটালী, জাৰ্মানী, ফ্ৰান্স আদি দেশত ঘৰৰে এজন সদস্যই ছাণ্টাক্লজৰ দৰে ভেশ ধৰি বৰদিনৰ মেলত (Christmas Party) উপহাৰ বিলাই ফুৰে।

প্ৰতিদিনে খাওক গুড়, পাব জটিল ৰোগৰ পৰা মুক্তি!
শীতকালত কাহ আৰু ডিঙিৰ বিষে অশান্তি কৰিছে নেকি? সহজ উপায়েৰে ঘৰতে দূৰ কৰক সমস্যা
গাখীৰৰ সৈতে মিহলাই লওক এই ৫ বিধ খাদ্য, লাভ কৰিব অপৰিসীম সুফল
বাৰে বাৰে মুখত ঘাঁ হয় নেকি? কাৰণ, প্ৰতিকাৰৰ উপায় জানক...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...
নগাঁৱত কুঁৱলীৰ শুভ্ৰ আচ্ছাদন...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী