Jobs: ওলাইছে চাকৰিঃ খালী ৩৫০০ টা পদ, কেনেকৈ, কেতিয়া আবেদন কৰিব জানক…

Bank job: আপুনিও চাকৰি বিচাৰি আছে নেকি? তেন্তে বেংকত ওলাইছে চাকৰি। গতিকে আপুনিও কৰিব পাৰে আবেদন। এই নিযুক্তি প্ৰক্ৰিয়াৰ সহায়ত কেইবাটাও খালী পদ পূৰ কৰিব।

Jobs: ওলাইছে চাকৰিঃ খালী ৩৫০০ টা পদ, কেনেকৈ, কেতিয়া আবেদন কৰিব জানক...

চাকৰি

Published: 

24 Sep 2025 18:16 PM

চাকৰি বিচাৰি থকাসকলৰ বাবে এক ডাঙৰ সুযোগ। বেংকত ওলাইছে চাকৰি। শেহতীয়াকৈ কানাড়া বেংকে কেইবাটাও পদৰ বাবে নিযুক্তিৰ আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত ৩৫০০ টা পদ পূৰণ কৰা হ’ব। গতিকে এই পদৰ বাবে আপুনিও যদি যোগ্য আৰু ইচ্ছুক তেন্তে কৰিব পাৰে আবেদন। ২৩ ছেপ্টেম্বৰ, ২০২৫ ৰ পৰা এই পদৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ই ১০ অক্টোবৰলৈ চলিব। গতিকে এই নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব পাৰে। এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত দেশৰ বিভিন্ন স্থানত নিযুক্তি দিয়া হ’ব।

পদৰ বিৱৰণ

  • পদৰ নামঃ স্নাতক এপ্ৰেন্টিছ ( Graduate Apprentice)
  • পদৰ সংখ্যাঃ ৩৫০০ টা
  • অসমত পদৰ সংখ্যা- ৪২ টা
  • সময়ঃ এপ্ৰেন্টিশ্বিপৰ প্ৰশিক্ষণ ১ বছৰ
  • ষ্টাইপেণ্ড: মাহিলী ষ্টাইপেণ্ড ১৫,০০০ টকা।
  • বয়সঃ ২০ বছৰৰ পৰা ২৮ বছৰৰ ভিতৰত যুৱক-যুৱতীসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ লোকে ৰেহাই লাভ কৰিব।
  • এছচি, এছটিঃ ৫ বছৰ
  • অবিচিঃ ৩ বছৰ
  • পিডব্লিউবিডিঃ ১০ বছৰ

শিক্ষাগত অৰ্হতা

চৰকাৰে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক লাভ কৰিব লাগিব। বা সমতুল্য অৰ্হতা।

মাচুল

  • জেনেৰেল, অবিচি, ইডব্লিউএছঃ ৫০০ টকা
  • আনসকলৰ বাবে কোনো মাচুল নাই

অনলাইন আবেদনঃ ক্লিক কৰক

অফিচিয়েল ৱেবচাইটঃ ক্লিক কৰক 

কেনেকৈ আবেদন কৰিব

  • প্ৰাৰ্থীসকলে প্ৰথমে বেংকৰ অফিচিয়েল ৱেবচাইট www.canarabank.com লৈ যাওক।
  • পাছত Important Web-Links ত ক্লিক কৰক।
  • পাছত নিজৰ সকলো তথ্য় দিয়ক।
  • ফটো আৰু স্বাক্ষৰ লাগিব।
  • মাচুল জমা দিয়ক।
  • অনলাইন মাচুল জমা দিব পাৰিব।
  • পাছত চাবমিট কৰক।

 

 

অন্য খবৰ পঢ়কঃ Job: ওলাইছে চাকৰিঃ খালী ১৩,০০০ ৰো অধিক পদ, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

নিশা দেৰিলৈকে মোবাইল ব্যৱহাৰো হ’ব পাৰে নেকি ডায়েবেটিছৰ কাৰণ? বিপদৰ পূৰ্বে জানি লওক এতিয়াই
খালী পেটত অমিতা খালে কি হয় জানেনে? সবিশেষ...
পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...