Jobs: অৰ্হতা স্নাতক, খালী পদ প্ৰায় ২৭০০ টা! ক’ত, কেনেকৈ আবেদন কৰিব জানক…

Jobs: চাকৰি বিচাৰি থকাসকলৰ বাবে আছে এক ভাল খবৰ। বেংক অৱ বৰোদাই কেইবাটাও পদৰ বাবে নিযুক্তি ঘোষণা কৰিছে। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে এই পদসমূহৰ বাবে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব পাৰে।

Jobs: অৰ্হতা স্নাতক, খালী পদ প্ৰায় ২৭০০ টা! কত, কেনেকৈ আবেদন কৰিব জানক...

চাকৰি

Published: 

14 Nov 2025 13:05 PM

আপুনি স্নাতক আৰু চাকৰি বিচাৰি আছে নেকি? যদি আছে তেন্তে আছে এক ভাল খবৰ। বেংক অৱ বৰোদা (BOB)ই ২০২৫ চনৰ এপ্ৰেণ্টিছশ্বিপ নিযুক্তিৰ বাবে এক অধিসূচনা জাৰি কৰিছে। ইয়াৰ সহায়ত প্ৰায় ২৭০০ টা পদ পূৰণ কৰা হ’ব। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে বেংকটোৰ অফিচিয়েল ৱেবচাইট bankofbaroda.in বা apprenticeshipindia.gov.in ত গৈ অনলাইন আবেদন কৰিব পাৰে। ১১ নৱেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া চলি আছে। এই প্ৰক্ৰিয়া ১ ডিচেম্বৰ, ২০২৫ লৈ চলিব।

কোনে আবেদন কৰিব পাৰিব

এই পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থী যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। প্ৰাৰ্থীৰ বয়স ২০ বছৰৰ পৰা ২৮ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ লোকে চৰকাৰী নিয়ম অনুসৰি ৰেহাই লাভ কৰিব।

আবেদন মাচুল

  • সাধাৰণ, অবিচি, আৰু ইডব্লিউএছঃ ৮০০ টকা
  • দিব্যাংগঃ ৪০০ টকা।
  • অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ পৰা কোনো মাচুল লোৱা নহয়।

কেনেকৈ আবেদন কৰিব

  • ইয়াৰ বাবে প্ৰথমে আপুনি BOB ৰ অফিচিয়েল ৱেবছাইট bankofbaroda.in লৈ যাওক।
  • হোমপেজৰ কেৰিয়াৰ টেবত ক্লিক কৰক।
  • এপ্ৰেণ্টিছ এপ্লাই টেবত ক্লিক কৰক।
  • ৰেজিষ্টাৰ কৰি আবেদন পত্ৰ পূৰ কৰক।
  • সকলো নথি পত্ৰ দিয়ক।
  • মাচুল পৰিশোধ কৰি চাবমিট কৰক।

অধিক জানিবলৈ-BOB Apprentice Recruitment 2025 Notification pdf

কেনেকৈ নিৰ্বাচন কৰা হব

প্ৰাৰ্থীক চিবিটি পৰীক্ষাৰ জৰিয়তে নিৰ্বাচন কৰা হ’ব। ১০০ নম্বৰ পৰীক্ষা অনুষ্ঠিত হ’ব। পৰীক্ষাৰ বাবে সময় থাকিব মাত্ৰ ১ঘন্টা। এই নিযুক্তিৰ বাবে অধিক জানিবলৈ বেংকৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।

 

অন্য খবৰ পঢ়কঃ খালী ২,৬২৩ টা পদ, অৰ্হতা দশমৰ পৰা স্নাতক! ক’ত, কেনেকৈ আবেদন কৰিব, জানক…

ৰক্তচাপ নিয়ন্ত্ৰণৰ লগতে আছে একাধিক উপকাৰিতা, শীতকালত পুৱা খালী পেটত নহৰু খালে কি হয় ?
শীতৰ বতৰত মহৌষধি গুড়, পিছে ক্ৰয় কৰোঁতে সদায় মনত ৰাখিব ৪টা কথা
কম হৈ পৰিব ডায়েবেটিছৰ আশংকা! জানক ৫টা সহজ উপায়...
শীতকালত ব্লাড চুগাৰ বৃদ্ধি কৰে এইসমূহ খাদ্যই! জানক সকলো...