পলকতে চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস…

আজিৰ দিনটো ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হিচাপে পালন কৰা হয়। ইপালে, আজিৰ দিনটোৰে পৰা স্বদেশী আন্দোলন ভাৰতত আৰম্ভ হৈছিল। চাওঁ আহক দিনটোৰ ইতিহাস।

পলকতে চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস…

দিনটোৰ ইতিহাস

Published: 

07 Aug 2025 10:00 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ৭ আগষ্টৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটো ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হিচাপে পালন কৰা হয়। এই দিনটোত প্ৰত্যেকগৰাকী শিপিনীক সন্মান জনোঁৱা হয়। ইফালে, আজিৰ দিনটোৰে পৰা স্বদেশী আন্দোলন ভাৰতত আৰম্ভ হৈছিল, ই ঘৰুৱা সামগ্ৰীৰ উৎপাদন আৰু ব্যৱহাৰক উৎসাহিত কৰিছিল। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস

১৭৮২ চনত জৰ্জ ৱাশ্বিংটনে বেজ অৱ মিলিটাৰী মেৰিট প্ৰতিষ্ঠা কৰে, যাক পিছলৈ পাৰ্পল হাৰ্ট বুলি জনা যায়।

১৯৬০ চনৰ আজিৰ দিনটোতে ফ্ৰান্সৰ পৰা আইভৰি কোষ্টে স্বাধীনতা লাভ কৰে।

২০০৮ চনত দক্ষিণ অচেটিয়া আৰু আবখাজিয়াক লৈ ৰুছ-জৰ্জিয়াৰ যুদ্ধ আৰম্ভ হয়।

২০২০ চনৰ আজিৰ দিনটোতে ভাৰতৰ কেৰালাৰ কোঝিকোডত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ ১৩৪৪ বিমানখনে ৰাণৱে অতিক্ৰম কৰি দুৰ্ঘটনাগ্ৰস্ত হয়।

১৯০৫ চনত আজিৰ দিনটোতে স্বদেশী আন্দোলন ভাৰতত আৰম্ভ হৈছিল, ঘৰুৱা সামগ্ৰীৰ উৎপাদন আৰু ব্যৱহাৰক উৎসাহিত কৰা এই আন্দোলনৰ উদ্দেশ্য আছিল।

১৯২৫ চনত “ভাৰতত সেউজ বিপ্লৱৰ পিতৃ” মানকম্বু সম্বাচিৱন স্বামীনাথনৰ(M. S. Swaminathan) জন্ম হৈছিল।

১৯৪৭ চনৰ আজিৰ দিনটোতে মহম্মদ আলী জিন্নাই দিল্লী ত্যাগ কৰি কৰাচীলৈ গৈছিল।

প্ৰতি বছৰে ৭ আগষ্টত ভাৰতবৰ্ষত দেশৰ হস্ততাঁত শিপিনীক সন্মান জনাই ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয়।

১৭৮৯ চনৰ ৭ আগষ্টত আমেৰিকাৰ যুদ্ধ বিভাগ স্থাপন কৰা হয়।

কোনবোৰ খাদ্যই শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰে? জানক...
ময়ূৰৰ পাখি কিতাপৰ মাজত ৰাখিলে কি হয় জানেনে? সবিশেষ...
ধনেৰে উপচি পৰিব সকলো! জানক ৫টা সহজ অভ্যাস...
হ'ব সমস্যা! এইসকল লোকে ভুলতো খালী পেটত খাব নালাগে নহৰু...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...