ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

১৬৭২ চনৰ ২৫ এপ্ৰিলত আহোম সেনাপতি লাচিত বৰফুকনৰ মৃত্যু হয়। ১৯৮২ চনৰ আজিৰ দিনটোতে দূৰদৰ্শন প্ৰথমবাৰৰ বাবে ব্লেক-হুৱাইটৰ পৰা ৰঙীন হৈ পৰিল। ইতিহাসৰ পাত লুটিয়াই আজিৰ দিনটোত ঘটা কেইমান পৰিঘটনা ।

ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

ইতিহাসৰ বুকুত আজিৰ দিনটো

Published: 

25 Apr 2025 | 09:48 AM

আজিৰ দিনটোত বিভিন্ন পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিব্ধ হৈ আছে । ১৬৭২ চনৰ ২৫ এপ্ৰিলত আহোম সেনাপতি লাচিত বৰফুকনৰ মৃত্যু হয়। লাচিতৰ নেতৃত্বতে শৰাইঘাট যুদ্ধত মোগলক পৰাস্ত কৰিছিল আহোম সেনাই । ১৯৮২ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ২৫ এপ্ৰিল তাৰিখে টেলিভিছনৰ যুগত এক বৃহৎ পৰিৱৰ্তন ঘটি দূৰদৰ্শন প্ৰথমবাৰৰ বাবে ব্লেক-হুৱাইটৰ পৰা ৰঙীন হৈ পৰিল।

২৫ এপ্ৰিলৰ দিনটোত লিপিবদ্ধ হোৱা আন কেইটামান পৰিঘটনা চাওঁ আহক

  1. ১৮০৯ চনৰ আজিৰ দিনটোতে অমৃতসৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু পঞ্জাৱৰ শিখ শাসক ৰঞ্জিত সিঙৰ মাজত স্বাক্ষৰিত হয়।
  2. ১৮৬৭ চনৰ আজিৰ দিনটোতে জাপানৰ ৰাজধানী টকিঅ’ত বৈদেশিক বাণিজ্যৰ অনুমতি দিয়া হৈছিল।
  3. ১৯০৫ চনৰ ২৫ এপ্ৰিলত দক্ষিণ আফ্ৰিকাত কৃষ্ণাংগসকলে ভোটাধিকাৰ লাভ কৰে।
  4. ১৯৫৩ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ দুজন বিজ্ঞানী জেমছ ডি ৱাটছন আৰু ফ্ৰান্সিছ ক্ৰিকে ডি এন এৰ গঠন স্পষ্ট কৰে। ইয়াৰ দ্বাৰা জীৱই কেনেকৈ বংশবৃদ্ধি কৰে সেয়াও স্পষ্ট হয় । এই আৱিষ্কাৰৰ বাবে এই দুয়োজন বিজ্ঞানীয়ে ১৯৬২ চনত নোবেল বঁটা লাভ কৰিছিল।
  5. ১৯৭৫ চনৰ আজিৰ দিনটোতে ছোভিয়েট ইউনিয়নে ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষা চলায়।
  6. ১৯৮২ চনৰ ২৫ এপ্ৰিলত দিল্লীৰ টেলিভিছনত প্ৰথম ৰঙীন সম্প্ৰচাৰ আৰম্ভ হয়।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...