ADRE result: কাইলৈ হ’ব ঘোষণা: কেনেকৈ চাব পাৰিব ADRE তৃতীয় বৰ্গৰ ফলাফল, জানক সকলো…

ADRE result: ১০ অক্টোবৰত ঘোষণা হ'ব ADRE ৰ ফলাফল। প্ৰাৰ্থীসকলে অনলাইনৰ জৰিয়তে পৰীক্ষাৰ ফলাফল চাব পাৰিব। এই পৰীক্ষাত লাখ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।

ADRE result: কাইলৈ হব ঘোষণা: কেনেকৈ চাব পাৰিব ADRE তৃতীয় বৰ্গৰ ফলাফল, জানক সকলো...

পৰীক্ষা ফলাফল

Updated On: 

13 Oct 2025 22:09 PM

বহু প্ৰতীক্ষাৰ অন্তত কাইলৈ ১০ অক্টোবৰত ঘোষণা হ’ব অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE)ৰ ফলাফল। তৃতীয় শ্ৰেণীৰ পদসমূহৰ ফলাফল দিনৰ ১০.৩০ বজাত হ’ব। এই ঘোষণাৰ পাছতে পূৰণ হ’ব ৰাজ্যৰ হাজাৰ হাজাৰ চৰকাৰী খালী পদ। প্ৰাৰ্থীসকলে অনলাইনৰ জৰিয়তে এই পৰীক্ষাৰ ফলাফল চাব পাৰিব। ইতিমধ্যে আনুষ্ঠানিতভাৱে ইয়াৰ ঘোষণা হৈছে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখে যে- “অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ (ADRE) তৃতীয় বৰ্গৰ ফলাফল পূৰ্বে ঘোষণা কৰা অনুসৰি কাইলৈ অৰ্থাৎ ১০ অক্টোবৰৰ পুৱা ১০:৩০ বজাত ঘোষণা কৰা হ’ব। পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ”।

পৰীক্ষাৰ্থীসকলে ফলাফল slrcg3.sebaonline.org ৱেবচাইটৰ জৰিয়তে চাব পাৰিব।

কেনেকৈ পৰীক্ষাৰ ফলাফল চাব

  • প্ৰথমে আপুনি SLRC ৰ গ্ৰেড ৩ (slrcg3.sebaonline.org) বা গ্ৰেড ৪ (slrcg4.sebaonline.org)ৰ বাবে অফিচিয়েল ৱেবছাইট চাওক।
  • পাছত তৃতীয় শ্ৰেণী বা চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলৰ লিংকত ক্লিক কৰক।
  • প্ৰয়োজনীয় তথ্য দাখিল কৰক।
  • আবেদনৰ নম্বৰৰ প্ৰয়োজন হ’ব।
  • ফলাফল দেখা পাব।
  • ফলাফল ডাউনলোড কৰি লওক।

লিংকসমূহ

  • ফলাফলৰ অধিসূচনাঃ ক্লিক কৰক
  • অফিচিয়েল ৱেবচাইটঃ ক্লিক কৰক
  • ওপৰৰ লিংক খুলিলে পোৰ্টেলটো খোল খাব।
  • পাছত আপুনি ফলাফল চাব পাৰিব।

ৰাজ্য় চৰকাৰৰ তৃতীয় বৰ্গৰ এই ফলাফলৰ পাছত কেৰাণী আৰু কাৰিকৰী পদসমূহ পূৰ কৰা হ’ব। এতিয়া তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ’ব। উল্লেখ্য যে, ADRE ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত মুঠ পদৰ সংখ্যা আছিল ১২৬০০ টা, ইয়াৰ বিপৰীতে পৰীক্ষাত অৱতীৰ্ণ হৈছে ৩২ লাখৰো অধিক পৰীক্ষাৰ্থী।

 

 

অন্য খবৰ পঢ়কঃ অখিল গগৈৰ বিৰুদ্ধে ফৌজদাৰী মানিহানি গোচৰ ৰুজু ৰিণিকি ভূঞা শৰ্মাৰ…

কি কি কাৰণত বেয়া কলেষ্টেৰল বৃদ্ধি পাব পাৰে ? কেনেকৈ কৰিব নিয়ন্ত্ৰণ ?
শনি দেৱৰ কোপদৃষ্টি আঁতৰিব, প্ৰতি শনিবাৰে কৰক এইকেইটা কাম!
শীতকালত চুলি বেছিকৈ সৰে নেকি? এই পদ্ধতিৰে দূৰ কৰক চুলিৰ সকলো সমস্যা!
মাহেকীয়া পলমকৈ হোৱা PCOS ৰ লক্ষণ নেকি? জানক বিশেষজ্ঞৰ পৰা
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...