ADRE ৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণা, ৭,৬৫০ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ…

ADRE Result: অৱশেষত ঘোষণা হ'ল এ ডি আৰ ইৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। আজি দিনৰ ১০.৩০ বজাত এই ফলাফল ঘোষণা হয়। ৭ হাজাৰৰো অধিক প্ৰাৰ্থী উত্তীৰ্ণ হৈছে।

ADRE ৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণা, ৭,৬৫০ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ...

Adreৰ ফলাফল ঘোষণা

Updated On: 

13 Oct 2025 | 10:08 PM

ঘোষণা হ’ল ADRE ৰ তৃতীয় বৰ্গৰ পদৰ ফলাফল। ৰাজ্যৰ ২৮ খন জিলাৰ ২৩,৮৫,৪২১ গৰাকী প্ৰাৰ্থীয়ে এই পদসমূহৰ বাবে কৰিছিল আবেদন। ইয়াৰে ১৭,৩১,৬১৬ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হয় লিখিত পৰীক্ষাত। পাছত ক্লীল টেষ্টৰ বাবে বাছনি লাভ কৰে ১৬,২৯৫ গৰাকী প্ৰাৰ্থীয়ে। ইয়াৰে পৰা আকৌ ১৩,৮৭৭ গৰাকী প্ৰাৰ্থী বাচনি লাভ হয়। শেষত লিখিত আৰু স্কীল টেষ্টৰ নম্বৰৰ ভিত্তিত উত্তীৰ্ণ হয় ৭,৬৫০ গৰাকী প্ৰাৰ্থী।

পুৱাৰ ১০.৩০ বজাত ঘোষণা হয় ফলাফল। প্ৰাৰ্থীসকলে  slrcg3.sebaonline.org ৱেৱচাইটৰ জৰিয়েত এই ফলাফল চাব পাৰিব। তথ্য অনুসৰি এই ঘোষণা প্ৰক্ৰিয়াৰ পাছত ৰাজ্যৰ ৫০ টা বিভাগত সুকীয়া সুকীয়াকৈ নিযুক্তি দিয়া হ’ব। সৰ্বাধিক পদ পূৰণ কৰা হ’ব কৃষি বিভাগত। য’ত প্ৰায় ১৮৫০ টা পদ খালী আছে। ইয়াৰ লগতে শিক্ষা বিভাগত ৫১৮ টা, GAD ত আছে ৫৬৯ টা, গৃহ বিভাগত ৩৫৪ টা আৰু জলসিঞ্চন বিভাগত খালী আছে ৩০৯ টা পদ। ইয়াৰোপৰি বিত্ত বিভাগত পূৰণ কৰা হ’ব ২৪১ টা পদ। মুঠতে ৰাজ্য চৰকাৰৰ ৫০ টা বিভাগৰ ৭৬৫০ টা পদ এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগে পূৰণ কৰা হ’ব।

ফলাফল

কেনেকৈ চাব পাৰিব ফলাফল

  • প্ৰথমে আপুনি SLRC ৰ গ্ৰেড ৩ (slrcg3.sebaonline.org) বা গ্ৰেড ৪ (slrcg4.sebaonline.org)ৰ বাবে অফিচিয়েল ৱেবছাইট চাওক।
  • পাছত তৃতীয় শ্ৰেণী বা চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলৰ লিংকত ক্লিক কৰক।
  • প্ৰয়োজনীয় তথ্য দাখিল কৰক।
  • পাছত ফলাফল দেখা পাব।
  • এই ফলাফল ডাউনলোড কৰি লওক।

Adre ৰ তথ্য

Adre ৰ তথ্য

উল্লেখ্য যে, ADRE ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে একেলগে অনুষ্ঠিত হৈছিল পৰীক্ষা। এই পৰীক্ষাত মুঠ পদৰ সংখ্যা আছিল ১২৬০০ টা, ইয়াৰ বিপৰীতে পৰীক্ষাত অৱতীৰ্ণ হৈছে ৩২ লাখৰো অধিক পৰীক্ষাৰ্থী।

 

অন্য খবৰ পঢ়কঃ জুবিন গাৰ্গৰ দুই PSO ক গ্ৰেপ্তাৰ SIT ৰ, কি ক’লে গৰিমা শইকীয়া গাৰ্গে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব