আজি আন্তৰ্জাতিক দুৰ্নীতি বিৰোধী দিৱস, ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা

ইয়াৰ ৯ ডিচেম্বৰৰ দিনটো বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ঘটনা পৰিঘটাৰ বাবে ইতিহাসত লিপিবদ্ধ হৈ আছে। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক।

আজি আন্তৰ্জাতিক দুৰ্নীতি বিৰোধী দিৱস, ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা
Published: 

09 Dec 2025 07:00 AM

৯ ডিচেম্বৰৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ২০১১ চনৰ ৯ ডিচেম্বৰত কলকাতাৰ এখন চিকিৎসালয়ত ব্যাপক অগ্নিকাণ্ড সংঘটিত হৈছিল আৰু প্ৰায় ৯০ জন ৰোগীৰ মৃত্যু হৈছিল। সেইদিনা পুৱা চিকিৎসালয়খনৰ বেছমেণ্টত আৰম্ভ হোৱা অগ্নিকাণ্ডই সমগ্ৰ চিকিৎসালয়খন আগুৰি ধৰে। বহু ৰোগীক নিৰাপদে উলিয়াই অনা হৈছিল যদিও বহুতৰে শ্বাসৰুদ্ধ হৈ মৃত্যু হৈছিল।

ইয়াৰ ৯ ডিচেম্বৰৰ দিনটো বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ঘটনা পৰিঘটাৰ বাবে ইতিহাসত লিপিবদ্ধ হৈ আছে। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক।

দিনটোৰ ইতিহাস

১৯৪৬ চনত ইটালীত ছোনিয়া গান্ধীৰ জন্ম হয়। তেওঁ হৈছে প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ পত্নী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা সভাপতি আছিল ছোনিয়া গান্ধী।

১৯৪৬ চনত নতুন দিল্লীৰ কাউন্সিল চেম্বাৰৰ লাইব্ৰেৰী বিল্ডিঙত সংবিধান সভাৰ প্ৰথম বৈঠক অনুষ্ঠিত হয়। মুছলিম লীগে এই বৈঠক বৰ্জন কৰি পাকিস্তানৰ বাবে সুকীয়া সংবিধান সভা গঠনৰ দাবী জনায়।

১৯৬১ চনত টাংগানিকাই স্বাধীনতা লাভ কৰে। জুলিয়াছ নেৰেৰে ইয়াৰ প্ৰথম প্ৰধানমন্ত্ৰী হয় আৰু ১৯৬৪ চনত জাঞ্জিবাৰ দ্বীপৰ সৈতে একত্ৰিত হোৱাৰ পিছত ইয়াৰ নাম তাঞ্জানিয়া ৰখা হয়।

১৯৭৯ চনত বিশ্ব স্বাস্থ্য সংস্থাই স্মল পক্স নিৰ্মূলৰ বাবে বিশ্বব্যাপী অভিযান আৰম্ভ কৰাৰ প্ৰায় দহ বছৰৰ পাছত এই মাৰাত্মক সংক্ৰমণ নিৰ্মূল বুলি ঘোষণা কৰা হয়।

১৯৯২ চনত ৰাজকুমাৰ চাৰ্লছ আৰু ৰাজকুমাৰী ডায়েনাই আনুষ্ঠানিকভাৱে বিচ্ছেদৰ কথা ঘোষণা কৰে। ১৯৮১ চনৰ ২৯ জুলাইত তেওঁলোকৰ ৰাজকীয় বিয়াখন প্ৰায় এক বিলিয়ন লোকে টেলিভিছনত চাইছিল।

২০১১ চনত কলকাতাৰ এ এম আৰ আই চিকিৎসালয়ত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডত প্ৰায় ৯০ জন ৰোগীৰ মৃত্যু হয়।

২০১৯ চনত উত্তৰ-পূব ভাৰতৰ জনতাৰ ভাৱাবেগক নস্যাৎ কৰি লোকসভাত গৃহীত হয় কেব(নাগৰিকত্ব সংশোধনী বিধেয়ক ১০১৯)। মাজনিশা ৩১১-৮০ টা ভোটৰ ব্যৱধানত গৃহীত হয় বিধেয়ক।

আজি দিনটো আন্তৰ্জাতিক দুৰ্নীতি বিৰোধী দিৱস হিচাপে পালন কৰা হয়। ২০০৩ চনৰ ৩১ অক্টোবৰত দুৰ্নীতিৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ সন্মিলনত প্ৰস্তাৱ গৃহীত হৈছিল। ইয়াৰ পাছৰ পৰা ৯ ডিচেম্বৰত আন্তৰ্জাতিক দুৰ্নীতি বিৰোধী দিৱস পালন কৰা হয়।

ডায়েবেটিছ ৰোগীয়ে শীতকালত ভুলতো খাব নালাগে এইসমূহ খাদ্য...
নিম্ন ৰক্তচাপৰ সমস্যা হ'লে কি কি লক্ষণে দেখা দিয়ে, জানক...
অতিকৈ ভাগ্যৱান, এই ৪ ৰাশিৰ জীৱনলৈ কেতিয়াও নাহে দৰিদ্ৰতা!
ৰাতি শোৱাৰ আগতে এফুটা নহৰু খালে কি হয়? পাব বহু আচৰিত উপকাৰ
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...