ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোতে ভাৰতৰ প্ৰথম বিমান সংস্থা এয়াৰ ইণ্ডিয়াই ভাৰত আৰু ব্ৰিটেইনৰ মাজত বিমান সেৱা আৰম্ভ কৰে। ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান ঘটনা পৰিঘটনা ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…
Updated On: 

08 Jun 2025 07:03 AM

কেইবাটাও বিশেষ পৰিঘটনাৰ বাবে আজি ৮ জুনৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটোতে ঔৰংজেবে আগ্ৰা দুৰ্গ দখল কৰে। আজিৰ দিনটোতে ভাৰতীয় ৰাজ্যিক সম্প্ৰচাৰ সেৱাৰ(Indian State Broadcasting Service) নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ’ ৰখা হয়। আজিৰ দিনটোতে ভাৰতৰ প্ৰথম বিমান সংস্থা এয়াৰ ইণ্ডিয়াই ভাৰত আৰু ব্ৰিটেইনৰ মাজত বিমান সেৱা আৰম্ভ কৰে। ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান ঘটনা পৰিঘটনা ।

দিনটোৰ ইতিহাস

  1. ১৬৫৮ চনৰ আজিৰ দিনটোতে ঔৰংজেবে আগ্ৰা দুৰ্গ দখল কৰে।
  2. ১৯৩৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজ্যিক সম্প্ৰচাৰ সেৱাৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ’ ৰখা হয়।
  3. ১৯৪৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম বিমান সংস্থা এয়াৰ ইণ্ডিয়াই ভাৰত আৰু ব্ৰিটেইনৰ মাজত বিমান সেৱা আৰম্ভ কৰে।
  4. ১৯৯৭ চনৰ আজিৰ দিনটোতে পেৰিছত অনুষ্ঠিত ফ্ৰেন্স অ’পেন টেনিছ প্ৰতিযোগিতাত মিক্সড ডাবলছৰ খিতাপ দখল কৰি ভাৰতৰ মহেশ ভূপতিয়ে ইতিহাস ৰচনা কৰে।
  5. ২০০২ চনৰ আজিৰ দিনটোতে ফিলিপাইনছৰ ৰাষ্ট্ৰপতিয়ে সন্ত্ৰাসবাদী সংগঠন আবু ছায়াফৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে।

লগতে পঢ়ক : আজি দেওবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক ৰাশিফল…

অনবৰতে মনলৈ বেয়া চিন্তা আহি থাকে নেকি? এইদৰে আঁতৰ কৰক...
হঠাতে ৰক্তচাপ বৃদ্ধিৰ এই লক্ষণসমূহ অনুভৱ কৰিলে লগে লগে পৰীক্ষা কৰক
খাদ্যৰ পৰা দৈনন্দিন ৰুটিনলৈকে, কেনেকৈ স্বাভাৱিকভাৱে শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰিব পাৰি ?
নিম্ন ৰক্তচাপৰ সমস্যাত ভুগিছে নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ...