আজি দিনটোত ক’ত কি ঘটিছিল? ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক ৩০ ডিচেম্বৰৰ দিনটোত ঘটা ঘটনা পৰিঘটনা

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ৩০ ডিচেম্বৰৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। এই দিনটোত ক'ত কি ঘটিছিল? ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক।

আজি দিনটোত কত কি ঘটিছিল? ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক ৩০ ডিচেম্বৰৰ দিনটোত ঘটা ঘটনা পৰিঘটনা
Published: 

30 Dec 2025 07:00 AM

৩০ ডিচেম্বৰ তাৰিখটো ইতিহাসত বহুতো পৰিঘটনাৰ বাবে লিপিবদ্ধ হৈ আছে। ১৯৮৬ চনৰ ৩০ ডিচেম্বৰত ব্ৰিটিছ চৰকাৰে নিজৰ কয়লা খনিত বিষাক্ত গেছ ধৰা পেলাবলৈ বৈদ্যুতিক ডিটেক্টৰ ব্যৱহাৰ কৰাৰ কথা ঘোষণা কৰে। দুৰ্ঘটনা সংঘটিত হ’লে কয়লা খনিবোৰ ৰংহীন আৰু গন্ধহীন বিষাক্ত গেছেৰে ভৰি পৰে যিবোৰ মানুহৰ বাবে বিপদজনক। ব্ৰিটেইনত এই গেছবোৰ ধৰা পেলাবলৈ কয়লা খনিত হালধীয়া পাখিৰ কেনাৰী নিয়োগ কৰা হৈছিল আৰু ইয়াৰ আচৰণৰ সহায়ত খনিটোত গেছৰ বিপদৰ মূল্যায়ন কৰা হৈছিল। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস

১৮৬৫ চনত ভাৰতৰ বম্বে (বৰ্তমান মুম্বাই)ত ব্ৰিটিছ লেখক ৰুডিয়াৰ্ড কিপলিঙৰ জন্ম হয়। ভাৰতত ব্ৰিটিছ বাহিনীক লৈ লিখা গল্প আৰু কবিতাৰ বাবে তেওঁক স্মৰণ কৰা হয়। চুটিগল্পকাৰ, কবি আৰু ঔপন্যাসিক কিপলিঙে ১৯০৭ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰে।

১৯০৬ চনত ঢাকাত মুছলমান নেতাসকলৰ তিনিদিনীয়া বৈঠকৰ অন্তত অল ইণ্ডিয়া মুছলিম লীগ দল গঠনৰ কথা ঘোষণা কৰা হয়। ছাৰ খোৱাজা ছালিমুল্লাহ, আমিৰ আলী আৰু ছাৰ মিয়ান মহম্মদ শ্বাফীক দলটোৰ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয়।

১৯২২ চনত ছোভিয়েট ইউনিয়ন অফ ছোভিয়েট ছ’চিয়েলিষ্ট ৰিপাব্লিকছ হিচাপে গঠন কৰা হয়। ইয়াৰ ৰাজধানী আছিল মস্কো, আৰু ই আছিল বিশ্বৰ সৰ্ববৃহৎ দেশ, ১৫খন গণৰাজ্যৰ সংঘৰ দ্বাৰা গঠিত। ১৯৯১ চনত ই বিভাজিত হয়।

১৯৭৫ চনৰ আজিৰ দিনটোতে হিন্দী কবি, গল্পকাৰ, আৰু গজল সাহিত্যিক দূষ্যন্ত কুমাৰৰ মৃত্যু হয়।

১৯৭৫ চনত আমেৰিকাৰ কেলিফৰ্ণিয়াত অন্যতম শ্ৰেষ্ঠ গলফাৰ হিচাপে গণ্য কৰা টাইগাৰ উডছৰ জন্ম হয়। পেছাদাৰী আৰু অপেশাদাৰী দুয়োটা প্ৰতিযোগিতাতে তেওঁ নিজকে এই ক্ৰীড়াৰ নিৰ্বিবাদ ছুপাৰষ্টাৰ বুলি প্ৰমাণ কৰিছিল।

১৯৮৬ চনত ব্ৰিটিছ চৰকাৰে নিজৰ কয়লা খনিত বিষাক্ত গেছৰ উপস্থিতি ধৰা পেলাবলৈ নিয়োজিত ২০০ৰো অধিক কেনাৰী আঁতৰোৱাৰ কথা ঘোষণা কৰে।

২০০৬ চনত ইৰাকৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনক মানৱতাৰ বিৰুদ্ধে অপৰাধৰ দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।

নতুন বছৰতে লওক এইসমূহ অভ্যাস ত্যাগৰ পণ, অন্যথা ভুগিব লাগিব উচ্চ ৰক্তচাপৰ সমস্যাত
তেজৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক সংকেত, এই ৫ টা লক্ষণে দেখা দিলে সাৱধান হওক
ভাৰতৰ কোনখন ৰাজ্যত সবাতোকৈ বেছি কণ্ডম বিক্ৰী হয়? জানক...
উপহাসৰ সামগ্ৰী নহয় মূলা, এনে গুণাৱলীৰে শীতকালৰ ছুপাৰফুড এইবিধ পাচলি
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...
বেদখলকাৰীক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...