ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

১ মে’ৰ দিনটো আন্তর্জাতিক শ্ৰমিক দিৱস হিচাপে ইতিহাসৰ পাতত লিপিবদ্ধ কৰা হৈছে। আজিৰ দিনটোতে নিৰ্দিষ্ট কৰ্ম সময়ৰ দাবীত আমেৰিকাত লাখ লাখ শ্ৰমিকে একেলগে ধৰ্মঘট পালন কৰে। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা ।

ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

দিনটোৰ ইতিহাস

Published: 

01 May 2025 07:00 AM

১ মে’ৰ দিনটো শ্ৰমিক দিৱস হিচাপে ইতিহাসৰ পাতত লিপিবদ্ধ কৰা হৈছে। বিশ্বত শ্ৰমিক দিৱস পালনৰ পৰম্পৰা প্ৰায় ১৩৫ বছৰ পুৰণি। ১৮৭৭ চনত শ্ৰমিকসকলে নিৰ্দিষ্ট কৰ্ম সময়ৰ দাবীত আন্দোলন আৰম্ভ কৰে। এই সময়ছোৱাতে ই বিশ্বৰ বিভিন্ন দেশলৈ বিয়পিপৰে।

১৮৮৬ চনৰ ১ মে’ত সমগ্ৰ আমেৰিকাত লাখ লাখ শ্ৰমিকে একেলগে ধৰ্মঘট পালন কৰে। ১১,০০০ টা কাৰখানাৰ কমেও ৩ লাখ ৮০ হাজাৰ শ্ৰমিকে এই ধৰ্মঘট কাৰ্যসূচীত অংশ লৈছিল আৰু তেতিয়াৰ পৰাই ১ মে’ৰ দিনটো বিশ্বজুৰি শ্ৰমিক দিৱস হিচাপে পালন কৰি অহা হৈছে ।

চাওঁ আহক ইতিহাসৰ আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা

  1. ১৮৮৬ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ চিকাগ’ত শ্ৰমিকৰ কামৰ সময় নিৰ্ধাৰণৰ বাবে ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল । তেতিয়া পৰা এই দিনটোত বিশ্বজুৰি শ্ৰমিক দিৱস হিচাপে পালন কৰি অহা হৈছে ।
  2. ১৮৯৭ চনৰ আজি দিনটোতে স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰে।
  3. ১৯১৪ চনৰ আজিৰ দিনটোতে গাড়ী নিৰ্মাতা ফৰ্ড কোম্পানীয়ে কৰ্মচাৰীসকলৰ বাবে আঠ ঘণ্টাৰ কৰ্মদিন আৰোপ কৰা প্ৰথমটো কোম্পানী হিচাপে পৰিগণিত হয়।
  4. ১৯২৩ চনৰ আজিৰ দিনটোৰ পৰা ভাৰতত মে’ দিৱস উদযাপন কৰা আৰম্ভ হয়।
  5. ১৯৬০ চনৰ আজিৰ দিনটোতে মহাৰাষ্ট্ৰ আৰু গুজৰাট পৃথক ৰাজ্যত পৰিণত হয়।
  6. ২০০৯ চনৰ আজিৰ দিনটোতে ছুইডেনে সমকামী বিবাহক বৈধতা প্ৰদান কৰে।
কি কথাত বিতুষ্ট চেন্নাইৰ অনুৰাগী! নায়কৰ দৰে খেলিও খলনায়কৰ দৰে ব্যৱহাৰ পালে নেকি কুৰাণে?
জিভাত বগা তৰপ পৰিছে নেকি? তেন্তে এই সহজ উপায়ৰ দ্বাৰা কৰক আঁতৰ...
অনবৰতে মন বেয়া লাগি থাকে নেকি? জানক ডিপ্ৰেছনৰ লক্ষণসমূহ...
গৰমৰ দিনত আপোনাৰ অত্যাধিক মূৰৰ বিষ হয় নেকি? কাৰণ জানক