জুবিনবিহীন অসমত আজি থমকিছে সময়ো, ব্যৱসায়ৰ চকাও আজি হৈ ৰ’ল স্তব্ধ
Zubeen Garg passed away: আজি কোনো কথাই নিয়ম মতে চলা নাই। ফুটপাথৰ দোকানৰ পৰা মললৈকে, চাহৰ হোটেলৰ পৰা ছুইগী, জমেটোলৈকে সকলো স্তব্ধ আজি। আজি ব্লিংকিটত ১০ মিনিটত পোৱাকৈ কাৰো একো অৰ্ডাৰ কৰিব লগীয়া নাই।

জুবিন গাৰ্গ
সুদূৰ দূৰণিৰ পৰা অহা এটা খবৰে স্তব্ধ কৰি তুলিলে অসমীয়াৰ হৃদস্পন্দন। যাৰ কণ্ঠত গীতৰ এটি কলি শুনিবলৈ উবুৰি খাই পৰে লাখ লাখ অসমীয়া, আজি সেই কণ্ঠ এটি নিথৰ দেহ হৈ উভতিছে প্ৰাণৰ আপোন অসমলৈ। সাগৰ তলিত শুবৰে মন বুলি নিগৰিছিল সেই কণ্ঠৰ পৰা, সঁচাকৈয়েই সাগৰতেই অন্তিমটো উশাহ লৈ চিৰদিনৰ বাবে কায়িকভাৱে ৰুদ্ধ হৈ ৰ’ল কণ্ঠটো। দূনাই উল্লেখ কৰাৰ প্ৰয়োজন নাই, নিশ্চয় বুজিছে জুবিন গাৰ্গৰ কথাকেই কৈছোঁ।
এটি কণ্ঠ হেৰুৱাই আজি দেউকা ভঙা পক্ষীৰ দৰে ছটফটাইছে অসমীয়াই। কালিয়েই হেৰাই গ’ল প্ৰাণ আপোন শিল্পীগৰাকী। কিন্তু এতিয়াও এবাৰ তেওঁৰ মুখখন ওচৰৰ পৰা চাব পৰা নাই কোনেও। দেওবাৰে পুৱতি নিশাই অসম পাবহি সকলোৰে মৰমৰ জুবিন গাৰ্গ। অধীৰ অপেক্ষাৰে বাট চাইছে, জুবিন নামৰ সত্বাটোক মৰি-মুজি ভালপোৱা অসমীয়াই। সৰুসজাইত সকলোৰে বাবে কৰা হৈছে শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা।
জুবিনৰ বিয়োগত স্বতঃস্ফূৰ্তভাৱে স্তব্ধ হৈ পৰিছে অসম। কেউফালে নিমাওমাও পৰিৱেশ। সদায় উতনুৱা হৈ ঘূৰি ফুৰা ল’ৰা কেইটাও আজি নিমাত হৈ বহি আছে। সিহঁতৰ চকুতো চকুলো। যেন নিজৰ ডাঙৰ ককায়েকক হেৰুৱালে। তিনিআলি-চাৰিআলিতো আজি আড্ডা নাই, মমৰ পোহৰত তিৰবিৰাইছে হাঁহিমুখৰ ছবি এখন। সেইখন জুবিন গাৰ্গৰ ছবি। বুকুৰ বেথা সহিব নোৱাৰি ৰাজপথলৈ আহি ইনাই-বিনাই কান্দিছে হাজাৰ জনে।
এটা কণ্ঠ ৰুদ্ধ হ’ল আৰু স্তব্ধ কৰি গ’ল সমগ্ৰ অসম। এয়াই জুবিনৰ প্ৰতি ভালপোৱা, জুবিনৰ প্ৰতি আবেগ। আজি কোনো কথাই নিয়ম মতে চলা নাই। ফুটপাথৰ দোকানৰ পৰা মললৈকে, চাহৰ হোটেলৰ পৰা ছুইগী, জমেটোলৈকে সকলো স্তব্ধ আজি। আজি ব্লিংকিটত ১০ মিনিটত পোৱাকৈ কাৰো একো অৰ্ডাৰ কৰিব লগীয়া নাই। মাত্ৰ কেইখনমান অতি প্ৰয়োজনীয় সামগ্ৰীৰ দোকানহে খোলা ৰ’ল। স্বতঃস্ফূৰ্তভাৱেই এই গোমা পৰিৱেশে আৱৰি ধৰিলে অসমক।
এগৰাকী গ্ৰাহকৰ উদ্ধৃতি দি ইণ্ডিয়া টুডে এন ইয়ে প্ৰকাশ কৰা মতে, তেওঁ ব্লিংকিটত অৰ্ডাৰ কৰিছিল, কিন্তু ব্লিংকিটৰ পৰা জনোৱা হ’ল যে প্ৰতিকূল বতৰৰ বাবে ডেলিভাৰী কৰিব পৰা নাযাব। অথচ তেতিয়া বৰষুণ নাছিল। এয়া মাত্ৰ এটা উদাহৰণহে।
জুবিন গাৰ্গ হেৰাইছে…কোনে সহিব পাৰে এই দুখ। কৰ’বাৰ পৰা ভাঁহি আহিছে মায়াবিনী ৰাতিৰ বুকুত…দেখা পালোঁ তোমাৰ ছবি। আজি আকাশৰো যেন দুখে বুকু ভৰিছে। পুৱাৰ পৰাই গোমা গোমা হৈ আছিল অসমৰ আকাশ। প্ৰকৃতিয়েই সহিব পৰা নাই তেওঁ অতি প্ৰিয় এটি সন্তান নোহোৱা হোৱাৰ খবৰ।
কাইলৈ দেওবাৰ, পুৱা সৰুসজাইৰ ক্ৰীড়া প্ৰকল্পত ৰখা হ’ব জুবিন গাৰ্গক। কেতিয়াও একে ঠাইত থাকিব নোখোজা, এটি সৰুৰ ল’ৰাৰ দৰেই উতপতীয়া জুবিন গাৰ্গ শুই থাকিব শীতল এটা বাকচত। চকুলোৰ বান আহিব, কিন্তু সেই বানে জানো ঘূৰাই দিব পাৰিব জুবিন নামৰ হৃদয়ৰ হীৰাৰ টুকুৰাটো! এয়াই জুবিন গাৰ্গ, এটি কণ্ঠ যাৰ অনুপস্থিতিত আজি স্তব্ধ হৈ অসম।