বেংকত পৰি আছে ৭৮ হাজাৰ কোটি টকা, নাই কোনো দাবীদাৰ !
বেংকত কোটি কোটি টকা ক্লেইম নকৰাৰ ধন পৰি আছে। ইয়াৰে ২ হাজাৰ কোটি টকা প্ৰকৃত মালিকক ঘূৰাই দিয়া হৈছে যদিও এতিয়া ৭৮ হাজাৰ কোটি পৰি আছে। নাই কোনো দাবীদাৰ!

বছৰ বছৰ ধৰি বেংকত কোটি কোটি টকা পৰি আছে, নাই দাবীদাৰ। চৰকাৰৰ উদ্যোগত সেই ধন তাৰ উচিত মালিকক ঘূৰাই দিয়া হয়। টকাৰ পৰিমাণ বৰ কম নাছিল। ইতিমধ্যে প্ৰায় দুহাজাৰ কোটি টকা ঘূৰাই দিয়া হ’ল। কেন্দ্ৰীয় চৰকাৰৰ আপোনাৰ ধন, আপোনাৰ অধিকাৰ অভিযানৰ অধীনত এই ধন ঘূৰাই দিয়া হয়।
চলিত বৰ্ষৰ অক্টোবৰ মাহত কেন্দ্ৰীয় চৰকাৰে ‘আপোনাৰ ধন, আপোনাৰ অধিকাৰ’ অভিযান আৰম্ভ কৰিছিল। ইয়াৰ অংশ হিচাপে বেংক, বীমা, মিউচুৱেল ফাণ্ড, ডিভিডেণ্ড, শ্বেয়াৰ আৰু অৱসৰৰ ফাণ্ডত পৰি থকা দাবী নকৰা ধন ঘূৰাই দিয়াৰ কাম আৰম্ভ হ’ল। গ্ৰাহকক তেওঁলোকৰ ধন উলিয়াবলৈ সহায় কৰা হয়।
বহু সময়ত ঘৰ সলনি, পুৰণি ৰেকৰ্ড, নথি-পত্ৰৰ অভাৱ বা জমা ধনৰ বিষয়ে অৱগত নোহোৱাৰ বাবে বছৰ বছৰ ধৰি বেংক বা আন বিত্তীয় প্ৰতিষ্ঠানত ধন জমা হৈ আহিছে। কেন্দ্ৰীয় সূত্ৰৰ মতে, দেশৰ বেংকত এতিয়াও প্ৰায় ৭৮ হাজাৰ কোটি টকা পৰি আছে, যাৰ কোনো দাবীদাৰ নাই। ১০ বছৰতকৈ অধিক সময় ধৰি নিষ্ক্ৰিয় হৈ থকা সঞ্চয় একাউণ্ট, ফিক্সড ডিপ’জিট, ৰিকাৰিং ডিপ’জিট আদিয়েই হৈছে দাবী নকৰা ধন।
তদুপৰি প্ৰায় ১৪ হাজাৰ কোটি টকাৰ ক্লেইম নকৰা বীমা পলিচি পৰি আছে। প্ৰায় ৩ হাজাৰ কোটি টকা মিউচুৱেল ফাণ্ডত পৰি আছে, যাৰ দাবীদাৰ নাই। এই ধন ইয়াৰ উচিত মালিকক ঘূৰাই দিবলৈ কেন্দ্ৰটোৱে এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে।