Winter Home Business Ideas: ৫০ৰ পৰা ৭০ শতাংশ লাভ ! শীতকালত ঘৰত বহি কেনেকৈ আৰম্ভ কৰিব লাভজনক ব্যৱসায়?

এই সময়ছোৱাত কম বিনিয়োগেৰে একাধিক ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। এই সকলোবোৰ ব্যৱসায়ে আপোনাৰ বাবে এক বিশাল লাভৰ সুযোগ মুকলি কৰিব পাৰে।

Winter Home Business Ideas:  ৫০ৰ পৰা ৭০ শতাংশ লাভ ! শীতকালত ঘৰত বহি কেনেকৈ আৰম্ভ কৰিব লাভজনক ব্যৱসায়?
Updated On: 

07 Dec 2025 | 01:41 PM

ঘৰৰ পৰা ব্যৱসায় কৰা কথা ভাৱিছে নেকি ? শীতকালত কেনেকুৱা ধৰণৰ ব্যৱসায়ে অধিক লাভ দিব পাৰে? এই সময়ছোৱাত কম বিনিয়োগেৰে একাধিক ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। এই সকলোবোৰ ব্যৱসায়ে আপোনাৰ বাবে এক বিশাল লাভৰ সুযোগ মুকলি কৰিব পাৰে। এই ক্ষেত্ৰত অলপ পৰিকল্পনা কৰি ব্যৱসায়ৰ বাবে সঠিক সামগ্ৰী বাছি ল’ব লাগিব।

কম বিনিয়োগেৰে অধিক লাভৰ উপাৰ্জনৰ বাবে কি বিক্ৰী কৰিব? ব্যৱসায়ৰ বাবে এক ডাঙৰ ক্ষেত্ৰ মহিলাৰ ফেশ্বন। আপুনি পাইকাৰী মূল্যত হেয়াৰপিন, ক্লিপ বা ক্লাচাৰ কিনি অনলাইন বা ছ’চিয়েল মিডিয়াত বিক্ৰী কৰিব পাৰে। এই ব্যৱসায়ত লাভৰ হাৰ অতি বেছি।

ইয়াৰ উপৰিও শীতকালত চুৱেটাৰৰ চাহিদা বৃদ্ধি পায়। যদি আপুনি নিজেই চুৱেটাৰ বনাব পাৰে, তেন্তে ইয়াৰ মূল্য বেলেগ হয়। আৰু নোৱাৰিলে পাইকাৰী বজাৰৰ পৰা চুৱেটাৰ কিনি অনলাইনত বিক্ৰী কৰি ভাল লাভ উপাৰ্জন কৰিব পাৰে। এজন ব্যৱসায়ীয়ে কয় যে, প্ৰতিটো চুৱেটাৰত ৫০ৰ পৰা ৭০ শতাংশ লাভ থাকিব পাৰে।

যদি আপুনি ৰন্ধা-বঢ়াৰ কাম কৰি ভাল পাই, তেন্তে শীতকালত গৰম চূপ আৰু হট চকলেটৰ ব্যৱসায় কৰিব পাৰে। আনকি ঘৰতে এনে খাদ্য প্ৰস্তুত কৰি ঘৰৰ আশে-পাশে থকা অঞ্চলবোৰলৈ হোম ডেলিভাৰি দিব পাৰে। ছচিয়েল মিডিয়াত প্ৰচাৰ কৰিলে দেখিব যে, গ্ৰাহক পোৱাত অসুবিধা নহয়।

শীতকালত কম্বলৰ চাহিদাও আকাশলংঘী হয়। যিসকলে এই ব্যৱসায়ত সোমাব বিচাৰে তেওঁলোকে পাইকাৰী বজাৰৰ পৰা কম মূল্যত কম্বল কিনি স্থানীয় বজাৰত বা অনলাইনত বিক্ৰী কৰিব পাৰে। এই ব্যৱসায়ত ২০ শতাংশৰ পৰা ৪৫ শতাংশ লাভ উপাৰ্জন কৰিব পাৰে। এই ব্যৱসায়বোৰে শীতকালত আপোনাৰ বাবে উপাৰ্জনৰ ডাঙৰ সুযোগ দিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...