Budget 2026: প্ৰত্যেক বছৰে ১ ফেব্ৰুৱাৰীত কিয় কেন্দ্ৰীয় বাজেট দাখিল কৰা হয়? এই তাৰিখৰ আঁৰৰ ৰহস্য জানক

আপুনি কেতিয়াবা ভাবিছেনে যে বাজেট দাখিলৰ তাৰিখ হিচাপে ১ ফেব্ৰুৱাৰীক কিয় বাছি লোৱা হয় ? এই প্ৰশ্নটো প্ৰায়ে সাধাৰণ মানুহৰ মনত উদয় হয়।

Budget 2026:  প্ৰত্যেক বছৰে ১ ফেব্ৰুৱাৰীত কিয় কেন্দ্ৰীয় বাজেট দাখিল কৰা হয়? এই তাৰিখৰ আঁৰৰ ৰহস্য জানক
Updated On: 

23 Jan 2026 | 05:37 PM

কেন্দ্ৰীয় বাজেটৰ প্ৰস্তুতি এতিয়া অন্তিম পৰ্যায়ত। পৰম্পৰা ৰক্ষা কৰি এইবাৰো দেশৰ বাজেট ১ ফেব্ৰুৱাৰীত সংসদত দাখিল কৰা হ’ব। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে বাজেট দাখিলৰ তাৰিখ হিচাপে ১ ফেব্ৰুৱাৰীক কিয় বাছি লোৱা হয় ? এই প্ৰশ্নটো প্ৰায়ে সাধাৰণ মানুহৰ মনত উদয় হয়। তদুপৰি এইবাৰৰ বাজেট বন্ধ দিন তথা দেওবাৰৰ দিনটোত সংসদ দাখিল কৰা হ’ব। এক কথা দেওবাৰৰ দিনটোত চলিব সংসদৰ কাম-কাজ।

ব্ৰিটিছ যুগৰ পৰম্পৰা কেনেকৈ সলনি হ’ল ?

ভাৰতৰ ইতিহাসত বাজেট দাখিলৰ তাৰিখ ১ ফেব্ৰুৱাৰী নাছিল। ২০১৭ চনৰ পূৰ্বে ফেব্ৰুৱাৰী মাহৰ অন্তিম দিনটোত কেন্দ্ৰীয় বাজেট দাখিল কৰা হৈছিল। এই পৰম্পৰা আছিল ব্ৰিটিছ শাসনৰ পৰাই আৰু স্বাধীনতাৰ পিছতো দশক দশক ধৰি চলি আহিছিল এই পৰম্পৰা। কিন্তু ২০১৭ চনত মোদী চৰকাৰে এই দীৰ্ঘদিনীয়া পৰম্পৰা ভংগ কৰাৰ সিদ্ধান্ত লয়।

তেতিয়াৰ বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে এই পৰিৱৰ্তনৰ ভেঁটি স্থাপন কৰি বাজেট দাখিলৰ তাৰিখ ফেব্ৰুৱাৰী মাহৰ শেষৰ পৰা ১ ফেব্ৰুৱাৰীলৈ স্থানান্তৰিত কৰে। ইয়াৰ আঁৰত চৰকাৰৰ যুক্তি আছিল অতি ব্যৱহাৰিক। ভাৰতত ১ এপ্ৰিলৰ পৰা নতুন বিত্তীয় বৰ্ষ আৰম্ভ হয়। ফেব্ৰুৱাৰীৰ শেষৰ ফালে যেতিয়া বাজেট দাখিল কৰা হ’ল, তেতিয়া বিতৰ্ক কৰি সংসদত গৃহীত কৰাৰ প্ৰক্ৰিয়াত বহু সময় লাগিছিল। কেতিয়াবা, ই মে’ বা জুন মাহলৈকে বৃদ্ধি পাইছিল, যাৰ ফলত নতুন আঁচনিৰ বাবে ধন মুকলি কৰাত পলম হৈছিল।

১ ফেব্ৰুৱাৰীত বাজেট দাখিল কৰিলে দুমাহৰ অতিৰিক্ত সময় লাভ কৰা যায়, যাৰ ফলত ১ এপ্ৰিলৰ পৰা সকলো নতুন ব্যৱস্থা আৰু পুঁজি আবণ্টন সুকলমে কাৰ্যকৰী কৰাত সুবিধা হয়।

এইবাৰ দেওবাৰে দাখিল কৰা হ’ব বাজেট

এইবাৰ ১ ফেব্ৰুৱাৰী দেওবাৰে পৰিছে, তথাপিও দাখিল কৰা হ’ব বাজেট। ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন আৰু ২ এপ্ৰিললৈকে চলিব অধিৱেশন। ২৮ জানুৱাৰীত ৰাষ্ট্ৰপতিয়ে ভাষণ প্ৰদান কৰিব। অহা ২৯ জানুৱাৰীত দাখিল কৰা হ’ব অৰ্থনৈতিক জৰীপ। দেওবাৰ হোৱাৰ পিছতো ১ ফেব্ৰুৱাৰীত দাখিল কৰা হ’ব বাজেট। ১৩ ফেব্ৰুৱাৰীত বাজেট অধিবেশনৰ প্ৰথম পৰ্যায়ৰ সামৰণি পৰিব। দ্বিতীয় পৰ্যায় ৯ মাৰ্চৰ পৰা আৰম্ভ হ’ব আৰু ২ এপ্ৰিললৈকে চলিব।

এইবাৰৰ বাজেট বহু দিশত বেলেগ হ’ব। প্ৰথমে পৰম্পৰা ভংগ কৰি ১ ফেব্ৰুৱাৰী দেওবাৰে দাখিল কৰা হ’ব বাজেট। আৰু অধিক চৰ্চা হৈছে যে বিত্ত মন্ত্ৰালয়ত প্ৰথমবাৰৰ বাবে কোনো বিত্ত সচিব নাই, তথাপিও বাজেটৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। সাধাৰণতে বিত্ত সচিব মন্ত্ৰালয়ৰ আটাইতকৈ জ্যেষ্ঠ বিষয়া। মন্ত্ৰালয়ৰ ভিতৰত বিভিন্ন বিভাগৰ মাজত সমন্বয় স্থাপন, বাজেট সম্পৰ্কীয় ডাঙৰ ডাঙৰ সিদ্ধান্তসমূহ তদাৰক কৰা, সমগ্ৰ প্ৰক্ৰিয়াটোক পথ প্ৰদৰ্শন কৰাৰ দায়িত্ব তেওঁৰ।

ডাকঘৰৰ এই আঁচনিসমূহে দিব আপোনাক যথেষ্ঠ লাভ, জানক ক'ত কেনেকৈ কৰিব জমা
শীতকালত পেটৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ খাওক এইবোৰ খাদ্য...
এই অভ্যাস ত্যাগ কৰক, কেনেধৰণৰ খাদ্যই কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে ? জানক
তেজপাতৰ উপকাৰী গুণৰ বিষয়ে জানেনে? জানক...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...