RBI Gold Reserve: ভাৰতলৈ সোণ ঘূৰাই আনিবলৈ সাজু RBI, কিয় এইদৰে কৰিছে লৰালৰি?

Reserve Bank Of India: ভাৰতীয় ৰিজাৰ্ভ বেংক বা RBI য়ে শীঘ্ৰে বিশাল সোণৰ মজুত ঘূৰাই আনিছে । চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত ভাৰতলৈ ঘূৰাই অনা হয় প্ৰায় ৬৪ টন সোণ।

RBI Gold Reserve: ভাৰতলৈ সোণ ঘূৰাই আনিবলৈ সাজু RBI, কিয় এইদৰে কৰিছে লৰালৰি?

ভাৰতলৈ সোণ ঘূৰাই আনিবলৈ সাজু RBI

Published: 

30 Oct 2025 | 03:49 PM

ভূ-ৰাজনৈতিক সংঘাতৰ ফলত আন্তঃৰাষ্ট্ৰীয় বিত্তীয় বজাৰত চৰম অস্থিৰতাৰ সৃষ্টি হৈছে। বিশ্বৰ অৰ্থনৈতিক মন্দাৱস্থাৰ মাজতে নতুন অন্য ধৰণৰ যুদ্ধৰ আশংকা বৃদ্ধি পাইছে। সেইবাবেই ভাৰতীয় ৰিজাৰ্ভ বেংকে নিজৰ বিশাল সোণৰ মজুত ঘূৰাই আনিবলৈ লৰালৰি কৰিছে। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত ভাৰতলৈ প্ৰায় ৬৪ টন সোণ ঘূৰাই অনা হয়। এতিয়া এয়া কেৱল ভঁৰাল মজুত ৰখাই নহয়, ই ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰশ্ন।

এই সোণ ক’ত আছিল, কিয় ঘূৰাই অনা হৈছে?

ছেপ্টেম্বৰৰ শেষলৈকে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুঠ সোণৰ মজুত আছিল ৮৮০.৮ টন। এই সোণৰ ভিতৰত ৫৭৫.৮ টন সোণ ঘূৰাই অনা হৈছে। বাকী ২৯০.৩ টন এতিয়াও বেংক অৱ ইংলেণ্ড আৰু বেংক অৱ ইণ্টাৰনেশ্যনেল ছেটেলমেণ্টৰ জিম্মাত আছে। কিন্তু বিদেশী বেংকৰ পৰা যি গতিৰে সোণ ঘূৰাই অনা হৈছে, সেইটোৱে দেখুৱাইছে ভাৰতীয় ৰিজাৰ্ভ বেংকে এই বিষয়টোক কিমান অগ্ৰাধিকাৰ দিছে।

বিশেষজ্ঞসকলে কয় যে, শেহতীয়াকৈ বিভিন্ন দেশত আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ফলত যিকোনো মুহূৰ্ততে বিদেশত ৰখা সম্পত্তি বা ‘‘Sovereign Assets’ বাজেয়াপ্ত হোৱাৰ আশংকা থাকে। সেইবাবেই এইবাৰ সতৰ্ক হৈ পৰিছে দেশৰ কেন্দ্ৰীয় বেংক। দেশৰ বিভিন্ন বেংকাৰ আৰু অৰ্থনীতিবিদে কয়, ‘ৰিজাৰ্ভ বেংকৰ এই পদক্ষেপে ‘বিত্তীয় সাৰ্বভৌমত্ব’ নিশ্চিত কৰিব আৰু ভাৰতৰ আটাইতকৈ মূল্যৱান ৰিজাৰ্ভক যিকোনো আন্তঃৰাষ্ট্ৰীয় বিবাদৰ পৰা আঁতৰাই ৰাখিব’। কেন্দ্ৰীয় বেংকৰ এই দূৰদৰ্শী সিদ্ধান্তই প্ৰমাণ কৰে যে দেশখন এতিয়া বিত্তীয় বিপদ ব্যৱস্থাপনাৰ ক্ষেত্ৰত অতি সতৰ্ক।

বিশ্বৰ বহু দেশৰ কেন্দ্ৰীয় বেংকে এতিয়া একে পথে অনুসৰণ কৰিছে। এই পদক্ষেপৰ জৰিয়তে ভাৰতৰ ৰিজাৰ্ভ বেংকে সোণৰ মজুত যাতে সম্পূৰ্ণৰূপে নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে। এই পদক্ষেপে ভৱিষ্যতে দেশৰ অৰ্থনীতি আৰু অধিক শক্তিশালী কৰি তুলিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...