কৰ্পৰেটৰ চাকৰি এৰি আয়াৰ কামত যোগদান, কিয় এনে সিদ্ধান্ত লৈছে Gen-Z এ?
বৰ্তমান কেচিডি অ’হেগানৰ বাৰ্ষিক দৰমহা ২ লাখ ৫০ হাজাৰ ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ১৩.৩ কোটি টকা। তেওঁ আচলতে এটা কোটিপতি পৰিয়ালৰ আয়া হিচাপে কাম কৰে। আৰু এই চাকৰিটোৱে তেওঁৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে।

প্ৰতীকী ছবি
কৰ্পৰেট খণ্ডৰ চাকৰিত ক্লান্ত হৈ পৰিছে মানুহ। আৰু সেইবাবেই বহুতেই বাদ দিছে কৰ্পৰেট চাকৰি। তেন্তে মানুহে কি কৰি আছে? আচলতে হঠাতে এটা ট্ৰেণ্ডৰ সৃষ্টি হৈছে। যদিও আমাৰ দেশত হোৱা নাই, বিশেষকৈ আমেৰিকাত দেখা গৈছে এই ট্ৰেণ্ড। এটা সংবাদ সংস্থাৰ মতে, ক’লৰাড’ৰ ২৮ বছৰীয়া কেচিডি অ’হেগানে পূৰ্বৰ কৰ্পৰেট চাকৰি এৰি বৰ্তমানৰ চাকৰিটো বাছি লৈছে। তেওঁ কি কৰে?
বৰ্তমান কেচিডি অ’হেগানৰ বাৰ্ষিক দৰমহা ২ লাখ ৫০ হাজাৰ ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ১৩.৩ কোটি টকা। তেওঁ আচলতে এটা কোটিপতি পৰিয়ালৰ আয়া হিচাপে কাম কৰে। আৰু এই চাকৰিটোৱে তেওঁৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে। এতিয়া তেওঁ প্ৰাইভেট জেটত পৃথিৱী ভ্ৰমণ কৰে। এছপেনৰ পৰা হেম্পটন, ডুবাই, মালদ্বীপ, ভাৰত; তেওঁ ক’ত ভ্ৰমণ কৰা নাই?
কৰ্পৰেটতকৈও সুবিধাবোৰ ভাল নেকি?
অ’হেগানে আগতে হেল্থকেয়াৰ চেলছৰ কাম কৰিছিল। তেওঁৰ বাৰ্ষিক আয় আছিল ৬৫ হাজাৰ ডলাৰ। অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৫৭ লাখ ৬৫ হাজাৰ টকা। কিন্তু কেইমাহমানৰ ভিতৰতে চাকৰি কৰি ভাগৰি পৰিল অ’হেগান আৰু চাকৰি এৰি দিয়ে। তেওঁ বিজনেছ ইনচাইডাৰক জনাইছে যে তেওঁৰ অৰ্থ’পেডিক হেল্থ চেলৰ চাকৰিটোৱে বৰ্তমানৰ চাকৰিৰ সুবিধাসমূহৰ সৈতে ফেৰ মাৰিব নোৱাৰে। এতিয়া তেওঁ স্বাস্থ্য বীমা পায়। অৱসৰ ল’লে তেওঁ লাভ কৰিব ৪ লাখ ডলাৰৰ বিশাল ভাট্টা। ইয়াৰ উপৰিও তেওঁ ব্যক্তিগত ৰান্ধনীৰ দ্বাৰা ৰন্ধা খাদ্য আৰু কামৰ বাবে বিশেষ পোছাক লাভ কৰে।
ধনী মানুহৰ চাহিদা, চাকৰিৰ বজাৰত হেঁচা
চেলিব্ৰিটি পাৰ্চনেল এচিষ্টেণ্ট নেটৱৰ্কৰ প্ৰতিষ্ঠাপক ব্রায়ান ডেনিয়েলে কয় যে ধনী পৰিয়ালত এনে ব্যক্তিগত সহায়কৰ চাহিদা এতিয়া আকাশলংঘী হৈছে। ২০০০ চনত বিশ্বত মাত্ৰ ৩২২ গৰাকী কোটিপতি আছিল যদিও এতিয়া সেই সংখ্যা ৩ হাজাৰতকৈও অধিক হৈছে। কেৱল আমেৰিকাত এনে কৰ্মচাৰী নিযুক্তিৰ বাবে প্ৰায় ১০০০টা পৃথক সংস্থা আছে। ডেনিয়েলে কয় যে এই চাকৰিটোৱে কৰ্মচাৰীসকলক ঘৰ, গাড়ী আৰু অৱসৰৰ পৰিকল্পনাও প্ৰদান কৰে।
কিন্তু এইটো সহজ কাম নহয়। ইয়াৰ বাবে বহুত শক্তি, নমনীয়তা আৰু গোপনীয়তাৰ প্ৰয়োজন। অ’হেগানে নিজেই স্বীকাৰ কৰিছে যে বন্ধৰ দিনত তেওঁ পৰিয়ালৰ পৰা আঁতৰি থাকিব লাগে। কিন্তু আৰ্থিক স্থিতিশীলতা আৰু ব্যক্তিগত সংযোগৰ বাবে বহু জেন জিয়ে এতিয়া পৰম্পৰাগত কেৰিয়াৰৰ বাহিৰৰ নতুন পথ বিচাৰিছে, য’ত বছৰি ৬ লাখ ডলাৰ উপাৰ্জন কৰাটো আৰ্থিক সফলতাৰ মাপকাঠী হিচাপে দেখা যায়। আৰু এই নতুন ধাৰাটোৱে কৰ্পৰেট জগতখনক প্ৰত্যাহ্বান জনাইছে।