Ambani Family Live at 27th Floor of Antilia: এন্টিলিয়াত ২৭ নম্বৰ মহলাত কিয় থাকে আম্বানী পৰিয়াল? নীতা আম্বানীয়ে জনালে কাৰণ

এন্টিলিয়া হৈছে আম্বানী পৰিয়ালৰ বিলাসী ঘৰ। কিন্তু আম্বানী পৰিয়ালে কেৱল ইয়াৰ ২৭ নং মহলাতহে থাকে। ইয়াৰ আঁৰৰ কাৰণ মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীয়ে এক সাক্ষাৎকাৰত উদঙাই দিয়ে।

Ambani Family Live at 27th Floor of Antilia: এন্টিলিয়াত ২৭ নম্বৰ মহলাত কিয় থাকে আম্বানী পৰিয়াল? নীতা আম্বানীয়ে জনালে কাৰণ

এন্টিলিয়াত ২৭ নম্বৰ মহলাত কিয় থাকে আম্বানী পৰিয়াল?

Published: 

24 Apr 2025 | 02:55 PM

ভাৰতৰ দ্বিতীয় ধনী ব্যক্তি মুকেশ আম্বানী। মুম্বাই চহৰৰ মাজমজিয়াত ওখকৈ থিয় হৈ আছে ২৭ মহলীয়া বিশাল অট্টালিকা এন্টিলিয়া। সেই অট্টালিকাটো হৈছে দেশৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ ঘৰ। ১৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ঘৰটোত আম্বানী পৰিয়ালে বাস কৰে।

খবৰ অনুসৰি এই সম্পত্তিটোত ৪৯টা শোৱা কোঠা, ১৬৮টা পাৰ্কিং স্থান, এটা বাথৰুম, এটা ৫০ খন আসনযুক্ত চিনেমা হল, বাগিচা, চুইমিং পুল, এটা স্বাস্থ্য কেন্দ্ৰ, স্পা চেলুন, এটা মন্দিৰ, আনকি এটা স্নো ৰুমও আছে! কিন্তু ইমানকেইটা মহলা থকাৰ পিছতো আম্বানী পৰিয়ালে ২৭ নম্বৰ থাকিবলৈ বাছি লৈছিল। কিন্তু কিয়?

এন্টিলিয়া ২৭ মহলীয়া বিলাসী ঘৰ, কিন্তু আম্বানী পৰিয়ালটো কেৱল ইয়াৰ ২৭ নং মহলাতহে থাকে। ইয়াৰ আঁৰৰ কাৰণ মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীয়ে এক সাক্ষাৎকাৰত উদঙাই দিয়ে।

নীতা আম্বানীয়ে সকলো কোঠাতে পৰ্যাপ্ত সূৰ্যৰ পোহৰ পৰাটো বিচাৰিছিল, পৰিয়ালটোৱে থকা প্ৰতিটো কোঠাতে সূৰ্যৰ পোহৰ আৰু বিশুদ্ধ বায়ু চলাচল কৰে। সেয়েহে তেওঁ ওপৰৰ অংশত থাকিবলৈ সিদ্ধান্ত লৈছিল। ইয়াৰ লগতে নীতা আম্বানীয়ে কয়, মুম্বাইৰ পথৰ হুলস্থুলৰ পৰা আঁতৰি থকাৰ সহজ উপায়। এই মহলালৈ অতি বিশেষ মানুহবোৰকহে যাবলৈ দিয়া হয়।

খবৰ অনুসৰি এন্টিলিয়াত ২৪ ঘণ্টাই বহু কৰ্মচাৰী উপস্থিত থাকে। ইয়াৰ ভিতৰত মালিক, ইলেক্ট্ৰিচিয়ান, নিৰাপত্তাৰক্ষী, প্লাম্বাৰ, চালক আৰু ৰান্ধনীৰ লগতে বহুকেইন কৰ্মী বাস কৰে। নীতা আম্বানীৰ মতে তেওঁৰ ঘৰৰ প্ৰতিজন কৰ্মচাৰীয়েই তেওঁৰ পৰিয়ালৰ সদস্যৰ দৰে। প্ৰায় ৪ লাখ বৰ্গফুটত নিৰ্মাণ কৰা হৈছে ‘এন্টিলিয়া’। এন্টিলিয়াৰ পৰা মুকলি আকাশ আৰু আৰব সাগৰৰ অতি সুন্দৰ দৃশ্য দেখা যায়। নীতা আম্বানীয়ে সাক্ষাৎকাৰত কৈছিল যে সকলো কৰ্মচাৰীকে তেওঁলোকৰ সামৰ্থ্য অনুসৰি দৰমহা দিয়া হয়। উল্লেখ্য যে, এন্টিলিয়াক ৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পলৈ কোনো ক্ষতি নকৰে।

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...