সোণ বা ৰূপৰ গহনা সদায় কিয় গুলপীয়া ৰঙৰ কাগজেৰে মেৰিয়াই বিক্ৰী কৰে?

Gold-Silver Jewellery: সোণ বা ৰূপৰ গহনা কিনিবলৈ গ’লে দেখা যায় যে গহনা বিক্ৰেতাসকলে গোলাপী কাগজেৰে মেৰিয়াই দিয়ে। গহনা দেখুৱাৰ সময়তো গুলপীয়া কাগজত দেখায়। এই কাগজখন কিয় ব্যৱহাৰ কৰে জানেনে?

সোণ বা ৰূপৰ গহনা সদায় কিয় গুলপীয়া ৰঙৰ কাগজেৰে মেৰিয়াই বিক্ৰী কৰে?
Published: 

29 Jan 2026 | 03:26 PM

বিয়া হওক বা আন যিকোনো শুভ অনুষ্ঠান হওক, বহুতে সোণৰ গহনা উপহাৰ দিয়ে। সোণৰ দাম বৃদ্ধি পোৱাৰ লগে লগে এতিয়া বহুতে সোণৰ সলনি ৰূপ ক্ৰয় কৰিছে। সোণ বা ৰূপৰ গহনা কিনিবলৈ গ’লে দেখা যায় যে গহনা বিক্ৰেতাই গোলাপী ৰঙৰ কাগজেৰে মেৰিয়াই দিয়ে। গহনা দেখুৱালেও সেই কাগজেই দেখুৱাই। এই গুলপীয়া কাগজখন কিয় ব্যৱহাৰ কৰে জানেনে?

সোণ-ৰূপৰ গহনা বিক্ৰী কৰিলেও গোলাপী কাগজেৰে মেৰিয়াই দিয়া হয়। ইয়াৰ আঁৰত কেইবাটাও কাৰণ আছে। সোণ আৰু ৰূপক গোলাপী কাগজত মেৰিয়াই দিয়াৰ পৰম্পৰাক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি পালন কৰি আহিছে সোণাৰীসকলে। সৰু সৰু দোকানৰ পৰা আৰম্ভ কৰি বৃহৎ গহনাৰ দোকানলৈকে সকলোতে এই প্ৰথা প্ৰচলিত।

মানসিক কাৰণ-

গোলাপী ৰঙৰ কাগজ ব্যৱহাৰ কৰাৰ আঁৰত এটা বিশেষ মানসিক কাৰণ আছে। গোলাপী ৰঙৰ এটা কোমল আৰু চকুত লগা ৰং। এই কাগজখনত ৰাখিলে সোণৰ প্ৰাকৃতিক হালধীয়া ৰং বৃদ্ধি পায়, যাৰ ফলত গহনাবোৰ অধিক মূল্যৱান আৰু আকৰ্ষণীয় হৈ পৰে। বিশেষজ্ঞসকলৰ মতে গোলাপী ৰঙে গ্ৰাহকৰ মানসিকতাৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলায়।

গুলাপীয়া কাগজখন সাধাৰণতে কোমল আৰু সোণ আৰু ৰূপৰ গহনাবোৰক আঁচোৰ বা ক্ষতিৰ পৰা ৰক্ষা কৰে। এই কাগজখনে  আৰ্দ্ৰতা, ঘামৰ পৰা ৰক্ষা কৰে। ফলত বহুদিনলৈ গহনাবোৰ নতুনৰ দৰে চিকচিকিয়া হৈ থাকে।

বিশ্বাস আৰু শুভকামনাৰ প্ৰতীক-

প্ৰাচীন বিশ্বাস অনুসৰি সোণ হৈছে লক্ষ্মী দেৱীৰ লগত জড়িত ধাতু। গোলাপী আৰু ৰঙা ৰং শুভ ৰং বুলি গণ্য কৰা হয় আৰু ই ধনাত্মক শক্তিৰ প্ৰতীক। এই কাৰণতে গোলাপী ৰঙৰ কাগজেৰে বান্ধে। এনে কাগজত মেৰিয়াই লোৱা সোণক শুভ আৰু নিৰাপদ বুলি গণ্য কৰা হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...