৫২ টকা দামৰ পেট্ৰ’ল আপুনি কিয় ৯৪ টকাত কিনিব লাগে জানেনে?

বৰ্তমান আপুনি ১ লিটাৰ পেট্ৰ'ল কিমান টকাত কিনে বাৰু? হয়তো ৯৪ টকা বা তাতকৈ বেছি দৰত আপুনি পেট্ৰ'ল ক্ৰয় কৰে। কিন্তু এক লিটাৰ পেট্ৰ’লৰ প্ৰকৃত মূল্য জনাৰ পিছত আপোনালোকৰ বেছিভাগেই হয়তো স্তম্ভিত হ’ব পাৰে।

৫২ টকা দামৰ পেট্ৰল আপুনি কিয় ৯৪ টকাত কিনিব লাগে জানেনে?

প্ৰতীকী ছবি

Published: 

08 Jul 2025 | 11:55 AM

পেট্ৰ’ল-ডিজেলৰ মূল্যক লৈ বিভিন্ন সময়ত বিভিন্ন চৰ্চা চলা দেখা যায়। বিশেষকৈ পেট্ৰ’লজাত ইন্ধনৰ দাম বৃদ্ধিয়ে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে। কিয়নো ইয়াৰ লগত জড়িত হৈ থাকে বহুকেইটা দিশ। নিজৰ মটৰ চাইকেলখনৰ পৰা মালবাহী বাহনসমূহলৈ, সকলোতে প্ৰয়োজন পেট্ৰ’পণ্যৰ। দাম বৃদ্ধিৰ লগে লগে আন বয়-বস্তুৰ দামতো ই প্ৰভাৱ পেলায়।

বৰ্তমান আপুনি ১ লিটাৰ পেট্ৰ’ল কিমান টকাত কিনে বাৰু? হয়তো ৯৪ টকা বা তাতকৈ বেছি দৰত আপুনি পেট্ৰ’ল ক্ৰয় কৰে। কিন্তু এক লিটাৰ পেট্ৰ’লৰ প্ৰকৃত মূল্য জনাৰ পিছত আপোনালোকৰ বেছিভাগেই হয়তো স্তম্ভিত হ’ব পাৰে। কাৰণ বহুতৰে হাতত ৫২ টকাৰ পেট্ৰ’ল ৯৪ টকাত বিক্ৰী হোৱাৰ কাৰণৰ সঠিক তথ্য নাথাকে। আজি আমি আপোনালোকক বিতং তথ্য জনাম, কিয় পেট্ৰ’ল পাম্পে ৫২ টকাৰ পেট্ৰ’ল ৯৪ টকাত বিক্ৰী কৰে।

কেৱল পেট্ৰ’ল নহয়, আজি আমি আপোনালোকক ডিজেলৰ প্ৰকৃত মূল্যৰ তথ্যও দিম, যাতে আপুনি এক লিটাৰ তেলৰ বাবে দিয়া ধনৰ ভিতৰত কি কি অন্তৰ্ভুক্ত সেয়া জানিব পাৰে।

১ লিটাৰ পেট্ৰ’লৰ সম্পূৰ্ণ হিচাপ

বৰ্তমান দিল্লীত এক লিটাৰ পেট্ৰ’লৰ মূল্য ৯৪.৭৭ টকা, এই হাৰত সাধাৰণ জনতাৰ বাবে পেট্ৰ’ল উপলব্ধ যদিও পেট্ৰ’লৰ প্ৰকৃত মূল্য মাত্ৰ ৫২.৮৩ টকা (ভিত্তি মূল্য)। এই ভিত্তি মূল্যৰ বাহিৰেও পেট্ৰ’লৰ মূল্যত আন বহুকেইটা অংশ যোগ কৰা হয়। যেনে পৰিবহন ব্যয় (প্ৰতি লিটাৰত ০.২৪ টকা), আবকাৰী শুল্ক (প্ৰতি লিটাৰত ২১.৯০ টকা), ডিলাৰ কমিচন (প্ৰতি লিটাৰত ৪.৪০ টকা) আৰু ভেট (প্ৰতি লিটাৰত ১৫.৪০ টকা)। এই সকলোবোৰ ৫২.৮৩ টকাৰ ভিত্তি মূল্যত যোগ হোৱাৰ বাবে আপোনালোকে দিল্লীত পেট্ৰ’লৰ বাবে প্ৰতি লিটাৰত ৯৪.৭৭ টকা খৰচ কৰিব লগা হয়।

১ লিটাৰ ডিজেলৰ সম্পূৰ্ণ হিচাপ

বৰ্তমান দিল্লীত এক লিটাৰ ডিজেলৰ বিনিময়ত আপোনাৰ পৰা ৮৭.৬৭ টকা লোৱা হয় যদিও ইয়াৰ প্ৰকৃত মূল্য ৫৩.৭৫ টকা (বেছ প্ৰাইচ)। ভিত্তি মূল্যৰ উপৰিও পৰিবহন ব্যয় (প্ৰতি লিটাৰত ০.২৬ টকা), ডিলাৰ কমিছন (প্ৰতি লিটাৰত ৩.০৩ টকা), আবকাৰী শুল্ক (প্ৰতি লিটাৰত ১৭.৮০ টকা) আৰু ভেট (প্ৰতি লিটাৰত ১২.৮৩ টকা) লোৱা হয়। এই সকলোবোৰ যোগ কৰাৰ পিছত দিল্লীত এক লিটাৰ ডিজেলৰ বিনিময়ত ৮৭.৬৭ টকা লোৱা হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...