ক্ৰেডিট কাৰ্ডৰ বাবে আপোনালৈও আহে নে ফোন? ফান্দ নে সুবিধা, কিয় ইমান জোৰ কৰে বেংকে!
ভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা সাধাৰণ লোকলৈ ক্ৰেডিট কাৰ্ডৰ বাবে আজিকালি ফোনকল অহা দেখা যায়। কিন্তু বেংকে কিয় ক্ৰেডিট কাৰ্ড ল’বলৈ গ্ৰাহকসকলে ইমান জোৰ দিয়ে! জানো আহক এই বিষয়ে।

ক্ৰেডিট কাৰ্ড (প্ৰতিনিধিত্বমূলক ছবি)
ক্ৰেডিট কাৰ্ডৰ বাবে আজিকালি প্ৰায় লোকলৈ দিনটোত বহুবাৰ ফোন আহে। পুৱাৰ পৰা নিশালৈ ক্ৰেডিট কাৰ্ড আগবঢ়াই বেংকৰ পৰা অহা ফোনকলে আপোনাকো হয়তো বিৰক্তি দিয়ে। অনিচ্ছা সত্বেও হয়তো ফোনটো তুলি লোৱাৰ লগে লগে শুনিবলৈ পোৱা যায়, “আপোনাৰ বাবে ক্ৰেডিট কাৰ্ডৰ এক অফাৰ আছে। আপুনি আগ্ৰহী নেকি?” ভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা সাধাৰণ লোকলৈ এইদৰে ফোনকল অহা দেখা যায়। অৱশ্যে সেইদৰে বৰ্তমান ভাৰতত ক্ৰেডিট কাৰ্ডৰ ধাৰা দ্ৰুতগতিত বৃদ্ধিও পাইছে।
এই ক্ৰেডিট কাৰ্ডৰ সহায়ত বহুলোকে বাজেটৰ বাহিৰতো পছন্দৰ সামগ্ৰী ক্ৰয় কৰিছে। ইয়াৰ পিছত টকা ঘূৰাই দিবলৈ হাতত নিৰ্দিষ্ট সময় লাভ কৰে। সময়মতে ধন পৰিশোধ কৰিলে কেছবেক আৰু অন্যান্য পুৰস্কাৰো লাভ কৰিব পাৰিব। এয়া হৈছে ক্ৰেডিট কাৰ্ডৰ পৰা গ্ৰাহকৰ লাভ। কিন্তু বেংকে কিয় ক্ৰেডিট কাৰ্ড ল’বলৈ গ্ৰাহকসকলে ইমান জোৰ দিয়ে!
ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি চলিত বৰ্ষৰ আৰম্ভণিতে দেশত মুঠ ১১ কোটিৰো অধিক ক্ৰেডিট কাৰ্ড প্ৰদান কৰা হৈছে। স্বাভাৱিকতেই বেংকে ইয়াৰ দ্বাৰা যথেষ্ট লাভ কৰিছে আৰু সেইবাবেই বৃহৎ হাৰত ক্ৰেডিট কাৰ্ড প্ৰদান কৰা হৈছে। এফালে বেংকে যিদৰে সুতৰ হাৰৰ পৰা লাভৱান হৈছে, তেনেদৰে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান বা প্ৰতিষ্ঠানেও ক্ৰেডিট কাৰ্ডৰ চাৰ্জ লয়।
ক্ৰেডিট কাৰ্ডৰ পৰা বেংক কিদৰে লাভৱান হয়?
ক্ৰেডিট কাৰ্ড এতিয়া কেৱল বেংকৰ বাবে আয়ৰ উৎসই নহয়, গ্ৰাহকৰ সংখ্যা বৃদ্ধিতো এক সহায়ক মাধ্যম। বেংকে ক্ৰেডিট কাৰ্ডৰ পৰা বিভিন্ন ধৰণেৰে ধন উপাৰ্জন কৰে। ধৰি লওক আপুনি ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কোনো সামগ্ৰী ক্ৰয় কৰিছে, কিন্তু সময়মতে ধন ঘূৰাই দিব নোৱাৰিলে। লগে লগে বেংকে উচ্চ হাৰত সুত লয়।
ইয়াৰ উপৰিও বাৰ্ষিক মাচুল, কাৰ্ড পুনৰ জাৰি কৰাৰ মাচুল, আদান-প্ৰদানৰ মাচুল আদিও সংগ্ৰহ কৰে বেংকে। ক্ৰেডিট কাৰ্ডৰ প্ৰতিটো লেনদেনৰ বাবে ব্যৱসায়ীৰ পৰা মাচুল লোৱা হয়। তথ্য অনুসৰি চলিত বৰ্ষৰ জানুৱাৰী মাহত ভাৰতত ক্ৰেডিট কাৰ্ডৰ ব্যয় ১০.৮ শতাংশ বৃদ্ধি পাইছে। ক্ৰেডিট কাৰ্ডৰ জৰিয়তে মুঠ ১,৮৪,০০০ কোটি টকা ব্যয় কৰা হৈছে।
বেংকে কেছবেক, ৰেহাই, আৰু ভাল ক্ৰেডিট স্ক’ৰৰ প্ৰলোভন দি ক্ৰেডিট কাৰ্ডৰ বাবে গ্ৰাহকক আকৰ্ষিত কৰে। ঋণ লোৱাৰ ক্ষেত্ৰত যিহেতু ক্ৰেডিট স্ক’ৰ ভাল হোৱাটো গুৰুত্বপূৰ্ণ, গতিকে বহুলোকে প্ৰয়োজন নহ’লেও ক্ৰেডিট কাৰ্ডত কোনো সামগ্ৰী ক্ৰয় কৰি লয়। বহুলোকে আকৌ ৰিৱাৰ্ড পইণ্ট আৰু কেছবেকৰ প্ৰলোভনত ক্ৰেডিট কাৰ্ড বাৰে বাৰে ব্যৱহাৰ কৰে।
কিন্তু এবাৰ এই ক্ৰেডিট কাৰ্ডৰ ফান্দত পৰিলে ইয়াৰ পৰা ওলাই অহাটো যথেষ্ট কঠিন হৈ পৰে। তেতিয়া উপাৰ্জনৰ তুলনাত গ্ৰাহকৰ খৰচ বেছি হৈ পৰাৰ শংকা থাকে। সহজ ভাষাত ক’বলৈ গ’লে বেংক ক্ৰেডিট কাৰ্ডৰ দ্বাৰা লাভৱান হ’লেও গ্ৰাহকসকল ফান্দত সোমাই পৰে। গতিকে বেংকে বাৰে বাৰে ফোন কৰিলেও আপুনি ভালদৰে বুজি লোৱাৰ পিছতহে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিব লাগে।