ভাৰতত কিয় বাৰে বাৰে UPI সমস্যাৰ সৃষ্টি কৰি আছে?

যোৱা ১৫ দিনত UPI ৰ ট্ৰেনজেকচন ডাউন হোৱাৰ আঁৰৰ কাৰণ হ’ল UPI ৰ লেনদেনৰ সংখ্যা হঠাতে বৃদ্ধি পোৱা। সাধাৰণতে এমাহত প্ৰায় ১৬০০ কোটি UPI লেনদেন হৈছে যদিও মাৰ্চ মাহৰ পৰা UPIৰ লেনদেন ১৮০০ কোটিতকৈও অধিকলৈ বৃদ্ধি পাইছে।

ভাৰতত কিয় বাৰে বাৰে UPI সমস্যাৰ সৃষ্টি কৰি আছে?

ভাৰতত কিয় বাৰে বাৰে UPI সমস্যাৰ সৃষ্টি কৰি আছে?

Published: 

15 Apr 2025 14:17 PM

২০১৬ চনৰ ১১ এপ্ৰিলৰ পৰা দেশত প্ৰথমে ইউ পি আই পেমেণ্টৰ সুবিধা আৰম্ভ হৈছিল, তাৰ পিছত ইয়াৰ ভৱিষ্যতক লৈ অনিশ্চয়তা আহিছিল যদিও সময়ৰ লগে লগে সাধাৰণ মানুহৰ মাজত ইউ পি আই জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পায়। ইয়াৰ ফলত বেছিভাগ মানুহেই নগদ ধন পকেটত ৰখা বন্ধ কৰি দিছে। ইউপিআই পেমেণ্টৰ ধাৰা বৃদ্ধিৰ কাৰণ হৈছে ক’ৰ’না মহামাৰী আৰু ছুইগি, জ’মেটো, আৰু ব্লিংকিটৰ দৰে তৎক্ষণাত ডেলিভাৰী এপৰ উত্থান।

ইউ পি আইৰ আগমনৰ লগে লগে লেনদেন নিঃসন্দেহে অতি সুবিধাজনক হৈ পৰিছে। যোৱা ১৫ দিনত UPI ৰ ট্ৰেনজেকচন ঘণ্টাৰ পিছত ঘণ্টা ডাউন হৈ পৰিছিল। এতিয়া ভাৰতক বিশ্বত বিখ্যাত কৰা ইউ পি আই পেমেণ্ট বাৰে বাৰে ক্ৰেচ হৈ আছে।

প্ৰতি ঘণ্টাত ২.৫ কোটিতকৈ অধিক ইউপিআই লেনদেন

দেশত ইউ পি আইৰ উন্মাদনা এইটোৱেই বুজিব পাৰি যে, প্ৰতি ঘণ্টাত ২.৫ কোটি ইউ পি আই লেনদেন হয়। ই ইমানেই নিৰ্ভৰযোগ্য যে দেশৰ ৯০ শতাংশ স্মাৰ্টফোনত কিছুমান ইউপিআই এপ ইনষ্টল কৰা হৈছে। যোৱা ১৫ দিনত Paytm, GPay, PhonePe ৰ দৰে বহু UPI এপ ক্ৰেচ হোৱাৰ ফলত এই সেৱাৰ ওপৰত বহু প্ৰশ্নৰ উত্থাপন হৈছে। ইয়াত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল, আমি পুনৰ পকেটত নগদ ধন ৰাখিবলৈ আৰম্ভ কৰিব লাগিব নেকি?

কিয় তললৈ নামিছে UPI সেৱা

যোৱা ১৫ দিনত ইউপিআইৰ ট্ৰানজেকচন ডাউন হোৱাৰ আঁৰৰ কাৰণ হ’ল ইউপিআইৰ লেনদেনৰ সংখ্যা হঠাতে বৃদ্ধি পোৱা। সাধাৰণতে এমাহত প্ৰায় ১৬০০ কোটি ইউপিআই লেনদেন হৈছে যদিও মাৰ্চ মাহৰ পৰা ইউপিআইৰ লেনদেন ১৮০০ কোটিতকৈও অধিকলৈ বৃদ্ধি পাইছে। ইকনমিক টাইমছৰ তথ্য অনুসৰি, আই পি এলৰ বাবে আজিকালি গেমিং এপত ইউ পি আইৰ লেনদেন বহু পৰিমাণে বৃদ্ধি পাইছে। চাৰ্ভাৰত বৃদ্ধি পোৱা লোডৰ বাবে সেৱা বন্ধ হৈ আছে।

পুৱা ১১:৩০ বজাৰ পৰা প্ৰায় ৩-৪ ঘণ্টা ধৰি বন্ধ থকা চাৰ্ভাৰত লোড বৃদ্ধিৰ বাবে সেৱা বন্ধ হৈ আছে। এই সময়ছোৱাত ডাউনডিটেক্টৰৰ মতে, সমস্যাৰ সন্মুখীন হোৱা প্ৰায় ৮১% লোকৰ পেমেণ্ট কৰাত সমস্যা হৈছিল, ১৭% লোকৰ ধন স্থানান্তৰ কৰাত সমস্যা হৈছিল আৰু প্ৰায় ২% লোকৰ ক্ৰয় কৰাত সমস্যা হৈছিল।

যদি আপোনাৰ পৰা পেমেণ্ট হয় আৰু ৰিচিভাৰৰ একাউণ্টলৈ নাযায়, তেন্তে আপোনাৰ বেংক একাউণ্টলৈ ঘূৰি আহিব। সাধাৰণতে কেইমিনিটমানৰ ভিতৰতে ই থিক হৈ যায়। সৰ্বাধিক ৭২ ঘণ্টা সময় লাগে। কোনো পইচা মাজত আবদ্ধ হৈ থাকি নাযায়।

অসমীয়া কেলেণ্ডাৰ মতে শাওণৰ সোমবাৰ কেতিয়া?
শিৱৰ প্ৰিয় ফুল কি জানেনে? অৰ্পন কৰক শাওণ মাহত, পাব সুফল...
মানি প্লাণ্ট নে স্নেক প্লাণ্ট, ঘৰত কোনবিধ গছ থাকিলে সোনকালে ধনৱান হ’ব আপুনি?
শাওনৰ সোমবাৰে মহিলাসকলে ভুলতো নকৰিব এই কাম, নহ'লে সৰ্বনাশ!